প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কাটাৰৰ আমিৰক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 15 FEB 2024 5:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডোহাৰ আমিৰী প্ৰাসাদত কাটাৰৰ আমিৰ মহামহিম শ্বেখ তামিম বিন হামাদ আল ঠানীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ আগমনৰ লগে লগে আমিৰী প্ৰাসাদত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। ইয়াৰ পিছত দুয়োপক্ষই প্ৰতিনিধি পৰ্যায়ৰ আৰু ৰুদ্ধদ্বাৰ আলোচনাত মিলিত হয়। আলোচনাত অৰ্থনৈতিক সহযোগিতা, বিনিয়োগ, শক্তিখণ্ডত অংশীদাৰিত্ব, মহাকাশ সহযোগিতা, নগৰীয়া আন্তঃগাঁথনি, সাংস্কৃতিক বিনিময় আৰু জনসাধাৰণৰ সম্পৰ্ককে ধৰি বহুতো বিষয় সামৰি লোৱা হয়। আঞ্চলিক আৰু গোলকীয় বিষয়ৰ ওপৰতো মত বিনিময় কৰে দুয়োগৰাকী নেতাই।

প্ৰধানমন্ত্ৰীয়ে কাটাৰত থকা ৮ লাখৰো অধিক ভাৰতীয় সমুদায়ৰ লোকৰ প্ৰতি লোৱা যত্নৰ বাবে আমিৰক ধন্যবাদ জনায় আৰু কাটাৰৰ সৈতে দ্বিপাক্ষিক সহযোগিতা অধিক সম্প্ৰসাৰণ তথা গভীৰ কৰাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতি পুনঃপ্ৰকাশ কৰে। তেওঁ আমিৰক আগতীয়াকৈ ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়।

আমিৰে প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা উদ্যোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উপমহাসাগৰীয় অঞ্চলত ভাৰতে অংশীদাৰ হিচাপে লোৱা ভূমিকাৰ বাবে শলাগ লয়। কাটাৰৰ উন্নয়নত ভাৰতীয় সমুদায়ৰ অৱদান আৰু কাটাৰত অনুষ্ঠিত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত তেওঁলোকৰ উৎসাহী অংশগ্ৰহণৰো শলাগ লয় আমিৰে।

বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰীৰ সন্মানাৰ্থে আমিৰি প্ৰাসাদত আয়োজন কৰা ভোজমেলতো দুয়োগৰাকী নেতাই অংশগ্ৰহণ কৰে।

 

***

DS/ST


(रिलीज़ आईडी: 2006864) आगंतुक पटल : 110
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam