তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

পুৰীৰ সমুদ্ৰ তীৰত সুদৰ্শন পাটনায়কৰ দ্বাৰা নিৰ্মিত বলুকা ভাস্কৰ্যই "মেৰা পেহলা ভোট দেশ কে লিয়ে" অভিযানক এক নতুন পৰিসৰ প্ৰদান কৰিছে

प्रविष्टि तिथि: 10 MAR 2024 2:36PM by PIB Guwahati

'মেৰা পেহলা ভোট দেশ কে লিয়ে' অভিযানে সমগ্ৰ দেশতে গতি লাভ কৰিছে আৰু ইয়াক আগুৱাই নি বিখ্যাত বলুকা শিল্পী সুদৰ্শন পাটনায়কে ওড়িশাৰ পুৰী সমুদ্ৰ তীৰত বালিৰ এটা ভাস্কৰ্য্য নিৰ্মাণ কৰিছে। নিজৰ শিল্পকৰ্মৰ জৰিয়তে, তেওঁ যুৱক-যুৱতী আৰু প্ৰথমবাৰৰ বাবে ভোটদান কৰাসকলক বৃহৎ সংখ্যাত ভোটদান কৰাৰ লগতে আমাৰ গণতন্ত্ৰক সমৃদ্ধ আৰু শক্তিশালী কৰিবলৈ আহ্বান জনাইছে।

কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে পাটনায়কৰ শিল্পকৰ্মক প্ৰশংসা কৰি কয়, ‘এই শিল্পকৰ্ম বালিত নিৰ্মিত, কিন্তু ইয়াৰ ছাপ প্ৰতিজন ভাৰতীয়ৰ মনত আছে।’ মন্ত্ৰীগৰাকীয়ে নিজৰ এক্স পোষ্টত আৰু কয়, "#MeraPehlaVoteDeshKeliye হিচাপে, অভিযান দেশৰ প্ৰতিটো কোণলৈ গৈছে, যিয়ে প্ৰথমবাৰৰ বাবে ভোটদান কৰাসকলৰ মাজত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ অংশ হ’বলৈ এক অতুলনীয় উৎসাহৰ সৃষ্টি কৰিছে, বালিত খোদিত এই অভিযানৰ আমি এক সুন্দৰ অভিব্যক্তি দেখি আছোঁ।"

'মেৰা পেহলা ভোট দেশ কে লিয়ে' অভিযান দেশৰ বিভিন্ন উচ্চ শিক্ষানুষ্ঠানতো চলি আছে। এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে যুৱ ভোটাৰসকলক ওলাই আহি ভোটদান কৰিবলৈ উৎসাহিত কৰা আৰু ৰাষ্ট্ৰৰ বৃহত্তৰ মংগলৰ বাবে ভোটদানৰ গুৰুত্বৰ কথা প্ৰকাশ কৰা। এই পদক্ষেপ বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰত নিৰ্বাচনৰ গুৰুত্ব আৰু ভোটদানৰ গৌৰৱৰ প্ৰতীক।

                                                                     

**********

 

Saurabh Singh


(रिलीज़ आईडी: 2013231) आगंतुक पटल : 143
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali-TR , Punjabi , Gujarati , Odia , Kannada