নৌ-পৰিবহন মন্ত্ৰালয়

ডিব্ৰুগড়ৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন শ্ৰী সৰ্বানন্দ সোণোৱালৰ

শ্ৰী সোণোৱালে ডিব্ৰুগড় চহৰৰ নগৰাঞ্চলত প্ৰভাৱ পেলোৱা আকস্মিক বানৰ পৰ্যালোচনা কৰে; গ্ৰাহাম বজাৰ, এ টি ৰোড, এইচ এছ ৰোড, আৰ কে বি পথ, মানকোটা ৰোড, থানা চাৰিআলি, ঝালুকপাৰা পৰিদৰ্শন কৰে

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্তসকলৰ বাবে সাহায্যৰ পৰ্যালোচনা কৰে; টেঙাখাতৰ সাহায্য শিবিৰত বানপীড়িত লোকসকলক সাক্ষাৎ কৰে; হাতীবন্ধা আৰু টেঙাখাতৰ মথাউৰি স্থানসমূহ পৰিদৰ্শন কৰে

শ্ৰী সোণোৱালে জিলা প্ৰশাসনক বানপীড়িত লোকসকলক সাহায্য সামগ্ৰী শীঘ্ৰে বিতৰণ কৰিবলৈ নিৰ্দেশ দিয়ে

Posted On: 03 JUL 2024 7:37PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে বৃহত্তৰ ডিব্ৰুগড় অঞ্চলত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয় আৰু বানপীড়িত লোকসকলৰ সুবিধাৰ বাবে চৰকাৰে হাতত লোৱা সাহায্য অভিযানৰ পৰ্যালোচনা কৰে। শ্ৰী সোণোৱালে গ্ৰাহাম বজাৰ, এ টি ৰোড, এইচ এছ ৰোড, আৰ কে বি পথ, মানকোটা ৰোড, থানা চাৰিআলি, ঝালুকপাৰাকে ধৰি ডিব্ৰুগড় চহৰৰ বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। তেওঁ টেঙাখাত আৰু হাতীবন্ধাত মথাউৰি স্থানসমূহো পৰিদৰ্শন কৰে।

                                                                      

আজি টেঙাখাতৰ বানাপীড়িত লোকসকলৰ সাহায্য শিবিৰ পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। তেওঁ বানপীড়িত লোকসকলৰ সৈতে বাৰ্তালাপ কৰি বানৰ ফলত হোৱা ক্ষয়ক্ষতিৰ বুজ লয়। শ্ৰী সোণোৱালে জিলা উপায়ুক্তক আশ্ৰয় শিবিৰসমূহত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ আৰু ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধৰ ব্যৱস্থা ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দি শিবিৰসমূহত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে বৃদ্ধ, মহিলা, শিশুসকলক বিশেষ মনোযোগ দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

                                                                       

 

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বানপীড়িতসকলক সাহায্যৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা ক্ষিপ্ৰ কৰাৰ লগতে সাহায্য আৰু উদ্ধাৰ অভিযান তীব্ৰতৰ কৰিবলৈও বিষয়াসকলক নিৰ্দেশ দিয়ে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ ভিতৰৰ বিভিন্ন স্থানত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমণ বাহিনী (এনডিআৰএফ), ৰাজ্যিক দুৰ্যোগ প্ৰশমণ বাহিনী (এছডিআৰএফ), ভাৰতীয় সেনা, ভাৰতীয় বায়ুসেনাই জিলা প্ৰশাসনৰ সৈতে যৌথভাৱে সাহায্য আৰু উদ্ধাৰ অভিযান চলাইছে।

 

                                                                      

পৰিস্থিতি সন্দৰ্ভত শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, ‘ডিব্ৰুগড়, তিনিচুকীয়াৰ লগতে অসমৰ আন বহু প্ৰান্তত বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাত ই এক গুৰুতৰ উদ্বেগৰ বিষয় হৈ পৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়েও এই পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি নিয়মীয়াকৈ খবৰ লৈছে। এই প্ৰাকৃতিক দুৰ্যোগৰ বিৰুদ্ধে যুঁজিবলৈ কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰে একত্ৰিত হৈ বানাক্ৰান্ত লোকসকলক সাহায্য প্ৰদানৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰে এই বানত মানুহে সামগ্রী হেৰুৱাৰ বাবেও আৰ্থিক সকাহ দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিব। মই মথাউৰি মেৰামতি আৰু নিৰ্মাণৰ ক্ষেত্ৰতো জৰুৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিছো।”

 

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন; তিনিচুকীয়া সমষ্টিৰ বিধায়ক তেৰছ গোৱালা; অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা; জিলা উপায়ুক্ত বিক্ৰম কৈৰী, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ শইকাত পাত্ৰ; ডিব্ৰুগড়ৰ উপ-মেয়ৰ আৰু  বিজেপিৰ জিলা সভাপতি উজ্জ্বল কাশ্যপ আদি উপস্থিত থাকে ।

 

*****

MJPS/AA



(Release ID: 2030536) Visitor Counter : 19


Read this release in: English , Urdu , Hindi , Tamil