গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে প্ৰিক্স ভাৰ্চাইল সংগ্ৰহালয় ২০২৪ৰ বাবে সন্মানীয় বিশ্ব নিৰ্বাচনত স্থান পোৱা কচ্চৰ স্মৃতিবনৰ প্ৰশংসা কৰে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কল্পনা কৰা স্মৃতিবন হৈছে ২০০১ চনত হোৱা বিধ্বংসী ভূমিকম্পত আমি হেৰুৱা লোকসকলৰ স্মৃতি সংৰক্ষণ কৰা এক সংগ্ৰহালয়ঃ শ্ৰী অমিত শ্বাহ
প্ৰিক্স ভাৰ্চাইল সংগ্ৰহালয় ২০২৪ৰ বাবে বিশ্ব নিৰ্বাচনত ইয়াৰ অন্তৰ্ভুক্তিয়ে তেওঁলোকৰ স্মৃতিৰ সুগন্ধি বিশ্বজুৰি বিয়পাই দিব
प्रविष्टि तिथि:
15 JUN 2024 8:34PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে প্ৰিক্স ভাৰ্চাইল সংগ্ৰহালয় ২০২৪ৰ বাবে সন্মানীয় বিশ্ব নিৰ্বাচনত স্থান পোৱা কচ্চৰ স্মৃতিবনক প্ৰশংসা কৰে।
টুইটাৰৰ এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয় যে “প্ৰিক্স ভাৰ্চাইল সংগ্ৰহালয় ২০২৪ৰ বাবে প্ৰতিষ্ঠিত বিশ্ব নিৰ্বাচনত কচ্চৰ স্মৃতিবনে স্থান পোৱাটো আমাৰ সকলোৰে বাবে এক মৰ্মস্পৰ্শী মুহূৰ্ত। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কল্পনা কৰা স্মৃতিবন ২০০১ চনত হোৱা বিধ্বংসী ভূমিকম্পত আমি হেৰুৱা লোকসকলৰ স্মৃতি সংৰক্ষণ কৰা এটা সংগ্ৰহালয়। ২০২৪ চনৰ প্ৰিক্স ভাৰ্চাইল সংগ্ৰহালয়ৰ বাবে বিশ্ব নিৰ্বাচনত ইয়াৰ অন্তৰ্ভুক্তিয়ে তেওঁলোকৰ স্মৃতিৰ সুগন্ধি বিশ্বজুৰি বিয়পাই দিব।”
কচ্চৰ স্মৃতিবনে প্ৰিক্স ভাৰ্চাইল সংগ্ৰহালয় ২০২৪ৰ বাবে সন্মানীয় বিশ্ব নিৰ্বাচনত স্থান পোৱাটো আমাৰ সকলোৰে বাবে ই এক মৰ্মস্পৰ্শী মুহূৰ্ত।
*****
RK / VV / RR / PS/DB
(रिलीज़ आईडी: 2025746)
आगंतुक पटल : 98