প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মুম্বাইত RBI@90ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

Posted On: 01 APR 2024 2:32PM by PIB Guwahati

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ৰমেশ বাইছ জী, মুখ্যমন্ত্ৰী শ্ৰী একনাথ শিন্দে জী, মোৰ কেবিনেট সতীৰ্থ নিৰ্মলা সীতাৰমন জী, ভগৱত কাৰাদ জী, পংকজ চৌধুৰী জী, মহাৰাষ্ট্ৰ চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ জী, অজিত জী, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাস জী, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বিষয়া-বৰ্গ, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰমহিলাসকল।

আজি ভাৰতীয় ৰিজাৰ্ভ বেংকে এক ঐতিহাসিক মাইলৰ খুঁটিত উপনীত হৈছে। আৰবিআয়ে ৯০ বছৰ সম্পূৰ্ণ কৰিলে। এটা প্ৰতিষ্ঠান হিচাপে আৰবিআয়ে স্বাধীনতাৰ পূৰ্বৰ আৰু স্বাধীনতাৰ পিছৰ, উভয় সময়কে প্ৰত্যক্ষ কৰিছে। আজি আৰবিআইৰ পেছাদাৰিত্ব আৰু দায়বদ্ধতাৰ বাবে সমগ্ৰ বিশ্বতে স্বীকৃতি লাভ কৰিছে। আপোনালোক সকলোকে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সকলো কৰ্মচাৰী আৰু বিষয়াক আৰবিআই প্ৰতিষ্ঠাৰ ৯০ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে অভিনন্দন জনাইছোঁ।

আৰু, বৰ্তমান আৰবিআইৰ সৈতে জড়িতসকলক মই অতি সৌভাগ্যৱান বুলি গণ্য কৰোঁ। আজি আপোনালোকে যি নীতি নিৰ্ধাৰণ কৰে আৰু যি কাম কৰে, সেই কামে আৰবিআইৰ আগন্তুক দশকৰ দিশ নিৰ্ণয় কৰিব। এই দশকটোৱেই এই প্ৰতিষ্ঠানটোক শতবাৰ্ষিকীৰ অভিমুখে লৈ যাব। আৰু, এই দশকটো এখনি উন্নত ভাৰতৰ সংকল্প যাত্ৰাৰ বাবেও সমানেই গুৰুত্বপূৰ্ণ। আৰু, ইয়াৰ বাবে আপোনালোকৰ মন্ত্ৰ অনুসৰি আৰবিআয়ে ক্ষীপ্ৰ বিকাশত সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিব লাগিব আৰু সমানে বিশ্বাস তথা সুস্থিৰতাত গুৰুত্ব আৰোপ কৰিব লাগিব। লগতে আৰবিআইৰ লক্ষ্য আৰু সংকল্পৰ বাবে শুভকামনা জনাইছোঁ।

বন্ধুসকল,

আপোনালোক সকলোৱে নিজ-নিজ ক্ষেত্ৰত বিশেষজ্ঞ। আপোনাসৱৰ জ্ঞাত যে দেশৰ অৰ্থনীতি, আমাৰ জিডিপি বহু পৰিমাণে মুদ্ৰা আৰু বিত্তীয় নীতিৰ সমন্বয়ৰ ওপৰত নিৰ্ভৰশীল। মনত আছে, ২০১৪ত যেতিয়া ৰিজাৰ্ভ বেংকৰ ‘৮০ বছৰীয়া’ বৰ্ষৰ কাৰ্য্যসূচীলৈ আহিছিলোঁ, তেতিয়া পৰিস্থিতি সম্পূৰ্ণ বেলেগ আছিল। ভাৰতৰ সমগ্ৰ বেংকিং খণ্ডই সমস্যা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। এনপিএ সন্দৰ্ভত ভাৰতৰ বেংকিং ব্যৱস্থাৰ সুস্থিৰতা আৰু ভৱিষ্যতক লৈ সকলোৱে আশংকা কৰিছিল। পৰিস্থিতি ইমানেই বেয়া হৈছিল যে ৰাজহুৱা খণ্ডৰ বেংকসমূহে দেশৰ অৰ্থনৈতিক প্ৰগতিৰ বাবে প্ৰয়োজনীয় গতি প্ৰদান কৰিব পৰা নাছিল। আমি সকলোৱে তাতেই আৰম্ভ কৰিলোঁ। আৰু চাওঁক, আজি ভাৰতৰ বেংকিং ব্যৱস্থাক বিশ্বত এক সুদৃঢ় আৰু বহনক্ষম ব্যৱস্থা হিচাপে গণ্য কৰা হৈছে। এসময়ত পতনৰ পথত থকা বেংকিং ব্যৱস্থাটো এতিয়া লাভজনক হৈ পৰিছে আৰু ঋণ প্ৰদানৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰিছে।

বন্ধুসকল,

আপোনাসৱে এইটোও জানে যে মাত্ৰ ১০ বছৰতে ইমান বৃহৎ পৰিৱৰ্তন সাধন কৰাটো সহজ নাছিল। আমাৰ নীতি, উদ্দেশ্য আৰু সিদ্ধান্তত স্পষ্টতা থকাৰ বাবেই এই পৰিৱৰ্তন সাধন হয়। আমাৰ প্ৰচেষ্টাত দৃঢ়তা আৰু সততা থকাৰ বাবেই এই পৰিৱৰ্তন আহিছিল। আজি দেশে দেখিছে যেতিয়া উদ্দেশ্য সঠিক হয়, তেতিয়া নীতি সঠিক হয়। যেতিয়া নীতি সঠিক হয়, তেতিয়া সিদ্ধান্তবোৰ সঠিক হয়। আৰু যেতিয়া সিদ্ধান্তবোৰ সঠিক হয়, তেতিয়া ফলাফল সঠিক হয়। মুঠতে, এইটোৱেই ক’ব বিচাৰিছোঁ – যদি উদ্দেশ্য সঠিক হয়, তেন্তে ফলাফল সঠিক।

দেশৰ বেংকিং ব্যৱস্থা কেনেকৈ ৰূপান্তৰিত হ’ল, সেয়া এক অধ্যয়নৰ বিষয়। আমাৰ চৰকাৰে ‘স্বীকৃতি’, ‘সংকল্প’ আৰু ‘পুনৰ মূলধনীকৰণ’ৰ কৌশলক কেন্দ্ৰ কৰি কাম কৰিছিল। ৰাজহুৱা খণ্ডৰ বেংকৰ অৱস্থা উন্নত কৰিবলৈ চৰকাৰে প্ৰায় ৩.৫ লাখ কোটি টকাৰ মূলধন ইনফিউজনৰ লগতে শাসন ব্যৱস্থাৰ লগত জড়িত বহু সংস্কাৰো সাধন কৰিলে। প্ৰায় ৩.২৫ লাখ কোটি টকাৰ ঋণ কেৱল ইনছলভেন্সি আৰু দেউলীয়া সংহিতাৰ নতুন ব্যৱস্থাৰ জৰিয়তে সমাধান কৰা হৈছে।

আৰু দেশবাসীয়ে আৰু এটা পৰিসংখ্যা জনাটো জৰুৰী। ৯ লাখ কোটিৰো অধিক টকাৰ অন্তৰ্নিহিত ডিফল্ট হোৱা ২৭ হাজাৰৰো অধিক এনে আবেদন আইবিচিত নামভৰ্তিৰ পূৰ্বেই সমাধা কৰা হৈছিল। ইয়াৰপৰাই বুজা যায় যে এই নতুন ব্যৱস্থাৰ সম্ভাৱনা কিমান বৃহৎ। ২০১৮ত বেংকসমূহৰ মুঠ এনপিএ আছিল প্ৰায় ১১.২৫ শতাংশ। ২০২৩ৰ ছেপ্টেম্বৰৰ ভিতৰত এয়া ৩ শতাংশৰো কমলৈ হ্ৰাস পালে।

আজি টুইন বেলেন্স শ্বীটৰ সমস্যাটো অতীতৰ এটা অংশ। আজি বেংকৰ ঋণ বৃদ্ধি ১৫ শতাংশ হৈছেগৈ। আৰু আৰবিআইৰ সহযোগিতা আৰু প্ৰচেষ্টাই এই সকলোবোৰ সাফল্যত এটি বৃহৎ ভূমিকা পালন কৰিছে আৰু তেওঁলোক অভিনন্দনৰ যোগ্য।

বন্ধুসকল,

আৰবিআইৰ দৰে প্ৰতিষ্ঠান এটাৰ বিষয়ে আলোচনা প্ৰায়ে বিত্তীয় সংজ্ঞা আৰু জটিল পৰিভাষাত সীমাবদ্ধ হৈ থাকে। আপোনালোকৰ কাম যিমানেই জটিল নহওঁক কিয়, আপোনালোকে কৰা কামে দেশৰ সাধাৰণ জনতাৰ জীৱনত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। যোৱা ১০ বছৰত আমি কেন্দ্ৰীয় বেংক, বেংকিং ব্যৱস্থা আৰু অন্তিম প্ৰান্তৰ মানুহজনৰ মাজৰ এই সংযোগক গভীৰ কৰি তুলিছোঁ। আজি দৰিদ্ৰ লোকসকলৰ আৰ্থিক অন্তৰ্ভুক্তি ইয়াৰ এক বৃহৎ উদাহৰণ। আজি দেশত ৫২ কোটি জন ধন একাউন্ট আছে। ইয়াৰ ভিতৰত ৫৫ শতাংশৰো অধিক একাউন্ট মহিলাসকলৰ নামত। এই বিত্তীয় অন্তৰ্ভুক্তিৰ প্ৰভাৱ কৃষি আৰু মীন পালনৰ দৰে খণ্ডতো আপোনাসৱে দেখিব।

আজি ৭ কোটিৰো অধিক কৃষক, মাছমৰীয়া আৰু গো-পালকৰ হাতত কিষাণ ক্ৰেডিট কাৰ্ড আছে। ইয়াৰ ফলত আমাৰ গ্ৰাম্য অৰ্থনীতিয়ে এক প্ৰবল উদ্দীপনা লাভ কৰিছে। সমবায় খণ্ডয়ো বিগত ১০ বছৰত বৃহৎ উত্থান লাভ কৰিছে। সমবায় ক্ষেত্ৰত সমবায় বেংকসমূহে এটি বৃহৎ ভূমিকা পালন কৰে আৰু ই ৰিজাৰ্ভ বেংকৰ নিয়ন্ত্ৰণ আৰু তত্বাৱধানৰ এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰও। আজি ইউপিআই হৈছে বিশ্বব্যাপী স্বীকৃতিপ্ৰাপ্ত মঞ্চ। ইয়াৰ জৰিয়তে প্ৰতিমাহে ১,২০০ কোটিৰো অধিক লেনদেন অব্যাহত আছে।

এই মুহূৰ্তত আপোনালোকে চেন্ট্ৰেল বেংক ডিজিটেল কাৰেন্সীৰ কাম কৰি আছে। অৰ্থাৎ, যোৱা ১০ বছৰত যি পৰিৱৰ্তন সাধন হৈছে, তাৰ ছবিও এয়া। এটা দশকৰ ভিতৰত আমি সম্পূৰ্ণ নতুন বেংকিং ব্যৱস্থা, নতুন অৰ্থনীতি আৰু নতুন মুদ্ৰাৰ অভিজ্ঞতা লাভ কৰিছোঁ। আৰু আগতে কোৱাৰ দৰে যোৱা ১০ বছৰত যিয়েই নহওঁক কিয়, সেয়া মাত্ৰ ট্ৰেইলাৰ। এতিয়াও বহু কাম বাকী আছে, এতিয়াও আমি দেশক আগুৱাই নিব লাগিব।

বন্ধুসকল,

আগন্তুক ১০ বছৰৰ বাবে আমাৰ অতি স্পষ্ট লক্ষ্য থকাটো অতিশয় প্ৰয়োজনীয়। আমি একেলগে অহা ১০ বছৰত ডিজিটেল লেনদেনৰ সম্ভাৱনা সম্প্ৰসাৰণ কৰিব লাগিব। নগদবিহীন অৰ্থনীতিৰ এই পৰিৱৰ্তনসমূহৰ ওপৰতো আমি চকু ৰাখিব লাগিব। আমি বিত্তীয় অন্তৰ্ভুক্তি আৰু সুদৃঢ়কৰণৰ প্ৰচেষ্টাৰো অগ্ৰগতি সাধন কৰিব লাগিব।

বন্ধুসকল,

ইমান বৃহৎ জনসংখ্যাৰ বেংকিং প্ৰয়োজনীয়তাও ভিন্ন হ’ব পাৰে। বহুতে ফিজিকেল ব্ৰান্স মডেল ভাল পায়, বহুতে ডিজিটেল ডেলিভাৰী ভাল পায়। দেশত এনে নীতি প্ৰণয়ন কৰাটো প্ৰয়োজন, যাতে বেংকিং কৰাৰ সুবিধাৰ অগ্ৰগতি সাধন হয় আৰু সকলোৱে নিজৰ প্ৰয়োজন অনুসৰি ঋণৰ সুবিধা লাভ কৰিব পাৰে। ভাৰতক ডিপিআইৰ ক্ষেত্ৰত আগশাৰীৰ হিচাপে গঢ়ি তুলিবলৈ আমি অহৰহ কৃত্ৰিম বুদ্ধিমত্তা, মেচিন লাৰ্নিঙৰ সহায় লোৱা উচিত। ভাৰতৰ অগ্ৰগতি যাতে দ্ৰুত, সৰ্বাংগীন আৰু বহনক্ষম হয়, তাৰ বাবে ৰিজাৰ্ভ বেংকে অহৰহ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। নিয়ন্ত্ৰক হিচাপে আৰবিআয়ে বেংকিং খণ্ডত নিয়ম ভিত্তিক অনুশাসন আৰু আৰ্থিকভাৱে বিচক্ষণ পদ্ধতি নিশ্চিত কৰিছে।

কিন্তু, ইয়াৰ সমান্তৰালকৈ আৰবিআয়ে ভিন্ন খণ্ডৰ ভৱিষ্যৎ প্রয়োজনীয়তাৰ মূল্যায়নেৰে এতিয়াই প্রস্তুতি কৰি বেংকসমূহক উৎসাহিতকৰণৰ সক্রিয় পদক্ষেপ গ্ৰহণ কৰাটোও প্রয়োজনীয়। মই আপোনালোকক আশ্বস্ত কৰিছোঁ যে চৰকাৰ আপোনালোকৰ সৈতে আছে। আপোনালোকৰ মনত পৰিব যে ১০ বছৰৰ আগতে দুটা অংকৰ মুদ্ৰাস্ফীতিৰ সৈতে মোকাবিলাকৰণৰ প্ৰতিফলন সেই সময়ৰ বিত্তীয় নীতিত দেখা পোৱা নগৈছিল। ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ আমাৰ চৰকাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকক ইনফ্লেচন টাৰ্গেটিং কৰাৰ অধিকাৰ দিলে। মুদ্ৰানীতি কমিটিখনেও এই আদেশৰ অধীনত অতি ভাল কাম কৰিছিল। একে সময়তে চৰকাৰে সক্ৰিয় মূল্য নিৰীক্ষণ আৰু বিত্তীয় একত্ৰীকৰণৰ দৰে পদক্ষেপ গ্ৰহণ কৰে। গতিকে ক’ৰোনা সংকটেই হওঁক, ভিন্ন দেশৰ যুদ্ধৰ পৰিস্থিতিয়েই হওঁক, উত্তেজনাই হওঁক, ভাৰতত মুদ্ৰাস্ফীতি হ’লেও মধ্যমীয়া স্তৰত আছে।

বন্ধুসকল,

যিখন দেশৰ অগ্ৰাধিকাৰ স্পষ্ট, সেইখন দেশক উন্নতিৰ ক্ষেত্ৰত কোনেও বাধা দিব নোৱাৰে। ক’ৰোনাৰ সময়ত আৰ্থিক বিচক্ষণতাৰ প্ৰতিও আমি চিন্তিত আছিলোঁ আৰু লগতে সাধাৰণ নাগৰিকৰ জীৱনকো সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছিলোঁ। এই কাৰণেই ভাৰতৰ দৰিদ্ৰ আৰু ভাৰতৰ মধ্যবিত্ত শ্ৰেণীয়ে সেই দুৰ্য্যোগৰপৰা আৰোগ্য লাভেৰে এতিয়া অৰ্থনীতিৰ উন্নতি সাধন কৰিছে। যি সময়ত বিশ্বৰ বৃহৎ দেশসমূহে এতিয়াও সেই জোকাৰণিৰপৰা উদ্ধাৰৰ চেষ্টা চলাই আছে, সেই সময়তে ভাৰতৰ অৰ্থনীতিয়ে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ভাৰতৰ এই সফলতাক আৰবিআয়ে বিশ্ব পৰ্য্যায়লৈ লৈ যাব পাৰে।

মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ আৰু বিকাশৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো যিকোনো উন্নয়নশীল দেশৰ এক অনন্য প্ৰয়োজনীয়তা। ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ কি-কি আৰ্থিক উপায় অৱলম্বন কৰিব পাৰি, সেই বিষয়ে চিন্তা কৰাটো অতি প্ৰয়োজনীয়। এই ক্ষেত্ৰত আদৰ্শ হৈ আৰবিআয়ে বৈশ্বিক নেতৃত্বৰ ভূমিকা পালন কৰিব পাৰে। আৰু এই কথা মই দহ বছৰৰ অভিজ্ঞতাৰ অন্তত কৈছোঁ। আৰু মই এই কথা কৈছোঁ বিশ্বখনক ভালদৰে জনা আৰু বুজি পোৱাৰ পিছত। আৰু, এনে কাৰ্য্যই সমগ্ৰ গ্ল’বেল চাউথক যথেষ্ট সহায় কৰিব পাৰে।

বন্ধুসকল,

অহা ১০ বছৰৰ লক্ষ্য নিৰ্ধাৰণৰ সময়ত আৰু এটা কথা মনত ৰাখিব লাগিব। অৰ্থাৎ- ভাৰতৰ যুৱ প্ৰজন্মৰ আকাংক্ষা। ভাৰত আজি বিশ্বৰ অন্যতম যুৱ প্ৰজন্ম প্ৰধান দেশ। এই যুৱ সমাজৰ আকাংক্ষা পূৰণৰ ক্ষেত্ৰত আৰবিআইৰ এটি গুৰুত্বপূৰ্ণ ভূমিকা আছে। যোৱা ১০ বছৰত চৰকাৰী নীতিৰ বাবে নতুন খণ্ডৰ সৃষ্টি হৈছে। দেশৰ যুৱক-যুৱতীসকলে এই খণ্ডসমূহত নতুন সুযোগ লাভ কৰিছে। আজি সেউজ শক্তিৰ দৰে উদীয়মান খণ্ডসমূহ সম্প্ৰসাৰিত হৈছে।

চৰকাৰে সৌৰশক্তি আৰু সেউজ হাইড্ৰজেনৰ দৰে খণ্ডক প্ৰোৎসাহিত কৰিছে। আজি দেশত ইথানল মিশ্ৰণ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। আজি ভাৰতে ডিজিটেল প্ৰযুক্তিৰ প্ৰধান প্লেয়াৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। আমি থলুৱা ৫-জি প্ৰযুক্তিৰ ক্ষেত্ৰত কাম কৰিছোঁ। আমি প্ৰতিৰক্ষা খণ্ডত এক বৃহৎ ৰপ্তানিকাৰীৰ ভূমিকাত অৱতীৰ্ণ হৈছোঁ।

সমগ্ৰ ভাৰতীয় অৰ্থনীতি আৰু উৎপাদন খণ্ডৰ মেৰুদণ্ড হৈছে এমএছএমই। এনে সকলো খণ্ডতে ভিন্ন ধৰণৰ ঋণৰ প্ৰয়োজন। ক’ৰোনাৰ সময়ত আমি এমএছএমই খণ্ডৰ বাবে যি ক্ৰেডিট গেৰাণ্টী আঁচনি প্ৰণয়ন কৰিছিলোঁ, সেই আঁচনিখনে এই খণ্ডটোক যথেষ্ট শক্তি প্ৰদান কৰিছিল। ৰিজাৰ্ভ বেংকেও আউট অৱ দ্য বক্স পলিচিৰ বিষয়ে অধিক চিন্তা কৰিব লাগিব। আৰু মই দেখিছোঁ যে আমাৰ শক্তিকান্ত জী এগৰাকী বিশেষজ্ঞ। বিশেষকৈ নতুন খণ্ডত আমাৰ যুৱক-যুৱতীসকলে যাতে পৰ্য্যাপ্ত ঋণৰ উপলব্ধতা লাভ কৰে, সেয়া নিশ্চিত কৰাটো অতি প্ৰয়োজনীয়।

বন্ধুসকল,

একবিংশ শতিকাত উদ্ভাৱন অতি গুৰুত্বপূৰ্ণ হ’বলৈ আগবাঢ়িছে। উদ্ভাৱনৰ ক্ষেত্ৰত অভিলেখ পৰিমাণৰ বিনিয়োগ কৰিছে চৰকাৰে। আপোনালোকে দেখিছে, এতিয়া আমি অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিছোঁ, য’ত উদ্ভাৱনৰ বাবেও এক লাখ কোটি টকাৰ গৱেষণা পুঁজি সৃষ্টি কৰা হৈছে। ‘কাটিং এজ টেকনল’জি’ক লৈ যিসমূহ প্ৰস্তাৱ আহিব আৰু এই ক্ষেত্ৰত কাম কৰিব বিচৰাসকলৰ বাবে আমি কেনেদৰে প্ৰস্তুতি চলাব পাৰোঁ, সেই বিষয়ে চিন্তা কৰাটো অতি প্ৰয়োজনীয়। আৰু আৰবিআয়ে এতিয়াৰপৰা ভাবিব লাগে যে ই কেনেদৰে সহায় কৰিব। আমি এনে লোকক চিনাক্ত কৰিব লাগিব, আমি এনে টীম গঠন কৰিব লাগিব। আমি পৰম্পৰাগত ব্যৱসায় আৰু আগন্তুক বিষয়সমূহৰ বিশেষজ্ঞতা বিকাশ কৰা উচিত।

একেদৰে মহাকাশ খণ্ডও মুকলি হৈছে, নতুন নতুন ষ্টাৰ্টআপ আহিছে। গতিকে আমি চাব লাগিব যে সেই সমূহক ক্ৰেডিটৰ বাবে কেনেধৰণৰ সমৰ্থনৰ প্ৰয়োজন। একেদৰে, ভাৰতৰ এটা বৃহৎ নতুন খণ্ড সম্পূৰ্ণ শক্তিৰে আহি আছে, সেয়া হ’ল পৰ্যটন খণ্ড। পৰ্যটন খণ্ডও বৃদ্ধি পাইছে আৰু সমগ্ৰ বিশ্বই ভাৰতলৈ আহিব বিচাৰে, ভাৰতক চাব বিচাৰে, ভাৰতক বুজিব বিচাৰে। শেহতীয়াকৈ ক’ৰবাত পঢ়িলোঁ যে পৰ্যটন বিশেষজ্ঞসকলে কৈছে যে অনাগত বছৰবোৰত অযোধ্যা ধৰ্মীয় পৰ্যটনৰ বিশ্বৰ সৰ্ববৃহৎ ৰাজধানী হ’ব। আমি চাব লাগিব এই খণ্ডটোক আৰ্থিকভাৱে সহায় কৰিবলৈ আমাৰ কি প্ৰস্তুতি? দেশত যিসমূহ নতুন খণ্ড গঢ় লৈ উঠিছে, সেইসমূহত আমি বিশেষজ্ঞতা গঢ়ি তুলিব লাগে আৰু সেইসমূহক আমি কেনেদৰে সহায় কৰিম সেই বিষয়ে আগতীয়াকৈ চিন্তা-চৰ্চা কৰিব লাগে।

এই মুহূৰ্তত মই ১০০ দিন নিৰ্বাচনত ব্যস্ত, গতিকে আপোনালোকৰ হাতত যথেষ্ট সময় আছে।

বন্ধুসকল,

আমি আৰ্থিক অন্তৰ্ভুক্তিৰ ওপৰত বহুত কাম কৰিছোঁ, ডিজিটেল পেমেন্টৰ ওপৰত বহুত কাম কৰিছোঁ। ইয়াৰ লগে-লগে আমাৰ ক্ষুদ্ৰ ব্যৱসায়ী আৰু পথ কাষৰ ব্যৱসায়ীসকলৰ আৰ্থিক সামৰ্থ্য স্বচ্ছভাৱে দৃশ্যমান হৈ পৰিছে। এতিয়া এই তথ্য ব্যৱহাৰ কৰি আমি তেওঁলোকক আৰ্থিকভাৱে সবলীকৰণ কৰিব লাগিব।

বন্ধুসকল,

আমি একেলগে আগন্তুক ১০ বছৰত আৰু এটা ডাঙৰ কাম কৰিব লাগিব। আমি ভাৰতৰ অৰ্থনৈতিক স্বাৱলম্বিতা বৃদ্ধি কৰিব লাগিব। আমি চেষ্টা কৰিব লাগিব যে বিশ্বৰ সংকটৰ ফলত আমাৰ অৰ্থনীতি কম প্ৰভাৱিত হয়। আজি বিশ্বৰ জিডিপি বৃদ্ধিৰ ১৫ শতাংশ অংশীদাৰিত্বৰে ভাৰত বিশ্বৰ বিকাশৰ ইঞ্জিন হৈ পৰিছে। এনে পৰিস্থিতিত আমাৰ টকাক সমগ্ৰ বিশ্বতে অধিক সুলভ আৰু গ্ৰহণযোগ্য কৰি তোলাৰ প্ৰয়াস কৰা উচিত।

যোৱা কেইবছৰমানৰপৰা সমগ্ৰ বিশ্বতে দেখা পোৱা আন এটা ধাৰা হ’ল অত্যধিক অৰ্থনৈতিক সম্প্ৰসাৰণ আৰু ঋণ বৃদ্ধি। বহু দেশৰ ব্যক্তিগত খণ্ডৰ ঋণ জিডিপি দুগুণ হৈছেগৈ। বহু দেশৰ ঋণৰ মাত্ৰাই সেই দেশৰ অৰ্থনীতিৰ লগতে সমগ্ৰ বিশ্বতে প্ৰভাৱ পেলায়। ৰিজাৰ্ভ বেংকে এই বিষয়েও এক অধ্যয়ন কৰা উচিত।

ভাৰতৰ বৃদ্ধিৰ সম্ভাৱনাক মনত ৰাখি আধুনিক দৃষ্টিকোণৰপৰা কিমান ক্ৰেডিট উপলব্ধ হ’ব লাগে আৰু ইয়াক কেনেকৈ বহনক্ষমভাৱে পৰিচালিত কৰিব লাগে, সেই সিদ্ধান্ত লোৱাটো অতি গুৰুত্বপূৰ্ণ।

বন্ধুসকল,

দেশৰ বাবে গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহলৈ পুঁজি প্ৰদানৰ ক্ষেত্ৰত আমাৰ বেংকিং উদ্যোগৰ বাবেও অগ্ৰগতি লাভ কৰাটোও সমানেই গুৰুত্বপূৰ্ণ হ’ব। আৰু এই প্ৰয়োজনীয়তাৰ মাজতে আজি বহু ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। এআই আৰু ব্লক চেইনৰ দৰে নতুন প্ৰযুক্তিয়ে বেংকিংৰ ধৰণ সলনি কৰিছে। গোটেই পন্থাটো সলনি হৈছে। ক্ৰমবৰ্ধমান ডিজিটেল বেংকিং ব্যৱস্থাত চাইবাৰ ছিকিউৰিটিৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। ফিনটেকৰ নতুন উদ্ভাৱনে বেংকিংৰ নতুন পদ্ধতিৰ সৃষ্টি কৰিবলৈ ওলাইছে। এনে পৰিস্থিতিত আমি চিন্তা কৰিব লাগিব যে দেশৰ বেংকিং খণ্ডৰ গাঁথনিত কি-কি পৰিৱৰ্তনৰ প্ৰয়োজন। ইয়াত আমাক নতুন বিত্তীয়, পৰিচালনা আৰু ব্যৱসায়িক মডেলৰ প্ৰয়োজন হ’ব পাৰে। এখন উন্নত ভাৰতৰ বাবে এইটো অতি গুৰুত্বপূৰ্ণ যে আমি যাতে ঋণৰ প্ৰয়োজনীয়তাৰপৰা আৰম্ভ কৰি পথৰ কাষৰ ব্যৱসায়ী, অত্যাধুনিক খণ্ডৰপৰা আৰম্ভ কৰি পৰম্পৰাগত খণ্ডলৈকে সকলোৰে প্ৰয়োজনীয়তাৰাজি পূৰণ কৰিব পাৰোঁ।

উন্নত ভাৰতৰ বেংকিং দৃষ্টিভংগীৰ এই সম্পূৰ্ণ অধ্যয়নৰ বাবে ৰিজাৰ্ভ বেংক এক অতি উপযোগী প্ৰতিষ্ঠান। ২০৪৭ৰ ভিতৰত এখনি উন্নত ভাৰত গঢ়াৰ বাবে আপোনালোকৰ এই প্ৰচেষ্টাসমূহ অতি গুৰুত্বপূৰ্ণ হ’ব।

আকৌ এবাৰ আপোনালোক সকলোকে মই অলেখ শুভেচ্ছা জনালোঁ।

ধন্যবাদ!

*****

DS/ST/NS/SB



(Release ID: 2016861) Visitor Counter : 46