ভাৰতীয় নিৰ্বাচন আয়োগ

‘ষষ্ঠ পৰ্যায়’ত ৮ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৮টা সংসদীয় সমষ্টিত শান্তিপূৰ্ণভাবে ভোটগ্ৰহণ পৰ্ব সম্পন্ন

ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনত সন্ধিয়া ৭:৪৫ বজা পৰ্যন্ত ভোটদানৰ হাৰ হৈছে ৫৯.০৬%

অনন্তনাগ-ৰাজৌৰীয়ে সন্ধিয়া ৭:৪৫ বজা পৰ্যন্ত ৫২.২৮% ভোটদানৰ তথ্য নথিভুক্ত হৈছে, এই হাৰ বহু দশকৰ ভিতৰতে সৰ্বাধিক

‘সাধাৰণ নিৰ্বাচন ২৪’-ৰ বাবে ২৮ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল ৪৮৬টা সংসদীয় সমষ্টি আৰু উৰিষ্যাৰ ১০৫ টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ সম্পূৰ্ণ হ’ল

Posted On: 25 MAY 2024 8:13PM by PIB Guwahati

‘সাধাৰণ নিৰ্বাচন ২০২৪’ৰ ‘ষষ্ঠ পৰ্যায়’ত ৫৮টা সংসদীয় সমষ্টিত অনুষ্ঠিত হোৱা নিৰ্বাচনত সন্ধিয়া ৭:৪৫ বজা পৰ্যন্ত প্ৰায় ৫৯.০৬% ভোটদান সম্পন্ন হয়। দেশৰ কেতবোৰ ঠাইত প্ৰচণ্ড গৰমে জনজীৱনক ব্যতিবস্ত কৰা স্বত্বেও ভোটাৰসকলে তেওঁলোকৰ উৎসাহত অবিচলিত হৈ থাকি দেশৰ প্ৰান্তে প্ৰান্তে ভোটদানৰ বাবে ধৈৰ্য্যসহকাৰে শাৰী পাতি থকা দেখা গৈছিল। ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ নিৰ্ধাৰিত সময়ৰ পিচতো বহু সংখ্যক ভোটকেন্দ্ৰত অসংখ্য ভোটাৰে শাৰী পাতি থকা দেখিবলৈ পোৱা গৈছিল।

Image Image

অনন্তনাগ-ৰাজৌৰীৰ ভোটকেন্দ্ৰসমূহত ভোটদানৰ বাবে অপেক্ষাৰত ভোটাৰসকল

জম্মু-কাশ্মীৰৰ অনন্তনাগ-ৰাজৌৰী সংসদীয় সমষ্টিত সন্ধিয়া ৭.৪৫ বজাত ৫২.২৮% ভোটদানৰে শান্তিপূৰ্ণ ভাবে ভোটদান পৰ্বৰ সামৰণি পৰে। সমষ্টিটোত ভোটদানৰ এই হাৰ বহু দশকৰ ভিতৰতে সৰ্বাধিক বুলি চিহ্নিত হৈছে। ইয়াৰ লগতে জম্মু আৰু কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংসদীয় আসনসমূহৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াও সমাপ্ত হৈছে। চলিত ‘সাধাৰণ নিৰ্বাচন ২০২৪’-ত উপত্যকাটোৰ তিনিটা সংসদীয় সমষ্টি- শ্ৰীনগৰ (৩৮.৪৯%), বাৰামুলা (৫৯.১%) আৰু অনন্তনাগ-ৰাজৌৰী (সন্ধিয়া৭.৪৫ বজা পৰ্যন্ত)ত ভোটদানৰ হাৰ ৫২.২৮% নথিভুক্ত কৰা হৈছে, যিটো হাৰ বহু দশকৰ ভিতৰতে সৰ্বাধিক বুলি চিহ্নিত হৈছে।

বিহাৰ, জম্মু আৰু কাশ্মীৰ, হাৰিয়ানা, ঝাৰখণ্ড, এনচিটি দিল্লী, উৰিষ্যা, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগ হৈছে এই পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল। এইকেইটা সমষ্টিত মুঠ ৮৮৯ গৰাকী প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল।

সকলো সমষ্টিতে সুচাৰুৰূপে আৰু শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত হয়। মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী ৰাজীৱ কুমাৰ আৰু নিৰ্বাচন আয়ুক্ত শ্ৰী জ্ঞানেশ কুমাৰ আৰু শ্ৰী সুখবীৰ সিং সান্ধুৱেও তেওঁলোকৰ পৰিয়ালৰ সৈতে সংশ্লিষ্ট ভোটকেন্দ্ৰত ভোটদান কৰে। তেওঁলোকে নিৰ্বাচন প্ৰক্ৰিয়াৰ প্ৰতিটো দিশৰ ওপৰত তীক্ষ্ণ নজৰ ৰখাৰ লগতে দিনটোত প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছিল। কঠোৰ নিৰাপত্তা ব্যৱস্থাই কোনো ধৰণৰ ভয়-ভাবুকিৰ সন্মুখীন নোহোৱাকৈ ভোটদান কৰাৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰিছে।

মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী ৰাজীৱ কুমাৰ (মাজত),নিৰ্বাচন আয়ুক্ত শ্ৰী জ্ঞানেশ কুমাৰ (বাওঁফালে) আৰু ড০ সুখবীৰ সিং সান্ধু (সোঁফালে) তেওঁলোকৰ পৰিয়ালৰ সৈতে দিল্লীত ভোটদানৰ পিছত

সন্ধিয়া ৭:৪৫ বজালৈ আনুমানিক ভোটাদানৰ হাৰ আছিল ৫৯.০৬%, নিৰ্বাচন আয়োগৰ ‘ভোটাৰ টাৰ্ণআউট এপ’ত ৰাজ্য/সংসদীয় সমষ্টি/বিধান সভা সমষ্টি অনুসৰি শেহতীয়া পৰিসংখ্যা উপলব্ধ কৰোৱাৰ ধাৰা অব্যাহত থাকিব। ই ৰাজ্য/সংসদীয় সমষ্টি/বিধানসভাৰ সমষ্টি অনুসৰি পৰিসংখ্যা দাঙি ধৰাৰ উপৰিও মুঠ পৰ্যায় অনুসৰি পৰিসংখ্যা প্ৰদান কৰিব। আয়োগে অতিৰিক্তভাৱে অংশীদাৰসকলৰ সুবিধাৰ বাবে ~২৩৪৫ ঘণ্টাত ভোটদানৰ পৰিসংখ্যাসহ আন এক প্ৰেছ নোট জাৰী কৰিব যদিও ‘ভোটাৰ টাৰ্ণআউট এপ’তো পোনপটীয়াকৈ পৰীক্ষা কৰিব পৰাকৈ অংশীদাৰসকলৰ বাবে ‘লাইভ আপডেট’ উপলব্ধ হ’ব।

 

পৰ্যায় – ৬(সন্ধিয়া ৭:৪৫ বজাত) ৰাজ্য অনুসৰি ভোটদানৰ আনুমানিক হাৰ

ক্ৰমিক নং

ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চল

সংসদীয় সমষ্টিৰ সংখ্যা

ভোটদানৰ আনুমানিক হাৰ %

1

বিহাৰ

08

53.30

2

হাৰিয়ানা

10

58.37

3

জম্মু আৰু কাশ্মীৰ

01

52.28

4

ঝাৰখণ্ড

04

62.74

5

এনচিটি দিল্লী

07

54.48

6

ওড়িশা

06

60.07

7

উত্তৰ প্ৰদেশ

14

54.03

8

পশ্চিম বংগ

08

78.19

উপৰিউক্ত ৮খন ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চল

58

59.06

 

নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰি ভোটদানৰ এদিন পিছত প্ৰাৰ্থী বা তেওঁলোকৰ কৰ্তৃত্বপ্ৰাপ্ত নিৰ্বাচনী এজেণ্টসকলৰ উপস্থিতিত নিৰ্বাচনী কাকতসমূহ পৰীক্ষা কৰা হয়। পৰিস্থিতি সাপেক্ষে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত আদিও লোৱা হয়। ভৌগোলিক/ লজিষ্টিক পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ভোটদানত নিয়োজিত নিৰ্বাচনী বিষয়ববীয়াৰ একাংশ দল ভোটদানৰ পিছত উভতি আহে। আয়োগে পৰীক্ষাৰ পিছত আৰু পুনৰ নিৰ্বাচনৰ সংখ্যা/অনুসূচীৰ ওপৰত নিৰ্ভৰ কৰি ৩০.০৫.২০২৪ তাৰিখৰ ভিতৰত ভোটদানৰ চূড়ান্ত সংখ্যা প্ৰকাশ কৰিব।

উৰিষ্যাৰ ভোটকেন্দ্ৰসমূহত ভোটাৰৰ লানি

উৰিষ্যাত সংসদীয় সমষ্টিৰ লগতে ৰাজ্যখনৰ ৪২টা বিধানসভা সমষ্টিৰ বাবেও একেলগে নিৰ্বাচন অনুষ্ঠিত হৈছে। সমগ্ৰ ৰাজ্যখনতে ভোটদাতা ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে এক বিশেষ উত্সাহ প্ৰদৰ্শিত কৰা পৰিলক্ষিত হৈছিল। ৰাজ্যখনত সন্ধিয়া ৭:৪৫ বজা পৰ্যন্ত ভোটদানৰ ৬০.০৭% হাৰ নথিভুক্ত হয়। ‘পিভিটিজি’ ভোটাৰসকলৰ নামভৰ্তি কৰাৰ লগতে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অনুপ্ৰাণিত কৰাৰ বাবে আয়োগে গ্ৰহণ কৰা সমন্বিত প্ৰচেষ্টা যে ফলপ্ৰসূ হৈছিল সেই কথা উপকূলীয় ৰাজ্যখনৰ ভোটকেন্দ্ৰসমূহত ভোটদান কৰাৰ পিছত চিঞাহি লগোৱা আঙুলি প্ৰদৰ্শনৰে ফটোৰ বাবে থিয় দিবলৈ দেখুওৱা তেওঁলোকৰ উত্সাহেই প্ৰতিফলিত কৰিছিল।

 

উৰিষ্যাৰ এটা জাতিগত ভোটগ্ৰহণ কেন্দ্ৰৰ বাহিৰত কেইগৰাকীমান পিভিটিজি ভোটাৰে তেওঁলোকৰ চিঞাহি সনা আঙুলি প্ৰদৰ্শন কৰে

‘ষষ্ঠ পৰ্যায়’ৰ সমাপ্তিৰ লগে লগে ২৮ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৪৮৬ টা সংসদীয় সমষ্টিত ‘সাধাৰণ নিৰ্বাচন ২০২৪’ৰ ভোটগ্ৰহণ পৰ্ব সম্পূৰ্ণ হয়৷ অৰুণাচল প্ৰদেশ, ছিকিম, অন্ধ্ৰ প্ৰদেশ আৰু উৰিষ্যা ৰাজ্যিক বিধানসভাৰ ১০৫খন বিধানসভা আসনৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ভোটগ্ৰহণো সম্পূৰ্ণ হৈছে৷ নিৰ্বাচনৰ দিনটোৰ উচ্চ ‘ৰিজলিউশ্বন’যুক্ত ফটোৰ বাবে ইয়াত প্ৰৱেশ কৰিব পাৰিব: https://www.eci.gov.in/ge-2024-photogallery

পৰৱৰ্তী আৰু অন্তিম পৰ্যায় (পৰ্যায় ৭)ৰ ভোটগ্ৰহণ অহা ১ জুন, ২০২৪ তাৰিখে 8 খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭ টা সংসদীয় সমষ্টিত অনুষ্ঠিত হ'ব।

 

*****

DK/RP/KB



(Release ID: 2022192) Visitor Counter : 24