তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

‘মেৰিটাইম মুম্বাই মিউজিয়াম ছোচাইটী’ সংকলিত আৰু ‘প্ৰকাশন বিভাগ’-ৰ দ্বাৰা প্ৰকাশিত 'গেটৱেজ টু দ্য চী: হিষ্ট’ৰিক প’ৰ্টছ এণ্ড ডকচ অব মুম্বাই ৰিজিয়ন' শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে মহাৰাষ্ট্ৰৰ ৰাজ্যপালে

Posted On: 24 JUN 2024 3:47PM by PIB Guwahati

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ৰমেশ বাইছে ২২ জুন, ২০২৪ (শনিবাৰে)ৰাজভৱন মুম্বাইত 'গেটৱেজ টু দ্য চী: হিষ্ট’ৰিক প’ৰ্টছ এণ্ড ডকচ অব মুম্বাই ৰিজিয়ন' শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰে। গ্ৰন্থখন ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ‘প্ৰকাশন বিভাগ’-য়ে প্ৰকাশ কৰিছে। ইয়াত প্ৰখ্যাত লেখকসকলৰ ১৮ টা প্ৰবন্ধ আছে, গ্ৰন্থখন ‘মেৰিটাইম মুম্বাই মিউজিয়াম ছোচাইটী’ (এমএমএমএছ)ৰ দ্বাৰা সংকলিত কৰা হৈছে।

অনুষ্ঠানৰ আৰম্ভণিতে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ৰমেশ বাইছে ‘এমএমএমএছ’ আৰু ১৭ গৰাকী লেখক তথা দুগৰাকী সম্পাদকক সম্বৰ্ধনা জনায়। তেওঁ মুম্বাইৰ নাগৰিকসকলক তেওঁলোকৰ প্ৰাচীন সামুদ্ৰিক ইতিহাসৰ বিষয়ে জানিবলৈ উৎসাহিত কৰে। ‘এছিয়াটিক ছোচাইটী’-ৰ সহযোগত ‘প্ৰকাশন বিভাগ’ৰ দ্বাৰা ৰাজভৱনৰ ‘দৰবাৰ হল’ত গ্ৰন্থখন উন্মোচন কৰা হয়। আমন্ত্ৰণকাৰীসকলৰ ভিতৰত বুৰঞ্জীবিদ আৰু ইতিহাসৰ উৎসাহীসকল অন্তৰ্ভুক্ত আছিল।        

‘এমএমএমএছ’-ৰ দ্বাৰা সংকলিত এই গ্ৰন্থখন হৈছে মুম্বাই অঞ্চলৰ বিভিন্ন বন্দৰ আৰু পোতাশ্ৰয় যেনে সোপাৰা, ভাচাই, ভাৰছোভা, মাহিম, কল্যাণ, থানে, পানভেল, আলিবাগ, চৌল, মান্দাদ আৰু জঞ্জিৰাৰ ইতিহাস সন্দৰ্ভত কৰ্তৃত্বশীল প্ৰবন্ধৰ সংকলন। বুৰঞ্জীবিদ, গৱেষক, সামুদ্ৰিক বিশেষজ্ঞ, সংৰক্ষণ স্থপতিবিদ আৰু লেখকসকলে ১৮ টা অধ্যায়ত অৱদান আগবঢ়াইছে। ওপৰত উল্লেখ কৰা প্ৰাচীন বন্দৰসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত এই গ্ৰন্থখনৰ প্ৰকাশ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি আৰু ইয়াত মাজাগাঁও পোতাশ্ৰয়, মুম্বাই বন্দৰ, বোম্বাই পোতাশ্ৰয়, চাচুন পোতাশ্ৰয় আৰু ‘ভৌচা ঢক্কা’ বুলি কোৱা ‘নৌকা ঘাট’কে ধৰি মুম্বাইৰ আধুনিক বন্দৰ আৰু পোতাশ্ৰয়সমূহৰ বিকাশ গাঁথাকো সামৰি লোৱা হৈছে।

‘মেৰিটাইম মুম্বাই মিউজিয়াম ছোচাইটী’-ৰ সভাপতি কেপ্টেইন কে ডি বহল, ‘ভাইচ এডমিৰেল’ (অৱসৰপ্ৰাপ্ত) ইন্দ্ৰশীল ৰাও, সম্পাদক ড০ শেফালী শ্বাহ, উপ-সভাপতি অনিতা য়েৱালে, ‘প্ৰকাশন বিভাগ’-ৰ উপ-সঞ্চালক সংগীতা গড়বোলে আৰু অৱদান আগবঢ়োৱা লেখকসকল অনুষ্ঠানটোত উপস্থিত আছিল।

 

* * *

PIB Mumbai | SC/ DR/KB



(Release ID: 2028638) Visitor Counter : 15