নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

ইণ্ডিয়া প’ৰ্ট গ্ল’বেল লিমিটেড (আই পি জি এল) আৰু ইৰাণৰ প’ৰ্টছ এণ্ড মেৰিটাইম অৰ্গেনাইজেশ্যন (পি এম অ’)ৰ মাজত চাবাহাৰৰ শ্বাহিদ বেহেষ্টী বন্দৰ টাৰ্মিনেল উন্নয়নৰ বাবে দীৰ্ঘম্যাদী চুক্তি স্বাক্ষৰিত

प्रविष्टि तिथि: 13 MAY 2024 6:03PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ আৰু আয়ুস মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে ২০২৪ চনৰ ১৩ মে’ত ইৰাণৰ চাবাহাৰ ভ্ৰমণ কৰি চাবাহাৰৰ শ্বাহিদ বেহেষ্টী বন্দৰ টাৰ্মিনেল উন্নয়নৰ বাবে দীৰ্ঘম্যাদী মূল চুক্তি স্বাক্ষৰ অনুষ্ঠানৰ সাক্ষী হয়। ইণ্ডিয়া প’ৰ্ট গ্ল’বেল লিমিটেড (আই পি জি এল) আৰু ইৰাণৰ প’ৰ্টছ এণ্ড মেৰিটাইম অৰ্গেনাইজেশ্যন (পি এম অ’)ৰ মাজত এই চুক্তি স্বাক্ষৰিত হয়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইৰাণৰ গড়কাপ্তানী আৰু নগৰ উন্নয়ন মন্ত্ৰী মেহৰদাদ বাজৰপাছৰ সৈতে ফলপ্ৰসূ দ্বিপাক্ষিক বৈঠকত মিলিত হয়। মন্ত্ৰীদ্বয়ে সংযোগৰ পদক্ষেপত দ্বিপাক্ষিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ লগতে চাবাহাৰ বন্দৰক আঞ্চলিক সংযোগ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁলোকৰ নেতাসকলৰ উমৈহতীয়া দৃষ্টিভংগীৰ কথা সোঁৱৰাই দিয়ে।

মন্ত্ৰীগৰাকীৰ ভ্ৰমণ আৰু দীৰ্ঘম্যাদী চুক্তি স্বাক্ষৰে দুয়োখন ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব। একেদৰে, আফগানিস্তান আৰু মধ্য এছিয়াৰ দেশসমূহৰ সৈতে বাণিজ্যৰ দুৱাৰমুখ হিচাপে চাবাহাৰৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হ’ব।

চাবাহাৰ বন্দৰ প্ৰকল্পৰ উন্নয়ন ভাৰত-ইৰাণৰ এটা ফ্লেগশ্বিপ প্ৰকল্প।

****

MJPS/MS


(रिलीज़ आईडी: 2020545) आगंतुक पटल : 140
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Marathi , English , Urdu , हिन्दी , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam