কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

কেবিনেটে ২০২৪-২৫ বৰ্ষৰ বাবে কেঁচা মৰাপাটৰ ন্যূনতম সমৰ্থন মূল্যত অনুমোদন জনাইছে

প্ৰতি কুইন্টলত ২৮৫ টকা বৃদ্ধি

যোৱা ১০ বছৰত কেঁচা মৰাপাটৰ ন্যূনতম সমৰ্থন মূল্য ১২২ শতাংশ বৃদ্ধি পাইছে

Posted On: 07 MAR 2024 7:48PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক বিষয়ৰ কেবিনেট কমিটিয়ে ২০২৪-২৫ বৰ্ষৰ বাবে কেঁচা মৰাপাটৰ ন্যূনতম সমৰ্থন মূল্যত (এমএছপি) অনুমোদন জনাইছে।

 

২০২৪-২৫ বৰ্ষৰ বাবে কেঁচা মৰাপাটৰ ন্যূনতম সমৰ্থন মূল্য (পূৰ্বৰ টিডি-গ্ৰেডৰ সমান টিডিএন-৩) প্ৰতি কুইন্টলত ,৩৩৫ টকা নিৰ্ধাৰণ কৰা হৈছে। ই সৰ্বভাৰতীয় ওজনযুক্ত গড় উৎপাদন ব্যয়তকৈ ৬৪.শতাংশ লাভ নিশ্চিত কৰিব। ২০২৪-৫ বৰ্ষৰ বাবে কেঁচা মৰাপাটৰ ঘোষিত ন্যূনতম সমৰ্থন মূল্য ২০১৮-১৯ বৰ্ষৰ বাজেটত চৰকাৰে ঘোষণা কৰা অনুসৰি সৰ্বভাৰতীয় ওজনযুক্ত গড় উৎপাদন ব্যয়ৰ কমেও ১.গুণ স্তৰত  ন্যূনতমসমৰ্থন মূল্য নিৰ্ধাৰণ কৰাৰ নীতিৰ সৈতে সামঞ্জস্যপূৰ্ণ।

 

কৃষি ব্যয় আৰু মূল্য আয়োগৰ (চিএচিপি) পৰামৰ্শৰ ভিত্তিত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

 

২০২৪-২৫ বৰ্ষৰ বাবে কেঁচা মৰাপাটৰ এমএছপি আগৰ বৰ্ষৰ তুলনাত প্ৰতি কুইন্টলত ২৮৫ টকা অধিক। যোৱা ১০ বছৰত, চৰকাৰে কেঁচা মৰাপাটৰ বাবে এমএছপি ২০১৪-১৫ বৰ্ষত প্ৰতি কুইন্টলত ২,৪০০ টকাৰ পৰা ২০২৪-২৫ বৰ্ষত প্ৰতি কুইন্টলত ৫,৩৩৫ টকালৈ বৃদ্ধি কৰিছে, যি হৈছে ১২২ শতাংশ বৃদ্ধি।

 

চলিত ২০২৩-২৪ বৰ্ষত, চৰকাৰে ৫২৪.৩২ কোটি টকা ব্যয়েৰে ৬.২৪ লাখ অধিক কেঁচা মৰাপাটৰ বেল ক্ৰয় কৰিছে, যাৰ ফলত প্ৰায় ১.৬৫ লাখ কৃষক উপকৃত হৈছে।

 

ভাৰতীয় মৰাপাট নিগমে (জেচিআই) মূল্য সমৰ্থন অভিযান হাতত লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নোডেল এজেন্সি হিচাপে অব্যাহত থাকিব আৰু এনে কাৰ্যকলাপত যদি কোনো লোকচান হয়, তেতিয়াহলে সেয়া কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণৰূপে পৰিশোধ কৰিব।

 

*************

 

DS/SKS/KG



(Release ID: 2012431) Visitor Counter : 82