জল শক্তি মন্ত্ৰালয়
জল শক্তি মন্ত্ৰালয়ে ‘গণ সংযোগ ইন্টাৰ্ণশ্বিপ কাৰ্যসূচী’ ঘোষণা কৰিছে
পোষ্ট কৰা হৈছে:
31 MAY 2024 1:07PM by PIB Guwahati
জল শক্তি মন্ত্ৰালয়ৰ অধীনস্থ জল সম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱিতকৰণ বিভাগ (ডিঅ'ডব্লিউআৰ, আৰডি, জিআৰ)য়ে এক ‘গণ সংযোগ ইন্টাৰ্ণশ্বিপ কাৰ্যসূচী’ ঘোষণা কৰিছে। এই কাৰ্যক্ৰমত স্নাতক/স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থী বা ভাৰতৰ গণ সংযোগ ক্ষেত্ৰৰ স্বীকৃত বিশ্ববিদ্যালয়/প্ৰতিষ্ঠানত গৱেষণাৰ বাবে নামভৰ্তি কৰা শিক্ষাৰ্থীসকলক ‘অনিবাৰ্য নিবাসী সেৱক’ অথবা ‘ইণ্টাৰ্ন’ হিচাপে নিয়োজিত কৰিব বিচৰা হৈছে।
‘ইণ্টাৰ্নশ্বিপ কাৰ্যসূচী’ৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলক সংবাদ মাধ্যম/সামাজিক মাধ্যমৰ কাৰ্যকলাপৰ সৈতে সম্পৰ্কিত বিভাগৰ কাম-কাজত জড়িত কৰি ‘হ্ৰস্বকালীন প্ৰশিক্ষণ’ৰ সুযোগ প্ৰদান কৰা হ’ব। যি সকল শিক্ষাৰ্থীয়ে গণ সংযোগ বা সাংবাদিকতা বা সম্পৰ্কিত ক্ষেত্ৰত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছে বা যিসকল শিক্ষাৰ্থীয়ে যিকোনো স্বীকৃত মহাবিদ্যালয়/বিশ্ববিদ্যালয়ৰ পৰা উপৰোক্ত ক্ষেত্ৰত তেওঁলোকৰ স্নাতকোত্তৰ বা ডিপ্লোমা (গণসংযোগ বা সম্পৰ্কিত ক্ষেত্ৰত স্নাতক সম্পূৰ্ণ হোৱা সাপেক্ষে) কৰি থকা শিক্ষাৰ্থীসকল নিৰ্দেশনাৱলীত উল্লেখ কৰা চৰ্তাৱলী সাপেক্ষে এই কাৰ্যসূচীৰ বাবে যোগ্য বিবেচিত হ’ব।
‘ইণ্টাৰ্নশ্বিপ’ৰ ম্যাদ ছমাহৰ পৰা ন মাহৰ হ'ব। ‘ইণ্টাৰ্নশ্বিপ’ কাৰ্যসূচী সফলতাৰে সম্পূৰ্ণ কৰাৰ পিছত নিৰ্বাচিত প্ৰশিক্ষাৰ্থীসকলক প্ৰতি মাহে ১৫,০০০/- টকাৰ মাননী আৰু ‘ইণ্টাৰ্নশ্বিপ’ৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব। আবেদন কৰাৰ অন্তিম তাৰিখ হৈছে ২৯ জুন, ২০২৪। ‘ইণ্টাৰ্নশ্বিপ’-ৰ বাবে আৱেদন কৰিবলৈ আগ্ৰহীসকলে কেৱল ‘অনলাইন প্ৰপত্ৰ’ৰ জৰিয়তে আবেদন কৰিব পাৰিব, যি https://mowr.nic.in/internship/ ত উপলব্ধ হ’ব। অন্যান্য বিৱৰণৰ বাবে: https://jalshakti-dowr.gov.in/ ৰ সহায় ল’ব পাৰিব।
.
*****
VM/KB
(ৰিলিজ আই ডি : 2022296)
অতিথি কক্ষ : 167