প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নতুন চৰকাৰৰ প্ৰথম সিদ্ধান্তত কৃষক কল্যাণৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা প্ৰদৰ্শন

প্ৰধানমন্ত্ৰীয়ে পিএম কিষাণ নিধি মুকলিৰে সম্পৰ্কীয় প্ৰথমটো ফাইলত স্বাক্ষৰ কৰিলে

কৃষকৰ কল্যাণ সাধনৰ প্ৰতি আমাৰ চৰকাৰ পূৰ্ণ দায়বদ্ধ। সেয়েহে, দায়িত্ব গ্ৰহণ কৰিয়েই স্বাক্ষৰ কৰা প্ৰথমটো ফাইল কৃষক কল্যাণৰে সম্পৰ্কীয় হোৱাটো সঠিক হৈছেঃ প্ৰধানমন্ত্ৰী

আমি আগন্তুক সময়ত কৃষক আৰু কৃষি খণ্ডৰ বাবে অধিক কাম কৰিব খুজোঁঃ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 10 JUN 2024 12:06PM by PIB Guwahati

তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পিএম কিষাণ নিধিৰ ১৭ সংখ্যক কিস্তি মুকলিত অনুমোদন জনোৱা প্ৰথমটো ফাইলত স্বাক্ষৰ কৰে। ইয়াৰ জৰিয়তে ৯.৩ কোটি কৃষক উপকৃত হ’ব আৰু প্ৰায় ২০,০০০ কোটি টকা বিতৰণ কৰা হ’ব।

ফাইলত স্বাক্ষৰৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “কৃষকৰ কল্যাণ সাধনৰ প্ৰতি আমাৰ চৰকাৰ পূৰ্ণ দায়বদ্ধ। সেয়েহে, দায়িত্ব গ্ৰহণ কৰিয়েই স্বাক্ষৰ কৰা প্ৰথমটো ফাইল কৃষক কল্যাণৰে সম্পৰ্কীয় হোৱাটো সঠিক হৈছে। আমি আগন্তুক সময়ত কৃষক আৰু কৃষি খণ্ডৰ বাবে অধিক কাম কৰিব খুজোঁ।“

***

DS/SR/SB
 


(रिलीज़ आईडी: 2023702) आगंतुक पटल : 160
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Khasi , Urdu , हिन्दी , Hindi_MP , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam