প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনি সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলন’ৰ ‘ষষ্ঠ সংস্কৰণ’ত ভাষণ দিলে প্ৰধানমন্ত্ৰীয়ে

"আমি আজি এক উন্নত ভৱিষ্যতৰ বাবে দুৰ্যোগ-প্ৰতিৰোধী আন্তঃগাঁথনি নিৰ্মাণত বিনিয়োগ কৰিব লাগিব"

"পৃথিৱীখন সামূহিকভাৱে স্থিতিস্থাপক হ'ব পাৰিব কেৱল তেতিয়াহে, যেতিয়া প্ৰতিখন দেশ নিজাববীয়াকৈ স্থিতিস্থাপক হ’ব"

"অংশীদাৰী স্থিতিস্থাপকতা সম্ভৱ কৰিবলৈ আমি আটাইতকৈ অসুৰক্ষিতসকললৈ সহযোগিতা আগবঢ়াব লাগিব"

Posted On: 24 APR 2024 9:53AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনি নিৰ্মাণ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ ষষ্ঠ সংস্কৰণত ভাষণ দিয়ে।

সমবেত সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে সকলো বিশিষ্ট ব্যক্তিক উষ্ম আদৰণি জনায় আৰু কয় যে তেওঁলোকৰ অংশগ্ৰহণে দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ দৰে গুৰুত্বপূৰ্ণ প্ৰসংগত বিশ্বজোৰা আলোচনা আৰু সিদ্ধান্তক শক্তিশালী কৰিব। ২০১৯ চনত ইয়াৰ আৰম্ভণিৰ হোৱাৰে পৰা দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁটৰ আকৰ্ষণীয় বিকাশৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ই এতিয়া ৩৯খন দেশ আৰু ৭টা সংগঠনৰ এক গোলকীয় মিত্ৰজোঁট। "এয়া ভৱিষ্যতৰ বাবে এক ভাল লক্ষণ", তেওঁ লগতে কয়।

প্ৰাকৃতিক দুৰ্যোগৰ বৰ্ধিত সঘনতা আৰু তীব্ৰতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে সাধাৰণতে হোৱা ক্ষতিৰ মূল্যাঙ্কন ডলাৰত কৰা হয়, পিচে মানুহ, পৰিয়াল আৰু সমাজৰ ওপৰত পৰা ইয়াৰ প্ৰকৃত প্ৰভাৱ সংখ্যাৰ বাহিৰতে থাকি যায়। শ্ৰী মোদীয়ে হাজাৰ হাজাৰ লোকক গৃহহীন কৰি তোলা ভূমিকম্প আৰু প্ৰাকৃতিক দুৰ্যোগৰ ফলত পানী আৰু নৰ্দমা প্ৰণালী ব্যাহত হোৱাৰ ফলত জনস্বাস্থ্য বিপদাশংকাত পৰাৰ দৰে প্ৰসংগ উল্লেখ কৰে। তেওঁ প্ৰকল্পসমূহক প্ৰভাৱিত কৰিব দুৰ্যোগৰ কথা উল্লেখ কৰি ইয়াৰ ফলত হব পৰা সম্ভাৱ্য বিপজ্জনক পৰিস্থিতিৰ প্ৰসংগতো মন্তব্য আগবঢ়ায়।

প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয়, "আমি আজি এক উন্নত ভৱিষ্যতৰ বাবে দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনি নিৰ্মাণত বিনিয়োগ কৰিব লাগিব।" তেওঁ জোৰ দি কয় যে নতুন আন্তঃগাঁথনি সৃষ্টিৰ ক্ষেত্ৰত স্থিতিস্থাপকতা নিৰ্ধাৰণ কৰিব লাগিব আৰু দুৰ্যোগৰ পিছত পুনৰ নিৰ্মাণৰ অংশ হ'ব লাগিব। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দুৰ্যোগৰ পিছত সাহায্য আৰু পুনৰ্সংস্থাপন সম্পন্ন হোৱাৰ পিছত আন্তঃগাঁথনিৰ স্থিতিস্থাপকতাৰ প্ৰসংগত গুৰুত্ব আৰোপ কৰা উচিত।

প্ৰকৃতি আৰু দুৰ্যোগৰ কোনো সীমা নাই বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দুৰ্যোগ আৰু ব্যাঘাতৰ ফলত অতিকে আন্তঃসংযুক্ত পৃথিৱীখনত ব্যাপক প্ৰভাৱ পৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "বিশ্ব সামূহিকভাৱে স্থিতিস্থাপক হ'ব পাৰে, কেৱল তেতিয়াহে যেতিয়া প্ৰতিখন দেশ নিজাববীয়াকৈ স্থিতিস্থাপক হব"। তেওঁ অংশীদাৰী বিপদাশংকাৰ বাবে অংশীদাৰী স্থিতিস্থাপকতা সৃষ্টিত গুৰুত্ব আৰোপ কৰে আৰু কয় যে চিডিআৰআই আৰু এই সন্মিলনে বিশ্বক এই সামূহিক অভিযানৰ বাবে একত্ৰিত হোৱাত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে, "অংশীদাৰী স্থিতিস্থাপকতা সম্ভৱ কৰিবলৈ আমি আটাইতকৈ অসুৰক্ষিতসকললৈ সহযোগিতা আগবঢ়াব লাগিব"। দুৰ্যোগৰ উচ্চ বিপদাশংকা থকা ক্ষুদ্ৰ দ্বীপ উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এনে ১৩টা স্থানত প্ৰকল্পৰ বাবে পুঁজি যোগান ধৰাৰ বাবে এক ‘চিডিআৰআই’ কাৰ্যসূচীৰ কথা উল্লেখ কৰে। তেওঁ ডমিনিকাত দুৰ্যোগ প্ৰতিৰোধী আৱাস, পাপুয়া নিউ গিনিত দুৰ্যোগ প্ৰতিৰোধী পৰিবহন নেটৱৰ্ক আৰু ডমিনিকান গণৰাজ্য আৰু ফিজিত আগতীয়া সতৰ্কবাণী প্ৰণালী স্থাপনৰ সংখ্যা বৃদ্ধি কৰাৰ উদাহৰণ দিয়ে। তেওঁ সন্তুষ্টি ব্যক্ত কৰে যে ‘চিডিআৰআই’-ৰ গোলকীয় দক্ষিণৰ ওপৰতো গুৰুত্ব আছে।

প্ৰধানমন্ত্ৰীয়ে জি-২০ত ভাৰতৰ সভাপতিত্বৰ সময়ত আলোচনাৰ কেন্দ্ৰবিন্দুত বিত্তীয় যোগানকে ধৰি এক নতুন দুৰ্যোগ বিপদাশংকা হ্ৰাসকৰণ সম্পৰ্কীয় কাৰ্যকৰী গোট গঠনৰ কথা স্মৰণ কৰি কয় যে এনে পদক্ষেপে বিশ্বক ‘চিডিআৰআই’-ৰ বিকাশৰ লগতে এক দুৰ্যোগ প্ৰতিৰোধী ভৱিষ্যতলৈ লৈ যাব। তেওঁ অহা দুদিনত ‘আইচিডিআৰআই’-ত ফলপ্ৰসূ আলোচনা অনুষ্ঠিত হ’ব বুলি বিশ্বাস প্ৰকট কৰি তেওঁৰ ভাষণৰ সামৰণি মাৰে।

*****

DS/TS/KB



(Release ID: 2018800) Visitor Counter : 21