উপ-ৰাষ্ট্ৰপতি সচিবালয়
উপ-ৰাষ্ট্ৰপতিয়ে ২০ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে অৰুণাচল প্ৰদেশৰ ইটানগৰ ভ্ৰমণ কৰিব
অৰুণাচল প্ৰদেশৰ ৩৮ তম ৰাজ্যিক দিৱস উপলক্ষে উপৰাষ্ট্ৰপতি হ’ব মুখ্য অতিথি
प्रविष्टि तिथि:
19 FEB 2024 11:58AM by PIB Guwahati
ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখৰে ২০ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে অৰুণাচল প্ৰদেশৰ ইটানগৰ ভ্ৰমণ কৰিব। অৰুণাচল প্ৰদেশলৈ শ্ৰী ধনখৰৰ এইটো হ’ব প্ৰথম ভ্ৰমণ।
এদিনীয়া ভ্ৰমণকালত শ্ৰী ধনখৰে অৰুণাচল প্ৰদেশৰ ৩৮ সংখ্যক ৰাজ্যিক দিৱস উদযাপনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।
দিনজোৰা ভ্ৰমণকালত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ইটানগৰৰ ৰাজভৱন ভ্ৰমণ কৰাৰ কথা আছে।
***
MS/JK/RC
(रिलीज़ आईडी: 2007164)
आगंतुक पटल : 802