নিতি আয়োগ

নিটি আয়োগে শুভাৰম্ভ কৰিলে 'সম্পূৰ্ণতা অভিযান'

৫০০টা আকাংক্ষিত ব্লক আৰু ১১২খন আকাংক্ষিত জিলাৰ ১২টা মূল সামাজিক খণ্ডৰ সূচকত পৰিপূৰ্ণতা লাভৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে এই দেশজোৰা অভিযান

স্বাস্থ্য, পুষ্টি, কৃষি, সামাজিক উন্নয়ন, আৰু শিক্ষাৰ দৰে বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৪ জুলাই – ৩০ ছেপ্টেম্বৰ ২০২৪ৰ পৰা ৩ মাহৰ বাবে চলিছে এই অভিযান

Posted On: 04 JUL 2024 6:07PM by PIB Guwahati

সমগ্ৰ দেশৰ বিশাল সংখ্যক নাগৰিকৰ উল্লেখযোগ্য অংশগ্ৰহণেৰে  আজি নিটি আয়োগে ‘সম্পূৰ্ণতা অভিযান’ শীৰ্ষক এক বিশেষ অভিযানৰ শুভাৰম্ভ কৰে।  ১১২ খন আকাংক্ষিত জিলা আৰু ৫০০ খন আকাংক্ষিত ব্লকত এই অভিযানৰ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হয়। ২০২৪ চনৰ ৪ জুলাইৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে চলিবলগীয়াএই বিস্তৃত তিনিমাহৰ অভিযানৰ লক্ষ্য হৈছে সকলো আকাংক্ষিত জিলা আৰু ব্লকতে ১২টা মূল সামাজিক খণ্ডৰ সূচকৰ ক্ষেত্ৰত  ১০০% পৰিপূৰকতা লাভ কৰা। এই অভিযানৰ প্ৰথম দিনটোত জম্মু-কাশ্মীৰৰ পৰা আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জলৈকে লাখ লাখ জিলা তথা ব্লক পৰ্যায়ৰ বিষয়া, সন্মুখৰ শাৰীত থাকি কাম কৰা  কৰ্মী, বিভিন্ন সম্প্ৰদায়ৰ নেতা, স্থানীয় শিল্পী, ছাত্ৰ-ছাত্ৰী, আৰু স্থানীয় প্ৰতিনিধি (ব্লক প্ৰমুখ/গাওঁ প্ৰধান) আদিয়ে  উন্মোচনী অনুষ্ঠানৰ সাক্ষী হৈ ৰয়।

আকাংক্ষিত জিলা আৰু ব্লকসমূহে অভিযানৰ লক্ষ্য পূৰণৰ প্ৰতিশ্ৰুতি বহন কৰিব  আৰু চিনাক্ত কৰা  সূচকসমূহৰ সম্পূৰ্ণ পৰিপূৰ্ণতাৰ দিশত অগ্ৰগতি ত্বৰান্বিতকৰণেৰে ‘সম্পূৰ্ণতা প্ৰতিশ্ৰুতি’ৰ জৰিয়তে ইয়াৰ নীতিসমূহৰ পুনৰাবৃত্তি কৰিব। এয়া হ’ব  ‘সম্পূৰ্ণতা অভিযান’ৰ প্ৰতি দায়বদ্ধতাৰ এক প্ৰতিশ্ৰুতি  । এই কাৰ্যসূচীত অভিযানৰ মূল সূচকসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি মধ্যপ্ৰদেশৰ ৰাটলাম আৰু চিংগৰাউলীৰ দৰে স্থানত  শিবিৰৰ আয়োজন কৰা  হৈছে। একেদৰে উত্তৰাখণ্ডৰ উধম সিং নগৰ আৰু হাৰিয়ানাৰ নুহ জিলাৰ সদৰতো স্থানীয় লোকৰ অংশগ্ৰহণেৰে এই কাৰ্যসূচী আৰম্ভ কৰা হয়।

অন্ধ্ৰ প্ৰদেশৰ অন্নমায়্যা জিলাৰ কুৰাবালাকোটা মণ্ডলত আয়োজিত স্বাস্থ্য শিবিৰত স্থানীয় ৰাইজে অপৰিসীম উৎসাহেৰে অংশগ্ৰহণ কৰে। । উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ বানগাঁও ব্লক আৰু হিমাচল প্ৰদেশৰ কুল্লু জিলাৰ নিৰ্মণ্ড ব্লকত গৰ্ভৱতী মহিলা আৰু কণ কণ শিশুৰ বাবে পুষ্টিকৰ থলুৱা  খাদ্য প্ৰদৰ্শনৰ বাবে শতাধিক আশা আৰু অংগনবাড়ী কৰ্মী সমবেত হয়। ‘সম্পূৰ্ণতা অভিযান’ৰ অৰ্থে প্ৰস্তুত কৰা   নিৰ্দিষ্ট ছেলফি বুথত  ক্লিক কৰা হাঁহিভৰা মুখৰ ফটোবোৰে সকলোকে  আনন্দিত কৰি তুলিছে।  সম্পুৰ্ণতা অভিযানৰ মূল লক্ষ্য হৈছে সামাজিক উন্নয়নৰ সূচক আৰু ইয়াৰ লক্ষ্যৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰা। অন্ধ্ৰপ্ৰদেশৰ পাৰ্বতীপুৰমৰ মনিয়ম ভামিনী ব্লকত স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু এন চি চি কেডেটসকলে একত্ৰিত  এই  অভিযানত অংশগ্ৰহণ কৰে।  হাৰিয়ানাৰ চৰখী দাদ্ৰীৰ ব্লক বধৰাত শিশুসকলে  চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এই অনন্য কাৰ্যসূচীত সহযোগিতা আগবঢ়ায়। এই অভিযানৰ উন্মোচনৰ আন আন দিশসমূহৰ ভিতৰত আছিল সাংস্কৃতিক অনুষ্ঠান, নাটক আদি, পৌষ্টিক আহাৰ মেলা,প্ৰদৰ্শনী ষ্টল, মাটিৰ স্বাস্থ্য কাৰ্ড বিতৰণ ইত্যাদি।

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহেও সম্পূৰ্ণ সহৃদয়তাৰে এই অভিযানৰ শুভাৰম্ভনি কাৰ্যসূচীত  অংশগ্ৰহণ কৰে। অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ চৌখাম ব্লকত অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী চৌনা মেইনে সম্পুৰ্ণতা অভিযানৰ শুভাৰম্ভ কৰে। নাগালেণ্ডৰ কিফিৰেত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানত বিধানসভাৰ সদস্য শ্ৰী চি কিপ্লি সংগতমে উৎসাহী ভাষণেৰে কাৰ্যসূচীৰ আৰম্ভনি কৰে।  একেদৰে মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ লমকা চাউথ ব্লকত আৰম্ভ হোৱা কাৰ্যসূচীত  ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ  বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়।

৩ মাহজোৰা ‘সম্পূৰ্ণতা অভিযান’ৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা ব্লক বিষয়াসকলে গ্ৰাম সভা,  নাটক, পৌষ্টিক আহাৰ মেলা, স্বাস্থ্য শিবিৰ, আই চি ডি এছ শিবিৰ, সজাগতা সমদল আৰু ৰেলী, প্ৰদৰ্শনী আদি সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰিব।

অভিযান’ৰ ১০০%  সফলতাৰ বাবে ১২ টা বিষয়ত পোষ্টাৰ প্ৰস্তুতকৰণ  আৰু কবিতা প্ৰতিযোগিতা আদিও  সকলো আকাংক্ষিত ব্লক আৰু জিলাত আয়োজন কৰা হ’ব।

নিটি আয়োগৰ বিষয়া আৰু যুৱ পেছাদাৰীসকলে ৩০০ খন জিলাত ব্যক্তিগতভাৱে মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি স্থানীয় প্ৰশাসনক অভিযানটো ফলপ্ৰসূভাৱে আয়োজন আৰু কাৰ্যকৰী কৰাত পথ প্ৰদৰ্শন তথা  সমৰ্থন আগবঢ়াইছে। সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগ, তথা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰ সহযোগিতাই এই অভিযানৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰচেষ্টাক শক্তিশালী কৰিব। লগতে এই অভিযানে  আৰ্থ-সামাজিক উন্নয়ন নিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক তথা সমবায়ৰ  মনোভাৱো শক্তিশালী কৰিব বুলি আশা কৰা হৈছে ।

 'সম্পূৰ্ণতা অভিযান'ৰ কেন্দ্ৰীয় বিষয়সমূহ :

আকাংক্ষিত ব্লকসমূহৰ মূল উন্নয়নৰ সূচকসমূহ:

১) প্ৰথম ত্ৰৈমাসিকৰ ভিতৰত প্ৰসৱৰ পূৰ্বে যত্নৰ বাবে পঞ্জীয়ন কৰা গৰ্ভৱতী মহিলাৰ শতকৰা হাৰ;

২) ব্লকটোত সামৰি লোৱা জনসংখ্যাৰ বিপৰীতে ডায়েবেটিছৰ পৰীক্ষা কৰা ব্যক্তিৰ শতকৰা হাৰ;

৩) ব্লকত সামৰি লোৱা জনসংখ্যাৰ বিপৰীতে উচ্চ ৰক্তচাপৰ বাবে পৰীক্ষা কৰা ব্যক্তিৰ শতকৰা হাৰ;

৪) আইচিডিএছ কাৰ্যসূচীৰ অধীনত নিয়মিতভাৱে পৰিপূৰক পুষ্টি গ্ৰহণ কৰা গৰ্ভৱতী মহিলাৰ শতকৰা হাৰ;

৫) মাটিৰ নমুনা সংগ্ৰহৰ লক্ষ্যৰ বিপৰীতে সৃষ্টি হোৱা মাটিৰ স্বাস্থ্য কাৰ্ডৰ শতাংশ হাৰ আৰু

৬) ব্লকটোৰ মুঠ আত্ম সহায়ক গোটৰ বিপৰীতে ঘূৰ্ণনীয় পুঁজি লাভ কৰা গোটসমূহৰ  শতকৰা হাৰ

 

আকাংক্ষিত জিলাসমূহৰ মূল উন্নয়নৰ সূচকসমূহ:

১) প্ৰথম ত্ৰৈমাসিকৰ ভিতৰত প্ৰসৱৰ পূৰ্বে যত্নৰ বাবে পঞ্জীয়ন কৰা গৰ্ভৱতী মহিলাৰ শতকৰা হাৰ;

২) আইচিডিএছ কাৰ্যসূচীৰ অধীনত নিয়মিতভাৱে পৰিপূৰক পুষ্টি গ্ৰহণ কৰা গৰ্ভৱতী মহিলাৰ শতকৰা হাৰ;

৩) সম্পূৰ্ণ প্ৰতিষেধক লোৱা শিশুৰ শতকৰা হাৰ (৯-১১ মাহ) (BCG+DPT3+OPV3+Measles 1);

৪/ বিতৰণ কৰা মাটিৰ স্বাস্থ্য কাৰ্ডৰ সংখ্যা;

৫) মাধ্যমিক পৰ্যায়ত  সক্ৰিয় অৱস্থাত বিদ্যুৎ থকা বিদ্যালয়ৰ শতকৰা হাৰ; আৰু

৬) শৈক্ষিক অধিবেশন আৰম্ভ হোৱাৰ এমাহৰ ভিতৰত শিশুক পাঠ্যপুথি প্ৰদান কৰা বিদ্যালয়ৰ শতকৰা হাৰ

 

*****



(Release ID: 2030852) Visitor Counter : 59