ভাৰতীয় নিৰ্বাচন আয়োগ

সাধাৰণ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ১৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত শান্তিপূৰ্ণ ভোটগ্ৰহণ

সন্ধিয়া ৭ বজালৈকে ভোটাৰৰ ভোটদানৰ হাৰ ৬০.৯৬%

১ লক্ষাধিক ভোটগ্ৰহণ কেন্দ্ৰত ৱেবকাষ্টিং

১৪খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এতিয়া ভোটগ্ৰহণ সম্পূৰ্ণ হৈছে

বাষ্টাৰ সংমণ্ডলৰ ১০২ খন গাঁৱৰ লোকে প্ৰথমবাৰলৈ ভোট দিলে লোকসভাত

Posted On: 26 APR 2024 9:37PM by PIB Guwahati

আজি পুৱা ৭ বজাৰ পৰা ৮৮টা সংসদীয় সমষ্টিত একেলগে আৰম্ভ হোৱা সাধাৰণ নিৰ্বাচন ২০২৪ৰ দ্বিতীয় পৰ্যায়ত সন্ধিয়া ৭ বজালৈকে ভোটাৰৰ আনুমানিক ভোটদানৰ হাৰ ৬০.৯৬% বুলি তথ্য লাভ কৰা হৈছে। ১৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভোটাৰসকলে তীব্ৰ গৰমৰ মাজতো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি নিজৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ বাবে উৎসাহেৰে অংশগ্ৰহণ কৰে। নৱবিবাহিতৰ পৰা জ্যেষ্ঠ নাগৰিক, জনজাতীয়ৰ পৰা আৰম্ভ কৰি আই টি পেছাদাৰী, দিব্যাংগ, মহিলা আৰু যুৱক-যুৱতীলৈকে সকলোকে ভোটদানৰ বাবে শাৰী পাতি ৰৈ থকা দেখা য়ায়। দ্বিতীয় পৰ্যায়ৰ সামৰণিৰ লগে লগে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে ১৪খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটদান সম্পূৰ্ণ হৈছে।


সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত সুকলমে আৰু শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত হয়। মুখ্য নিৰ্বাচনী আয়ুক্ত শ্ৰী ৰাজীৱ কুমাৰৰ নেতৃত্বত আয়োগে নিৰ্বাচনী আয়ুক্ত শ্ৰী জ্ঞানেশ কুমাৰ আৰু শ্ৰী সুখবীৰ সিং সান্ধুৰ সৈতে পুৱাৰে পৰা অহৰহ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ ওপৰত নজৰ ৰাখিছিল। আইন-শৃংখলা বজাই ৰাখিবলৈ কঠোৰ নিৰাপত্তা ব্যৱস্থা ৰূপায়ণ কৰা হৈছিল, যাৰ ফলত ভোটাৰসকলে ভয় বা ভয়-ভাবুকি নোহোৱাকৈ ভোটদানৰ অনুকূল পৰিৱেশৰ সৃষ্টি হৈছিল। ১ লক্ষাধিক ভোটগ্ৰহণ কেন্দ্ৰত ৱেবকাষ্টিঙো কৰা হৈছিল।


বিহাৰৰ কাটিহাৰত ঘোঁৰাত উঠি টহল দি থকা নিৰাপত্তাৰক্ষী

 

বিহাৰৰ বাংকা, মাধেপুৰা, খগড়িয়া আৰু মুংগেৰ সমষ্টিৰ বহু ভোটকেন্দ্ৰত ভোটগ্ৰহণৰ সময় সন্ধিয়া ৬ বজালৈ বৃদ্ধি কৰা হয় যাতে গৰম বতৰত ভোটাৰসকলক সুবিধা প্ৰদান কৰা হয় গৰমৰ বিৰুদ্ধে যুঁজিবলৈ ছামিয়ানা, খোৱাপানী, মেডিকেল কিট, ফেনৰ ব্যৱস্থাকে ধৰি বিশেষ ব্যৱস্থা কৰা হয়৷


ভোটগ্ৰহণ বিষয়া আৰু ভোটাৰসকলে “চুনাৱ কা পৰ্ব” উদযাপন কৰিবলৈ। নিজৰ পৰম্পৰাগত সাজ-পোছাক পিন্ধি আহে৷ ৰাজস্থানৰ ছিকাৰত গৰমৰ প্ৰতি সাহস কৰি নিজৰ পৰম্পৰাগত সাজ-পোছাক পিন্ধি আহিছিল মহিলা ভোটাৰ। কৰ্ণাটকৰ বৰুণা সমষ্টিত পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি ভোটগ্ৰহণকাৰী কৰ্মচাৰীয়ে ভোটাৰক আদৰণি জনায়।

 

 


দ্বিতীয় পৰ্যায়ত বাষ্টাৰ আৰু ছত্তীশগড়ৰ কংকৰ সংসদীয় সমষ্টিৰ ৪৬ খন গাঁৱৰ ভোটাৰে প্ৰথমবাৰৰ বাবে লোকসভা নিৰ্বাচনত নিজৰ গাঁৱত স্থাপন কৰা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে। এইদৰে প্ৰথম পৰ্যায়কে ধৰি সামগ্ৰিকভাৱে গাঁওবাসীৰ সুবিধাৰ্থে এই সংসদীয় সমষ্টিসমূহত প্ৰথমবাৰৰ বাবে ১০২টা নতুন ভোটকেন্দ্ৰ স্থাপন কৰা হৈছিল।

 

বাষ্টাৰ আৰু কাংকেৰত স্থাপন কৰা নতুন ভোটগ্ৰহণ কেন্দ্ৰ


আয়োগে বিশেষভাৱে পিছপৰা জনজাতি গোট (পিভিটিজি), বৃদ্ধ, যুৱ আৰু প্ৰথমবাৰৰ বাবে ভোটদান কৰা, মহিলা আৰু কিন্নৰসকলৰ মাজত ভোটদানৰ সুবিধাৰ বাবে বিশেষ প্ৰচেষ্টা হাতত লৈ আহিছে।

মহাসমুন্দ সংসদীয় সমষ্টিৰ কুলহাদী ঘাট গাঁৱৰ পৰা কমৰ পিভিটিজিৰ ভোটাৰ

 


খাজুৰাহো লোকসভা সমষ্টিত মটৰচালিত ট্ৰাইচাইকেলত উঠি ভোট দিবলৈ আহিল দিব্যাংগ ভোটাৰ বিজয় সাহু, ক্ৰিকেটৰ ছুপাৰষ্টাৰ অনিল কুম্বলে, ৰাহুল দ্ৰাবিদ আৰু জভাগল শ্ৰীনাথকে ধৰি অন্যান্য খেলুৱৈয়ে বাংগালুৰুৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰা দেখা যায়। ছিয়াঁহী সনা আঙুলি দেখুৱাই নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণৰ গুৰুত্বৰ বাৰ্তা তেওঁলোকে যুৱক-যুৱতীসকলৰ মাজলৈ লৈ যায়।

 

 


ত্ৰিপুৰাৰ ধলাই বিধান সভা খণ্ডৰ এক দুৰ্গম অঞ্চল ৰাইমা উপত্যকাৰ পৰা ভোটাৰসকলে নাৱেৰে ভোটগ্ৰহণ কেন্দ্ৰলৈ আহি ভোটদান কৰে


 


***************


DK/RP/DB



(Release ID: 2019127) Visitor Counter : 18