প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে শ্ৰী নাদপ্ৰভু কেম্পেগৌড়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

प्रविष्टि तिथि: 27 JUN 2024 3:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী নাদপ্ৰভু কেম্পেগৌড়াৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে শ্ৰী নাদপ্ৰভু কেম্পেগৌড়াই অৰ্থনৈতিক কল্যাণ, কৃষি, জলসিঞ্চন আৰু আন আন ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে;

"শ্ৰী নাদপ্ৰভু কেম্পেগৌড়াৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনাইছো। তেওঁ এজন দূৰদৰ্শী ব্যক্তি আছিল। দূৰদৰ্শিতা আৰু প্ৰশাসনিক দক্ষতাৰ বাবে তেওঁ জনাজাত আছিল। অৰ্থনৈতিক কল্যাণ, কৃষি, জলসিঞ্চন আৰু আন আন ক্ষেত্ৰৰ বৃদ্ধিত তেওঁ এগৰাকী অগ্ৰণী ব্যক্তি আছিল। তেওঁ গঢ়ি তোলা চহৰ বেংগালুৰু ইয়াৰ গতিশীলতা, জীৱন্ততা আৰু উদ্ভাৱনৰ বাবে বিশ্বব্যাপী প্ৰশংসিত। আমাৰ চৰকাৰে সমাজৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী পূৰণ কৰিবলৈ আৰু তেওঁ পালন কৰা মূল্যবোধবোৰ বজাই ৰাখিবলৈ কাম কৰি থাকিব। ২০২২ চনত তেওঁৰ সন্মানাৰ্থে উদ্বোধন কৰা 'সমৃদ্ধিৰ প্ৰতিমূৰ্তি'ৰ ফটো শ্বেয়াৰ কৰিছো।"

***

DS/ST/MK/AT
 


(रिलीज़ आईडी: 2029045) आगंतुक पटल : 91
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Hindi_MP , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam