কেবিনেট

২০২১-২০২৬ ৰ সময়ছোৱাৰ বাবে ‘বান ব্যৱস্থাপনা আৰু সীমান্ত অঞ্চল কাৰ্যক্ৰম’ (এফএমবিএপি)লৈ অনুমোদন জনাইছে কেবিনেটে

Posted On: 21 FEB 2024 10:29PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ২০২১-২২ বৰ্ষৰ পৰা ২০২৫-২৬ বৰ্ষ (পঞ্চদশ বিত্তীয় আয়োগৰ সময়কাল)লৈ ৫ বছৰৰ বাবে মুঠ ব্যয়ৰ সৈতে কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰে ৰূপায়িত আঁচনি “বান ব্যৱস্থাপনা আৰু সীমান্ত এলেকা কাৰ্যক্ৰম” (এফএমবিএপি) অব্যাহত ৰখাৰ বাবে জল সম্পদ বিভাগ, গ্ৰামোন্নয়ন আৰু ‘জেনেৰেল ৰোডছ’-ৰ প্ৰস্তাৱলৈ অনুমোদন জনায়।

আঁচনিখনৰ দুটা প্ৰভাগ আছে:

ক. ২৯৪০ কোটি টকা ব্যয়ৰে ‘এফএমবিএপি’-ৰ বান ব্যৱস্থাপনা কাৰ্যসূচী (এফএমপি) প্ৰভাগৰ অধীনত, বান নিয়ন্ত্ৰণ, খহনীয়া প্ৰতিৰোধী, জল-নিষ্কাশন প্ৰণালীৰ বিকাশ সাধন আৰু সাগৰীয় খহনীয়া প্ৰতিৰোধ আদি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ কাম হাতত লোৱাৰ বাবে ৰাজ্য চৰকাৰক কেন্দ্ৰীয় সাহায্য প্ৰদান কৰা হ'ব। অনুসৰণ কৰিব লগা পুঁজিৰ আৰ্হি হৈছে ৯০% (কেন্দ্ৰ): বিশেষ শ্ৰেণীৰ ৰাজ্য(উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্য আৰু পাৰ্বত্য ৰাজ্য হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ)সমূহৰ বাবে ১০% (ৰাজ্য)আৰু ৬০% (কেন্দ্ৰ): সাধাৰণ/ অ-বিশেষ শ্ৰেণীভুক্ত ৰাজ্যসমূহৰ বাবে ৪০% (ৰাজ্য)।

খ. ১১৬০ কোটি টকা ব্যয়ৰে ‘এফএমবিএপি’-ৰ নদী ব্যৱস্থাপনা আৰু সীমান্ত অঞ্চল (আৰএমবিএ) প্ৰভাগৰ অধীনত জলবিজ্ঞান পৰ্যৱেক্ষণ আৰু বানৰ পূৰ্বানুমানকে ধৰি চুবুৰীয়া দেশসমূহৰ সৈতে উমৈহতীয়া সীমান্ত নদীবোৰত বান নিয়ন্ত্ৰণ আৰু খহনীয়া-প্ৰতিৰোধী কাম-কাজ, আৰু উমৈহতীয়া সীমান্ত নদীসমূহত যৌথ জলসম্পদ প্ৰকল্প (চুবুৰীয়া দেশৰ সৈতে)ৰ অনুসন্ধান আৰু প্ৰাক-নিৰ্মাণ কাৰ্যকলাপ  আদি ১০০% কেন্দ্ৰীয় সহায্যৰ সৈতে গ্ৰহণ কৰা হ'ব।

যদিও, বান ব্যৱস্থাপনাৰ প্ৰাথমিক দায়িত্ব ৰাজ্য চৰকাৰসমূহৰ ওপৰত ন্যস্ত থাকে তথাপি বান ব্যৱস্থাপনাত ৰাজ্য চৰকাৰসমূহৰ প্ৰচেষ্টাৰ পৰিপূৰক হোৱাটো বাঞ্ছনীয়, সেয়ে কেন্দ্ৰীয় চৰকাৰে আধুনিক প্ৰযুক্তি আৰু উদ্ভাৱনী সামগ্ৰী/পদ্ধতিৰ প্ৰচাৰ আৰু গ্ৰহণত উদগনি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জলবায়ু পৰিৱৰ্তনৰ সম্ভাৱ্য প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰখাৰ লগতে যোৱা কেইবছৰমানত চৰম পৰিস্থিতি সৃষ্টি কৰিব পৰা ঘটনাৰ পয়োভৰ দেখাৰ পৰিপ্ৰেক্ষিতত এয়া বিশেষভাৱে প্ৰাসংগিক হৈ উঠিছে।  ইফালে, পৰিস্থিতিৰ পৰিসৰ, তীব্ৰতা আৰু উপৰ্যুপৰিতাৰ দিশৰ পৰা এনেবোৰ পৰি্স্থিতিয়ে বানপানীৰ সমস্যাক অধিক গুৰুতৰ কৰি তুলিব বুলি আশংকা ঘণীভূত হৈছে। ‘আৰএমবিএ’ প্ৰভাগৰ অধীনত ৰূপায়ণ কৰা কাম-কাজবোৰে বান আৰু খহনীয়াৰ পৰা সীমান্তৰ নদীবোৰৰ কাষত থকা নিৰাপত্তা সংস্থাৰ চৌহদ, সীমান্ত চকী আদিৰ দৰে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিসমূহ সুৰক্ষিত কৰে। এই আঁচনিখনত বানপীড়িত সমভূমিসমূহৰ ক্ষেত্ৰীয়কৰণ ব্যৱস্থা কাৰ্যকৰী কৰা ৰাজ্যসমূহক উৎসাহিত কৰাৰ ব্যৱস্থা আছে, যাক বান ব্যৱস্থাপনাৰ বাবে এক কাৰ্যকৰী অ-গাঁথনিমূলক ব্যৱস্থা হিচাপে স্বীকৃতি দিয়া হৈছে।

 

***

DS/SKS/KB



(Release ID: 2007962) Visitor Counter : 58