প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত গুজৰাট ভ্ৰমণ কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰক সমৰ্পিত কৰ্মৰাজি উদ্বোধন কৰাৰ লগতে ৫২,২৫০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব

এই প্ৰকল্পসমূহৰ ভিতৰত স্বাস্থ্য, পথ, ৰে'লৱে, শক্তি, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, পৰ্যটনৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডসমূহ অন্তৰ্ভুক্ত আছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওখা মূল ভূখণ্ড আৰু বেইট দ্বাৰকা সংযোগী সুদৰ্শন সেতুৰ লোকাৰ্পণ কৰিব

এইখন ভাৰতৰ আটাইতকৈ দীঘল কেবোল দলং

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজকোট, বাথিণ্ডা, ৰায় বৰেলী, কল্যাণী আৰু মংগলাগিৰিক এইমছ সমৰ্পিত কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০০ৰো অধিক স্বাস্থ্যসেৱা আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব আৰু ৰাষ্ট্ৰক সমৰ্পিত কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্মচাৰী ৰাজ্য বীমা নিগম (ই এছ আই চি)ৰ ২১টা প্ৰকল্প উদ্বোধন কৰিব আৰু ৰাষ্ট্ৰক সমৰ্পিত কৰিব

Posted On: 24 FEB 2024 10:45AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ আৰু ২৫ ফেব্ৰুৱাৰী, ২০২৪ত গুজৰাট ভ্ৰমণ কৰিব। অহা ২৫ ফেব্ৰুৱাৰীৰ পুৱা ৭:৪৫ বজাত বেয়াত দ্বাৰকা মন্দিৰত পূজা আৰু দৰ্শন কৰিব। পূজাৰ পিছত, পুৱা ৮:২৫ বজাত সুদৰ্শন সেতু ভ্ৰমণ কৰিব। ইয়াৰ পিছত তেওঁ ৰাতিপুৱা ৯.৩০ বজাত দ্বাৰকাধীশ মন্দিৰলৈ যাব।

দিনৰ প্ৰায় ১ বজাত, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বাৰকাত ৪১৫০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

ইয়াৰ পিছত, বিয়লি ৩.৩০ বজাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ) ৰাজকোটলৈ যাব। বিয়লি ৪:৩০ বজাত, প্ৰধানমন্ত্ৰীয়ে ৰাজকোটৰ ৰেচকোৰ্ছ খেলপথাৰত ৪৮,১০০ কোটিতকৈ অধিক টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰিব, ৰাষ্ট্ৰক সমৰ্পিত কৰিব আৰু আধাৰশিলা স্থাপন কৰিব।

দ্বাৰকাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বাৰকাত আয়োজিত এখন ৰাজহুৱা সমাৰোহত প্ৰায় ৯৮০ কোটি টকা ব্যয়ৰে নিৰ্মিত ওখা মূল ভূখণ্ড আৰু বেয়াত দ্বাৰকা দ্বীপ সংযোগী সুদৰ্শন সেতু ৰাষ্ট্ৰক সমৰ্পিত কৰিব। ই প্ৰায় ২.৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ দেশৰ ভিতৰতে আটাইতকৈ দীঘল কেবোল দলং।

সুদৰ্শন সেতুৱে এক অনন্য ডিজাইন প্ৰদৰ্শন কৰিছে, য'ত দুয়োফালে শ্ৰীমদ্ভাগৱত গীতাৰ শ্লোক আৰু ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্তিৰে সজাই তোলা পদপথ আছে। ইয়াত পদপথৰ ওপৰৰ অংশত সৌৰ পেনেলো স্থাপন কৰা হৈছে, য’ৰ পৰা এক মেগাৱাট বিদ্যুৎ উৎপাদন হয়। এই দলংখনে যাতায়ত সহজ কৰি তুলিব আৰু দ্বাৰকা আৰু বেয়াত-দ্বাৰকা পথৰ মাজত ভক্তৰ যাত্ৰাৰ সময় যথেষ্ট হ্ৰাস কৰিব। দলং নিৰ্মাণৰ পূৰ্বে তীৰ্থযাত্ৰীসকলে বেয়াত দ্বাৰকালৈ যাবলৈ নাও পৰিবহণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। এই আইকনিক দলংখনে দেৱভূমি দ্বাৰকাৰ এক প্ৰধান পৰ্যটনস্থলী হিচাপেও কাম কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাদিনাৰত পাইপলাইন প্ৰকল্প উচৰ্গা কৰিব য’ত বৰ্তমানৰ অফশ্ব’ৰ লাইন সলনি কৰা, বৰ্তমানৰ পাইপলাইন এণ্ড মেনিফল্ড (PLEM) পৰিত্যাগ কৰা আৰু সমগ্ৰ ব্যৱস্থাটো (পাইপলাইন, পিএলইএম আৰু আন্তঃসংযোগী লুপ লাইন) ওচৰৰ নতুন স্থানলৈ স্থানান্তৰ কৰা, অন্তৰ্ভুক্ত। তেওঁ ৰাজকোট-ওখা, ৰাজকোট-জেতালসৰ-সোমনাথ আৰু জেতলসৰ-ৱান্সজলিয়া ৰে'লৱে বিদ্যুতীকৰণ প্ৰকল্প ৰাষ্ট্ৰক সমৰ্পিত কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ঘাইপথ-৯২৭ডিৰ ধোৰাজী-জামকাদোৰ্না-কালাৱাদ অংশ বহল কৰাৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত জামনগৰৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ; ছিক্কা থাৰ্মেল পাৱাৰ ষ্টেচন, জামনগৰত ফ্লু গেছ ডিছালফাৰাইজেচন (এফজিডি) ব্যৱস্থা স্থাপন কৰা অন্তৰ্ভুক্ত আছে।

ৰাজকোটত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী

ৰাজকোটত আয়োজিত এখন ৰাজহুৱা সমাৰোহত, প্ৰধানমন্ত্ৰীয়ে ৪৮,১০০ কোটিৰো অধিক টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত আৰু আধাৰশিলা স্থাপন কৰিব, য'ত স্বাস্থ্য, পথ, ৰে’ল, শক্তি, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, পৰ্যটন আদি গুৰুত্বপূৰ্ণ খণ্ড অন্তৰ্ভুক্ত আছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱা শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে, ৰাজকোট (গুজৰাট), বাথিণ্ডা (পাঞ্জাব), ৰায়বৰেলী (উত্তৰ প্ৰদেশ), কল্যাণী (পশ্চিম বংগ) আৰু মংগলাগিৰি (অন্ধ্ৰ প্ৰদেশ)ত পাঁচখন অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ) ৰাষ্ট্ৰক সমৰ্পিত কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশত ১১,৫০০ কোটিতকৈ অধিক ধনৰ ২০০ৰো অধিক স্বাস্থ্যসেৱা আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব আৰু ৰাষ্ট্ৰক সমৰ্পিত কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুডুচেৰীৰ কৰাইকালত থকা জৱাহৰলাল স্নাতকোত্তৰ আয়ুৰ্বিজ্ঞান চিকিৎসা শিক্ষা তথা গৱেষণা প্ৰতিষ্ঠান (জিপমেৰ)ৰ চিকিৎসা মহাবিদ্যালয় আৰু পঞ্জাৱৰ ছাংগ্ৰুৰত থকা পোষ্টগ্ৰেজুৱেট ইনষ্টিটিউট অফ মেডিকেল এডুকেশ্যন এণ্ড ৰিছাৰ্চ (পিজিআইএমইআৰ)ৰ ৩০০ বিছনাযুক্ত উপগ্ৰহ কেন্দ্ৰ উচৰ্গা কৰিব। তেওঁ য়ানম, পুডুচেৰীত জিপমেৰৰ ৯০খন বিছনাযুক্ত মাল্টি স্পেচিয়েলিটী কনছাল্টিং ইউনিট, চেন্নাইত নেচনেল চেণ্টাৰ ফৰ এজিং, বিহাৰৰ পুৰ্ণিয়াত নতুন চৰকাৰী চিকিৎসা মহাবিদ্যালয়, ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ ২টা ফিল্ড ইউনিট, যাৰ নাম হৈছে কেৰালাৰ অলপ্পুঝাত নেশ্যনেল ইনষ্টিটিউট অফ ভাইৰ'লজী কেৰালা ইউনিট আৰু নেশ্যনেল ইনষ্টিটিউট অৱ ৰিছাৰ্চ ইন টিউবাৰকুলোছিছ (এন আই আৰ টি): তামিলনাডুৰ তিৰুভাল্লুৰত নতুন সামগ্ৰিক টিবি গৱেষণা সুবিধাৰ উদ্বোধন অন্তৰ্ভুক্ত। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন স্বাস্থ্য পৰিকল্পনাৰ আধাৰশিলা স্থাপন কৰিব য'ত পঞ্জাৱৰ ফিৰোজপুৰত পিজিআইএমইআৰৰ ১০০ বিছনাযুক্ত ছেটেলাইট চেণ্টাৰ, দিল্লীৰ ৰাম মনোহৰ লোহিয়া হাস্পতালত নতুন চিকিৎসা মহাবিদ্যালয় ভৱন, ইম্ফলৰ আঞ্চলিক আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (ৰিমছ)ত ক্ৰিটিকেল কেয়াৰ ব্লক, ঝাৰখণ্ডৰ কোডাৰমা আৰু ডুমকাৰ লগতে আন স্থানত নাৰ্চিং কলেজ অন্তৰ্ভুক্ত।

এইবোৰৰ উপৰিও, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু প্ৰধানমন্ত্ৰী-আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযান (পিএম-অভিম)ৰ অধীনত ১১৫টা প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পণ আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত, পিএম-এবিএইচআইএমৰ অধীনত ৭৮টা প্ৰকল্প (ক্ৰিটিকেল কেয়াৰ ব্লকৰ ৫০টা ইউনিট, সংহত জনস্বাস্থ্য পৰীক্ষাগাৰৰ ১৫টা ইউনিট, ব্লক জনস্বাস্থ্য ইউনিটৰ ১৩টা ইউনিট), ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত সামূহিক স্বাস্থ্য কেন্দ্ৰ, প্ৰাথমিক স্বাস্থ্যসেৱা কেন্দ্ৰ, আৰ্হি চিকিৎসালয়, ট্ৰেনজিট হোষ্টেল আদিৰ দৰে বিভিন্ন প্ৰকল্পৰ ৩০টা ইউনিট অন্তৰ্ভুক্ত।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুনেত ‘নিসৰ্গ গ্ৰাম’ নামৰ ৰাষ্ট্ৰীয় প্ৰাকৃতিক চিকিৎসা প্ৰতিষ্ঠানটোও উদ্বোধন কৰিব। ইয়াত প্ৰাকৃতিক চিকিৎসা মহাবিদ্যালয়ৰ লগতে বহুবিষয়ক গৱেষণা আৰু সম্প্ৰসাৰণ কেন্দ্ৰৰ সৈতে ২৫০খন বিচনাযুক্ত চিকিৎসালয়ো অন্তৰ্ভুক্ত আছে। ইয়াৰ উপৰিও, তেওঁ হাৰিয়ানাৰ ঝজ্জাৰত আঞ্চলিক যোগ আৰু প্ৰাকৃতিক চিকিৎসা গৱেষণা প্ৰতিষ্ঠান উদ্বোধন কৰিব। ইয়াত শীৰ্ষ পৰ্যায়ৰ যোগাসন আৰু প্ৰাকৃতিক চিকিৎসা গৱেষণাৰ সুবিধা থাকিব।

এই অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্মচাৰী ৰাজ্য বীমা নিগম (ইএমআইচি)ৰ প্ৰায় ২২৮০ কোটি টকাৰ ২১টা প্ৰকল্প উদ্বোধন কৰি ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত কৰিব। ৰাষ্ট্ৰক সমৰ্পিত কৰিবলগীয়া প্ৰকল্পসমূহৰ ভিতৰত আছে পাটনা (বিহাৰ) আৰু আলৱাৰ (ৰাজস্থান)ৰ ২খন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় অন্তৰ্ভুক্ত। কোৰবা (ছত্তীশগড়), উদয়পুৰ (ৰাজস্থান), আদিত্যপুৰ (ঝাৰখণ্ড), ফুলৱাৰী শ্বৰীফ (বিহাৰ), তিৰুপুৰ (তামিলনাডু), কাকিনাডা (অন্ধ্ৰ প্ৰদেশ) আৰু ছত্তীশগড়ৰ ৰায়গড় আৰু ভিলাইত ৮খন হাস্পতাল আৰু ৰাজস্থানৰ নিমৰানা, আবু ৰোড আৰু ভিলৱাৰাত ৩খন ঔষধালয় অন্তৰ্ভুক্ত আছে। ইয়াৰ উপৰিও, আলৱাৰ, বেহৰৰ আৰু সীতাপুৰা (ৰাজস্থান), চেলাকুই (উত্তৰাখণ্ড), গোৰখপুৰ (উত্তৰ প্ৰদেশ), কোৰাট্টি আৰু নৱৈকুলাম (কেৰালা) আৰু প্যাদিভিমাৱৰাম (অন্ধ্ৰপ্ৰদেশ)ৰ ৮টা স্থানত ই এছ আই ঔষধালয় উদ্বোধন কৰা হ’ব।

অঞ্চলটোত নবীকৰণযোগ্য শক্তি উৎপাদন বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন নবীকৰণযোগ্য শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব য'ত ৩০০ মেগাৱাট ভূজ-দ্বিতীয় সৌৰশক্তি প্ৰকল্পসহ গ্ৰিড কানেক্টেড ৬০০ মেগাৱাট সৌৰ পিভি শক্তি প্ৰকল্প; খাৱৰা সৌৰশক্তি প্ৰকল্প; ২০০ মেগাৱাটৰ দয়াপুৰ-দ্বিতীয় বায়ু শক্তি প্ৰকল্প অন্তৰ্ভুক্ত আছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯০০০ কোটিতকৈ অধিক মূল্যৰ নতুন মুন্দ্ৰা-পানীপট পাইপলাইন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। এই ৮.৪ এমএমটিপিএ স্থাপন ক্ষমতাৰ ১১৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ মুন্দ্ৰা-পানীপট পাইপলাইন গুজৰাট উপকূলত মুন্দ্ৰাৰ পৰা হাৰিয়ানাৰ পানীপটত থকা ইণ্ডিয়ান অইলৰ শোধনাগাৰলৈ খাৰুৱা তেল পৰিবহণৰ বাবে আৰম্ভ কৰা হৈছিল।

অঞ্চলটোৰ পথ আৰু ৰে'ল আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সুৰেন্দ্ৰনগৰ-ৰাজকোট ৰে'ল লাইনৰ দুগুণ কৰা, পুৰণি ৰাষ্ট্ৰীয় ঘাইপথ-৮ইৰ ভৱনগৰ-তালাজা (পেকেজ-I)ক চাৰিলেনিং কৰা, ৰাষ্ট্ৰীয় ঘাইপথ ৭৫১ৰ পিপলি-ভাৱনগৰ (পেকেজ-I) উৎসৰ্গা কৰিব। ইয়াৰ উপৰিও, এনএইচ-২৭ৰ সমখিয়ালীৰ পৰা সান্তলপুৰ অংশলৈ ছয় লেনযুক্ত পকী পথৰ আধাৰশিলাও স্থাপন কৰা হ'ব।

 

**********

DS/ST



(Release ID: 2008639) Visitor Counter : 59