প্ৰতিৰক্ষা মন্ত্ৰালয়

ৰেমাল ঘূৰ্ণীবতাহৰ মোকাবিলাৰ বাবে সাজু ভাৰতীয় নৌসেনা

Posted On: 26 MAY 2024 11:30AM by PIB Guwahati

ভাৰতীয় নৌসেনাই ৰেমাল ঘূৰ্ণীবতাহৰ পৰিপ্ৰেক্ষিতত বিশ্বাসযোগ্য মানৱীয় আৰু দুৰ্যোগ সাহায্য (এইচএডিআৰ) ব্যৱস্থা গঢ়ি তুলিবলৈ বৰ্তমানৰ মানসম্পন্ন কাৰ্যপৰিচালনা পদ্ধতি (এছঅ’পি) অনুসৰণ কৰি প্ৰস্তুতিমূলক ব্যৱস্থা আৰম্ভ কৰিছে। ২০২৪ চনৰ ২৬/২৭ মে’ৰ মাজৰ নিশা এই ঘূৰ্ণীবতাহটোৱে উপকূল অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। নৌসেনাৰ মুখ্য কাৰ্যালয়ে পূব নৌসেনাৰ কমাণ্ডৰ মুখ্য কাৰ্যালয়ৰ সহযোগিতাত পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে ব্যাপক প্ৰস্তুতিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে।

ভয়াৱহ ঘূৰ্ণীবতাহত পৰিণত হোৱাৰ সম্ভাৱনা থকা ঘূৰ্ণীবতাহ ৰেমালে পশ্চিমবংগৰ সাগৰ দ্বীপ আৰু বাংলাদেশৰ খেপুপাৰাৰ মাজত স্থলপথত প্ৰৱেশ কৰাৰ পূৰ্বানুমান কৰা হৈছে। প্ৰস্তুতি হিচাপে ভাৰতীয় নৌসেনাই ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰাৰ বাবে তাৎক্ষণিকভাৱে নিয়োগ কৰাৰ বাবে এইচএডিআৰ আৰু চিকিৎসা সামগ্ৰীৰে সজ্জিত দুখন জাহাজ সাজু কৰিছে। তদুপৰি ভাৰতীয় নৌসেনাৰ বিমান পৰিবহণ জাহাজ, ছী কিং আৰু চেটক হেলিকপ্টাৰৰ লগতে ডৰ্নিয়াৰ বিমানকো দ্ৰুত সঁহাৰিৰ বাবে সাজু হৈ আছে।

পীড়িত লোকসকলক সহায়ৰ বাবে কলকাতাত সা-সৰঞ্জামসহ বিশেষ ডুবাৰু দল সষ্টম কৰি ৰখা হৈছে। প্ৰয়োজনীয় সঁজুলিৰে অধিক ডুবাৰু দল বিশাখাপট্টনমত সাজু কৰি ৰখা হৈছে৷ প্ৰয়োজন হ’লে তাৎক্ষণিকভাৱে সেইসকলক নিয়োগ কৰা হ’ব৷ কলকাতাত এইচএডিআৰ আৰু চিকিৎসা সামগ্ৰীৰ লগতে দুটা বান সাহায্য দল (এফআৰটি) স্থাপন কৰা হৈছে। তদুপৰি বিশাখাপট্টনম আৰু চিলকাত দুটাকৈ বান সাহায্য দলৰ সাজু কৰি ৰখা হৈছে যাতে, কম সময়ৰ ভিতৰতে নিয়োগ কৰিব পাৰে।

                                                                      

ভাৰতীয় নৌসেনাই সজাগ হৈ থকাৰ লগতে ঘূৰ্ণীবতাহ ৰেমালৰ পৰিপ্ৰেক্ষিতত তাৎক্ষণিক আৰু ফলপ্ৰসূ সহায় আগবঢ়াবলৈ বিৱৰ্তনশীল পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।

*****

VM/SPS/DB



(Release ID: 2021714) Visitor Counter : 27