ভাৰতীয় নিৰ্বাচন আয়োগ

‘লোকসভা নিৰ্বাচন ২০২৪’-ৰ ‘তৃতীয় পৰ্যায়’ত নিৰ্বাচন অনুষ্ঠিত হ'ব লগা ১২ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ১৩৫১ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব

‘লোকসভা নিৰ্বাচন ২০২৪’-ৰ ‘তৃতীয় পৰ্যায়’ৰ নিৰ্বাচনৰ বাবে ১২ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ৯৫ টা সংসদীয় সমষ্টিৰ বাবে ২৯৬৩ খন মনোনয়ন প্ৰপত্ৰ দাখিল কৰা হৈছে

Posted On: 23 APR 2024 6:22PM by PIB Guwahati

‘লোকসভা নিৰ্বাচন ২০২৪’-ৰ তৃতীয় পৰ্যায়ত ১২ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৩৫১ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইয়াৰ ভিতৰত নিৰ্বাচন স্থগিত ৰখা মধ্য প্ৰদেশৰ ২৯ নং বেতুল (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) সংসদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৮ গৰাকী প্ৰাৰ্থীও আছে। তদুপৰি, গুজৰাটৰ চুৰাট সংসদীয় সমষ্টিৰ এগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। ১২ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ আছিল ২২ এপ্ৰিল, ২০২৪।

‘লোকসভা নিৰ্বাচন ২০২৪’-ৰ বাবে ‘তৃতীয় পৰ্যায়’ত নিৰ্বাচন অনুষ্ঠিত হ'ব লগা ১২ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ৯৫টা সংসদীয় সমষ্টিৰ (২৯নং-বেতুলসহ) বাবে মুঠ ২৯৬৩ খন মনোনয়ন দাখিল কৰা হৈছিল। ১২ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰাৰ অন্তিম তাৰিখ আছিল ১৯ এপ্ৰিল, ২০২৪। দাখিল কৰা সকলো মনোনয়ন প্ৰপত্ৰ পৰীক্ষাৰ পিছত ১৫৬৩ খন মনোনয়ন প্ৰপত্ৰ বৈধ বুলি স্বীকৃত হৈছে।

তৃতীয় পৰ্যায়ত অনুষ্ঠিতব্য গুজৰাটৰ ২৬টা সংসদীয় সমষ্টিত সৰ্বাধিক ৬৫৮ খন মনোনয়ন প্ৰ-পত্ৰ দাখিল কৰাৰ বিপৰীতে মহাৰাষ্ট্ৰৰ ১১টা সমষ্টিত দাখিল কৰা হৈছিল ৫১৯ খন মনোনয়ন প্ৰ-পত্ৰ। মহাৰাষ্ট্ৰৰ ৪০ নং ওচমানাবাদ সংসদীয় সমষ্টিত সৰ্বাধিক ৭৭খন মনোনয়ন প্ৰ-পত্ৰ দাখিল কৰাৰ বিপৰীতে ছত্তীশগড়ত ৫নং বিলাসপুৰ সমষ্টিত দাখিল কৰা মনোনয়ন পত্ৰৰ সংখ্যা হৈছে ৬৮খন।

 

লোকসভা নিৰ্বাচন ২০২৪-তৃতীয় পৰ্যায়ৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল ভিত্তিক বিৱৰণ:

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিতব্য সংসদীয় সমষ্টিৰ সংখ্যা

লাভ কৰা মনোনয়ন প্ৰপত্ৰৰ সংখ্যা

পৰীক্ষণৰ পিচত বৈধ ঘোষিত মনোনয়নৰ সংখ্যা

প্ৰত্যাহাৰৰ পিচত প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ প্ৰাৰ্থীৰ চূড়ান্ত সংখ্যা

 

 

অসম

১২৬

৫২

৪৭

বিহাৰ

১৪১

৫৪

৫৪

চত্তিশগড়

৩১৯

১৮৭

১৬৮

দাদ্ৰা আৰু নগৰ হাভেলী আৰু ডমন আৰু ডিউ

২৮

১৩

১২

গোৱা

৩৩

১৬

১৬

গুজৰাট

২৬

৬৫৮

৩২৮

২৬৬

জম্মু আৰু কাশ্মীৰ

২৮

২১

২০

কৰ্ণাটক

১৪

৫০৩

২৭২

২২৭

মধ্য প্ৰদেশ

২৩৬

১৪০

১২৭

মহাৰাষ্ট্ৰ

১১

৫১৯

৩১৭

২৫৮

উত্তৰ প্ৰদেশ

১০

২৭১

১০৪

১০০

পশ্চিম বংগ

১০১

৫৯

৫৭

মুঠ

৯৫

২৯৬৩

১৫৬৩

১৩৫২

***************

DK/RP/KB



(Release ID: 2018684) Visitor Counter : 170