উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়

ড’নাৰ মন্ত্ৰালয়ৰ বিজ্ঞান ভৱন, নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস-২০২৪ৰ কাউন্টডাউন অনুষ্ঠান

Posted On: 09 MAY 2024 12:22PM by PIB Guwahati

আগন্তুক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰাকক্ষণত উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয়ে (MDoNER) নতুন দিল্লীৰ বিজ্ঞান ভৱনত কাউন্টডাউন আৰম্ভ কৰে। ইয়াত মন্ত্ৰালয়ৰ সচিব আৰু বিষয়া/কৰ্মচাৰীসকল আৰু চিআইএছএফৰ বিষয়াবৰ্গ তথা বিজ্ঞান ভৱনৰ বিষয়া-কৰ্মচাৰীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। এমডিএনআইৱাইৰ যোগ প্ৰশিক্ষক আৰু প্ৰদৰ্শনকাৰীসকলে ইয়াত ভাগ লৈ ভাৰতীয় ঐতিহ্যত গভীৰভাৱে শিপাই থকা যোগৰ কালজয়ী সুবিধাৰাজি সম্পৰ্কে আলোকপাত কৰে।

 

ইয়াত সামগ্ৰিক কল্যাণ অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে সঞ্চালিত যোগাভ্যাস প্ৰদৰ্শন কৰা হয়। মন্ত্ৰালয়ৰ সচিবে শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক স্বাস্থ্যৰ অগ্ৰগতি সাধনৰ ক্ষেত্ৰত যোগৰ ভূমিকা সম্পৰ্কে গুৰুত্ব আৰোপ কৰে।

মন্ত্ৰালয়ে এই বিশেষ দিনটোৰ কাউন্টডাউন আয়োজনেৰে যোগাসনৰ জৰিয়তে স্বাস্থ্য আৰু কল্যাণৰ বাবে ভাৰতৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰিছে। বিজ্ঞান ভৱনত অনুষ্ঠিত এই অনুষ্ঠানে যোগৰ সৰ্বজনীন আবেদন আৰু সমসাময়িক প্ৰত্যাহ্বানৰাজিৰে মোকাবিলাকৰণৰ ক্ষেত্ৰত ইয়াৰ চিৰস্থায়ী প্ৰাসংগিকতাৰ সাক্ষ্য বহন কৰিছে।

A group of people doing yogaDescription automatically generated

প্ৰাচীন ভাৰতীয় পৰম্পৰাৰে বদ্ধমূল যোগে শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক স্বাস্থ্যত ইতিবাচক প্ৰভাৱৰ বাবে বহুলভাৱে স্বীকৃতি লাভ কৰিছে। মন্ত্ৰালয়ে এই অনুষ্ঠানৰ জৰিয়তে এটি সুস্থ আৰু সন্তুলিত জীৱনশৈলীৰ বাবে দৈনন্দিন জীৱনত যোগক অন্তৰ্ভুক্তকৰণৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰে।

A group of people standing in front of a bannerDescription automatically generated

****

MG/MS/SK/VL/SB



(Release ID: 2020077) Visitor Counter : 48