সাংস্কৃতিক মন্ত্ৰালয়
azadi ka amrit mahotsav

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে কাইলৈ ৯৪ জন বিশিষ্ট শিল্পীক ২০২২ আৰু ২০২৩ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰিব

प्रविष्टि तिथि: 05 MAR 2024 6:37PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মূৱে সংগীত, নৃত্য, নাটক, লোক আৰু জনজাতীয় কলা, পুতলা আৰু সমন্বিত থিয়েটাৰ কলাৰ ৯৪ জন বিশিষ্ট শিল্পীক (দুটা যুটীয়া বঁটা) ২০২২ আৰু ২০২৩ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰিব। অনুষ্ঠানটোত উত্তৰ-পূব অঞ্চলৰ সংস্কৃতি, পৰ্যটন আৰু উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডী, সংসদীয় পৰিক্ৰমা আৰু সংস্কৃতিৰ আইন ন্যায় (স্বতন্ত্ৰ) ৰাজ্যিক মন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱাল, সংস্কৃতি মন্ত্ৰালয়ৰ সচিব শ্ৰী গোবিন্দ মোহন, সংগীত নাটক অকাডেমীৰ অধ্যক্ষ ড০ সন্ধ্যা পুৰেচা উপস্থিত থাকিব। 

২০২২ আৰু ২০২৩ বৰ্ষৰ সংগী নাটক একাডেমী বঁটা প্ৰদানৰ উপৰিও ৰাষ্ট্ৰপতিয়ে অনুষ্ঠানটোত ৭ জন বিশিষ্ট শিল্পীক যুটীয়া ফেলোশ্বিপ) সংগীত নাটক একাডেমী ফেলোশ্বিপ (অকাডেমি ৰত্ন) প্ৰদান কৰিব। সংগীত নাটক একাডেমী ফেলোশ্বিপ (অকাডেমি ৰত্ন) হৈছে পৰিৱেশ্য কলাৰ ক্ষেত্ৰত এজন বিশিষ্ট শিল্পীক তেওঁৰ ব্যতিক্ৰমী অৱদানৰ বাবে প্ৰদান কৰা সৰ্বোচ্চ সন্মান। একাডেমীৰ ফেলোশ্বিপ হৈছে আটাইতকৈ সন্মানীয় আৰু বিৰল সন্মান আৰু এই সন্মান সৰ্বাধিক ৪০ জন ব্যক্তিক প্ৰদান কৰিব পাৰি।

 ১৯৫২ চনৰ পৰা একাডেমী বঁটাসমূহ প্ৰদান কৰা হৈছে। এই সন্মান কেৱল উৎকৃষ্টতা আৰু প্ৰাপ্তিৰ সৰ্বোচ্চ মানদণ্ডৰ প্ৰতীক নহয়, এই সন্মানে নিৰন্তৰ ব্যক্তিগত কাম আৰু অৱদানক স্বীকৃতি প্ৰদান কৰে। একাডেমী ফেলোশ্বিপ হিচাপে নগদ ৩ লাখ টকা প্ৰদান কৰা হয়। অকাডেমি বঁটাত তাম্ৰপত্ৰ অংগবস্ত্ৰৰ উপৰিও নগদ ১,০০,০০০/- টকা (এক লাখ টকা) প্ৰদান কৰা হয়।

 

****

 

BY/SKT/AR


(रिलीज़ आईडी: 2012295) आगंतुक पटल : 144
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , English , Urdu , हिन्दी , Marathi , Bengali , Punjabi