কেবিনেট

ভাৰত আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ মাজত ভাৰত-মধ্যপ্ৰাচ্য ইউৰোপ অৰ্থনৈতিক কৰিডৰৰ সবলীকৰণ আৰু পৰিচালনাৰ বাবে সহযোগিতা সম্পৰ্কীয় আন্তঃচৰকাৰী কাঠামো চুক্তিত অনুমোদন কেবিনেটৰ

Posted On: 13 MAR 2024 3:27PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰত-মধ্যপ্ৰাচ্য ইউৰোপ অৰ্থনৈতিক কৰিডৰ (আইএমইচি)ৰ সবলীকৰণ আৰু পৰিচালনাৰ বাবে সহযোগিতাৰ সন্দৰ্ভত ভাৰত চৰকাৰ আৰু সংযুক্ত আৰব আমিৰশ্বাহী চৰকাৰৰ উচ্চ পৰ্যায়ৰ ভ্ৰমণৰ সময়ত ২০২৪ চনৰ ১৩ ফেব্ৰুৱাৰীত স্বাক্ষৰিত আন্তঃচৰকাৰী কাঠামো চুক্তি (আইডিএফএ)ত অনুমোদন জনায়। আইজিএফএৰ লক্ষ্য হৈছে দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰা আৰু দুয়োখন দেশৰ মাজত বন্দৰ, সামুদ্ৰিক আৰু লজিষ্টিক খণ্ডত সম্পৰ্ক অধিক সুদৃঢ় কৰা।

 

আইএমইচিৰ উন্নয়নৰ ক্ষেত্ৰত ভৱিষ্যতৰ যৌথ বিনিয়োগ আৰু সহযোগিতাৰ অধিক সম্ভাৱনা অন্বেষণ কৰাৰ লক্ষ্যৰে দুয়োখন দেশৰ মাজত সহযোগিতাৰ ক্ষেত্ৰসমূহ আইজিএফএত অন্তৰ্ভুক্ত কৰা হৈছে।

 

এই চুক্তিত দুয়োখন দেশৰ মাজত সহযোগিতাৰ বিষদ কাঠামো সন্নিবিষ্ট কৰা হৈছে। এই সহযোগিতা দেশসমূহৰ এলেকাধীন প্ৰাসংগিক নিয়ম-নীতিৰ সৈতে সামঞ্জস্যপূৰ্ণ পাৰস্পৰিকভাৱে সহমতত উপনীত হোৱা নীতি, নিৰ্দেশনা আৰু চুক্তিৰ গোটৰ ওপৰত ভিত্তি কৰি কৰা হ’ব।

*****

DS/SKS/DB



(Release ID: 2014203) Visitor Counter : 46