প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

উত্তৰ বংগোপসাগৰত “ৰেমাল” ঘূৰ্ণীবতাহৰ প্ৰভাৱৰে মোকাবিলাৰ প্ৰস্তুতি পৰ্যালোচনা প্ৰধানমন্ত্ৰীৰ; ঘূৰ্ণীবতাহৰ ফলত পশ্চিমবংগ আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহত বৰষুণৰ সম্ভাৱনা

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত চৰকাৰে ৰাজ্য চৰকাৰক পূৰ্ণ সমৰ্থন আগবঢ়াইছে আৰু এই সমৰ্থন অব্যাহত থাকিব
মাছমৰীয়াসকলক দক্ষিণ বংগোপসাগৰ আৰু আন্দামান সাগৰলৈ নাযাবলৈ পৰামৰ্শ; প্ৰায় এক লাখ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ
বৰ্তমান পশ্চিমবংগ আৰু ওড়িশাত নিয়োজিত এনডিআৰএফ দলৰ লগতে অধিক দল সাজু কৰি ৰাখিবলৈ নিৰ্দেশ প্ৰধানমন্ত্ৰীৰ, যাতে এঘণ্টাৰ ভিতৰতে তেওঁলোক ক্ষতিগ্ৰস্ত স্থানত গৈ পায়

বাংলাদেশলৈও নিয়মীয়াকৈ শেহতীয়া আপডেটৰ তথ্য সমৰ্থন প্ৰদান কৰি থকা হৈছে

Posted On: 26 MAY 2024 9:19PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি পুৱা ৭নং লোক কল্যাণ মাৰ্গস্থিত তেওঁৰ বাসগৃহত উত্তৰ বংগোপসাগৰত “ৰেমাল” ঘূৰ্ণীবতাহৰ মোকাবিলাৰ প্ৰস্তুতি পৰ্যালোচনাৰ বাবে এখন বৈঠক অনুষ্ঠিত হয়।

 

বতৰ বিজ্ঞান বিভাগৰ পূৰ্বানুমান অনুসৰি আজিৰ মাজনিশাৰ ভিতৰত ঘুৰ্ণীবতাহজাকে মংগলা (বাংলাদেশ)ৰ দক্ষিণ-পশ্চিমৰ ওচৰৰ সাগৰ দ্বীপ আৰু খেপুপাৰাৰ মাজত বাংলাদেশ আৰু সংলগ্ন পশ্চিমবংগৰ উপকূল অতিক্ৰম কৰাৰ সম্ভাৱনা আছে।  ফলত পশ্চিমবংগ আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহত বৰষুণৰ সম্ভাৱনা আছে।

 

প্ৰধানমন্ত্ৰীক অৱগত কৰা হয় যে ৰাষ্ট্ৰীয় সংকট ব্যৱস্থাপনা সমিতিয়ে পশ্চিমবংগ চৰকাৰৰ সৈতে নিয়মীয়াকৈ যোগাযোগ কৰি আছে। সকলো মাছমৰীয়াকে দক্ষিণ বংগোপসাগৰ আৰু আন্দামান সাগৰত নাযাবলৈ পৰামৰ্শ দিয়া হৈছে। প্ৰায় এক লাখ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। আইএমডিয়ে নিয়মীয়াকৈ শেহতীয়া আপডেটৰ সকলো তথ্য বাংলাদেশলৈও প্ৰদান কৰি আছে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত চৰকাৰে ৰাজ্য চৰকাৰক পূৰ্ণ সমৰ্থন আগবঢ়াইছে আৰু এই সমৰ্থন অব্যাহত থাকিব। তেওঁ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ক পুনৰুদ্ধাৰৰ বাবে প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ লগতে পৰিস্থিতি নিৰীক্ষণ কৰি ঘূৰ্ণীবতাহৰ ফলত হোৱা ভূমিস্খলন পুনৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে। প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে যে ইতিমধ্যে পশ্চিমবংগত নিয়োজিত এনডিআৰএফৰ ১২টা দল আৰু ওড়িশাত এটা দলৰ বাহিৰেও আৰু অধিক দল সাজু কৰি ৰখা হ’ব যিবোৰ যাতে এঘণ্টাৰ ভিতৰতে ক্ষতিগ্ৰস্ত স্থানলৈ গতি কৰিব পাৰে। যিকোনো জৰুৰীকালীন অৱস্থাত ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে নিজৰ কৰ্মী নিয়োগ কৰিব। কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা যাতে সংঘটিত নহয়, তাৰ পৰা হাত সাৰিবলৈ বন্দৰ, ৰে’লৱে আৰু ঘাইপথসমূহক উচ্চ সতৰ্কতা অৱলম্বন কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে।

এই উপলক্ষে বৈঠকত প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব, কেবিনেট সচিব, গৃহ সচিব, এনডিআৰএফৰ সঞ্চালক প্ৰধান, আইএমডিৰ সঞ্চালক প্ৰধান আৰু এনডিএমএৰ সদস্য সচিবো উপস্থিত থাকে।

 

***

DS/ST/DB



(Release ID: 2021751) Visitor Counter : 43