ভাৰতীয় নিৰ্বাচন আয়োগ

বিশ্বৰ সৰ্ববৃহৎ নিৰ্বাচনৰ সূচনা চাবলৈ ইচিআইৰ আমন্ত্ৰণত ২৩খন দেশৰ নিৰ্বাচনী ব্যৱস্থাপনা সংস্থাৰ ৭৫জন আন্তঃৰাষ্ট্ৰীয় দৰ্শনাৰ্থী আহি দেশত উপস্থিত

Posted On: 04 MAY 2024 1:44PM by PIB Guwahati

নিৰ্বাচনী সততা আৰু স্বচ্ছতাৰ ৰেঙণি হিচাপে ভাৰতৰ নিৰ্বাচন আয়োগে গণতান্ত্ৰিক উৎকৰ্ষতাৰ প্ৰত্যক্ষ সাক্ষী হ’বলৈ বিশ্ব নিৰ্বাচন ব্যৱস্থাপনা সংস্থা (ই এম বি)ৰ বাবে সোণালী সেতুৰ প্ৰস্তাৱ দি উচ্চতম মানদণ্ডৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতিৰ উদাহৰণ দাঙি ধৰে। ভাৰতৰ নিৰ্বাচন আয়োগে চলিত লোকসভা নিৰ্বাচন ২০২৪ৰ সময়ত নিৰ্বাচনী দৰ্শনাৰ্থী কাৰ্যসূচী (আইইভিপি) আয়োজন কৰি আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ পোষকতা অব্যাহত ৰাখিছে।

বৃহৎসংখ্যক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এইটোৱেই প্ৰথম অনুষ্ঠান৷ দলটো ২৩খন দেশৰ বিভিন্ন ইএমবি আৰু সংস্থাক প্ৰতিনিধিত্ব কৰা ৭৫জন প্ৰতিনিধি আছে৷ তেওঁলোকে ক্ৰমে ভূটান, মংগোলিয়া, অষ্ট্ৰেলিয়া, মাদাগাস্কাৰ, ফিজি, কিৰ্গিজ গণৰাজ্য, ৰাছিয়া, মলদোভা, টিউনিছিয়া, ছিচেলছ, কম্বোডিয়া, নেপাল, ফিলিপাইনছ, শ্ৰীলংকা, জিম্বাবুৱে, বাংলাদেশ, কাজাখস্তান, জৰ্জিয়া, চিলি, উজবেকিস্তান, মালদ্বীপ, পাপুৱা নিউগিনি আৰু নামিবিয়া৷ আন্তঃৰাষ্ট্ৰীয় নিৰ্বাচনী ব্যৱস্থাপনা ফাউণ্ডেশ্যন (আইএফইএছ) আৰু ভূটান আৰু ইজৰাইলৰ সংবাদ মাধ্যমৰ দলেও ইয়াত অংশগ্ৰহণ কৰিব।

৪ মে’ৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীয়ে বিদেশী নিৰ্বাচন ব্যৱস্থাপনা সংস্থাসমূহক ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাৰ সূক্ষ্মতাৰ লগতে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰই ব্যৱহাৰ কৰা উত্তম পদ্ধতিসমূহৰ সৈতে পৰিচিত কৰাৰ চেষ্টা কৰে। ২০২৪ চনৰ ৫ মে’ত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ, নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু ড সুখবীৰ সিং সান্ধুৱে প্ৰতিনিধিসকলক সম্বোধন কৰিব।তাৰ পিছত প্ৰতিনিধিসকলে ছয়খন ৰাজ্য—মহাৰাষ্ট্ৰ, গোৱা, গুজৰাট, কৰ্ণাটক, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশ ভ্ৰমণলৈ যাব৷ তেওঁলোকে লগতে সৰু সৰু গোটত বিভিন্ন সমষ্টিত নিৰ্বাচন আৰু আনুষংগিক প্ৰস্তুতি নিৰীক্ষণ কৰিব৷ ২০২৪ চনৰ ৯ মে’ত এই কাৰ্যসূচীৰ অন্ত পৰিব।

***

DK/RP/DB



(Release ID: 2019919) Visitor Counter : 36