তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

শ্ৰী অশ্বিনী বৈষ্ণৱে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে

জনসাধাৰণৰ সেৱা কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ, দৰিদ্ৰসকলৰ বাবে সমৰ্পিত কেবিনেটৰ প্ৰথমটো সিদ্ধান্ত: শ্ৰী বৈষ্ণৱ

Posted On: 11 JUN 2024 11:41AM by PIB Guwahati

শ্ৰী অশ্বিনী বৈষ্ণৱে আজি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰে। অনুষ্ঠানত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি শ্ৰী বৈষ্ণৱে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ দৰিদ্ৰ লোকসকলৰ উন্নতিৰ বাবে সমৰ্পিত। মন্ত্ৰীগৰাকীয়ে ৩ কোটি গ্ৰাম্য আৰু নগৰীয়া গৃহ নিৰ্মাণৰ বাবে কালি কেবিনেটে লোৱা সিদ্ধান্তৰ কথা দোহাৰে আৰু কয় যে চৰকাৰৰ প্ৰথম দিনা কেবিনেটৰ প্ৰথমটো সিদ্ধান্ত দৰিদ্ৰ লোকসকলৰ সৱলীকৰণৰ বাবে সমৰ্পিত। তেওঁ লগতে কয় যে চৰকাৰে দেশৰ জনসাধাৰণৰ সেৱা অব্যাহত ৰাখিব।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী হিচাপে কাম কৰাৰ এই সুযোগ দিয়াৰ বাবে প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে।

শ্ৰী বৈষ্ণৱক মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জজু আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ লগতে মন্ত্ৰালয়ৰ মিডিয়া গোটৰ সদস্যসকলে আদৰণি জনায়।

*****

Pragya Paliwal Gaur/Saurabh Singh/KB



(Release ID: 2023975) Visitor Counter : 67