তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে ‘এফআইচিচিআই’ৰ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ প্ৰদান কৰে

উদ্যোগৰ নেতৃবৃন্দই ভাৰতত বিনিয়োগ কৰিব বিচৰা সকলৰ সৈতে অংশীদাৰিত্ব গঢ়ি তোলা উচিত: শ্ৰী ঠাকুৰ

গোলকীয় ডিজিটেল পৰিশোধৰ ৪৬% ভাৰতত সম্পাদিত হয়: শ্ৰী ঠাকুৰ

Posted On: 27 FEB 2024 2:54PM by PIB Guwahati

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে আজি ‘এফআইচিচিআই’ৰ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ আগবঢ়ায়। “বিকশিত Bharat@২০৪৭: বিকশিত ভাৰত তথা উদ্যোগ” শীৰ্ষক বিষয়বস্তু সন্দৰ্ভত ভাষণ প্ৰদান কৰি শ্ৰী ঠাকুৰে প্ৰথমে কৰ দাতাসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে আৰু কয় যে সৎ কৰ দাতাসকলৰ বাবেই চৰকাৰে এনেদৰে সংগ্ৰহ কৰা পুঁজিৰ প্ৰতিটো পইচা সামাজিক খণ্ডত নিয়োজিত কৰিবলৈ সক্ষম হৈছে। আগতে আৱণ্টিত ধনৰ মাত্ৰ এটা অংশহে হিতাধিকাৰীসকললৈ গৈছিল, কিন্তু আজি মুকলি কৰা সমুদায় ধন তেওঁলোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ পোৱাটো চৰকাৰে নিশ্চিত কৰিছে।

 

‘ইউপিআই’ক চৰকাৰে প্ৰতিশ্ৰুতি পালন কৰাৰ বাবে গ্ৰহণ কৰা সংকল্পৰ উদাহৰণ হিচাপে উল্লেখ কৰি তেওঁ কয় যে ‘ইউপিআই’ মুকলি কৰাৰ সময়ত ইয়াৰ কাৰ্যকৰীতা সম্পৰ্কে যথেষ্ট সন্দেহ আছিল, কিন্তু আজি ‘ইউপিআই’য়ে সমাজৰ সকলো শ্ৰেণীক স্পৰ্শ কৰাৰ লগতে দেশৰ সকলো প্ৰান্ততে প্ৰৱেশ কৰিছে। "আজি বিশ্বৰ সমুদায় ডিজিটেল পৰিশোধৰ ৪৬ শতাংশই ভাৰতত সম্পাদিত হয় আৰু বিশ্বই প্ৰযুক্তিগত দক্ষতাৰ বাবে আমাৰ ফালে চাবলৈ লৈছে", বুলি তেওঁ লগতে উল্লেখ কৰে।

 

দৰিদ্ৰ লোকসকলৰ জীৱন উন্নত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ সাফল্যৰ তালিকা দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৪০ নিযুত ঘৰ, ১০০ নিযুত শৌচালয়, ১০০ নিযুততকৈয়ো অধিক এলপিজি চিলিণ্ডাৰৰ সংযোগ প্ৰদান কৰা হৈছে, আনহাতে ১৩০ নিযুততকৈয়ো অধিক নলৰে যোগান ধৰা পানীৰ সংযোগ প্ৰদান কৰা হৈছে। সেইদৰে, ৬০০ নিযুততকৈয়ো অধিক ‘আয়ুষ্মান ভাৰত’ৰ হিতাধিকাৰী আছে আৰু ৮০০ নিযুতৰো অধিক লোকে বিনামূলীয়া খাদ্যদ্ৰব্য লাভ কৰি আহিছে।

 

বিগত দহটা বছৰত দেশত আন্তঃগাঁথনি উন্নয়নত চৰকাৰে প্ৰদান কৰা গুৰুত্বৰ কথা উল্লেখ কৰি তেওঁ কয় যে ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ ৯০ হাজাৰ কিলোমিটাৰৰ পৰা ১৫০ হাজাৰ কিলোমিটাৰলৈ, বিমানবন্দৰৰ সংখ্যা ৭৪ৰ পৰা ১৫০লৈ দুগুণে বৃদ্ধি হৈছে, ‘এইমছ’ৰ সংখ্যা ৭ৰ পৰা ২৩ খনলৈ আৰু ‘আইআইটি’ ১২ ৰ পৰা ১৯খন লৈ বৃদ্ধি পাইছে আৰু গ্ৰাম্য পথৰ দৈৰ্ঘ্য পূৰ্বৰ দুগুণ হৈছে। এইবোৰৰ লগতে অন্যান্য পদক্ষেপসমূহে ভাৰতক আজি বিশ্বৰ শীৰ্ষ পাঁচ অৰ্থনীতিত স্থান দিছে।

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক দেশত এক শক্তিশালী আৰু সক্ষম নেতৃত্ব প্ৰদান কৰাৰ কৃতিত্ব প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আজি বিদেশত ভাৰতীয় পাছপোৰ্টৰ গুৰুত্ব বৃদ্ধি পাইছে আৰু ভাৰতে সংঘৰ্ষত পীড়িত দেশসমূহৰ পৰা নিজৰ লোকসকলক উদ্ধাৰ কৰাত তত্পৰতা প্ৰদৰ্শন কৰিছে।

 

শ্ৰী ঠাকুৰে কয় যে কৃষি খণ্ডত চৰকাৰে ‘ব্যয় আৰু ৫০%’ৰ প্ৰতিশ্ৰুতি পালন কৰিছে, ঘৰুৱা উদ্যোগসমূহ আজি চৰকাৰী সহযোগিতাৰে দ্ৰুত গতিত বৃদ্ধি পাইছে। তেওঁ মন্তব্য কৰে যে যোৱা দহটা বছৰত চৰকাৰে দেশখনক ২০৪৭ চনৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ সংকল্পৰে ভেটি স্থাপন কৰিছে।

 

মন্ত্ৰীগৰাকীয়ে আমাৰ উদ্যোগৰ নেতৃবৃন্দক ভাৰতত বিনিয়োগ কৰিব বিচৰাসকলৰ সৈতে অংশীদাৰিত্ব গঢ়ি তুলিবলৈ আৰু ভাৰতৰ প্ৰতিভা আৰু সামৰ্থ্যৰ যথোচিত ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়, যিয়ে ভাৰতক বিকশিত ভাৰতলৈ ৰূপান্তৰিত হোৱাত মুখ্য অৰিহণা যোগাব।

 

*****

Pragya Paliwal Gaur/Saurabh Singh/KB



(Release ID: 2009535) Visitor Counter : 37