মৎস্য, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়
পশুপালন আৰু দুগ্ধ উৎপাদন বিভাগৰ অতিৰিক্ত মুখ্য সচিব, প্ৰধান সচিব, সচিব, সঞ্চালক আৰু আঁচনি বিষয়াৰ সৈতে বিভাগটোৰ সচিব শ্ৰীমতী অলকা উপাধ্যায়ৰ পৰ্যালোচনা বৈঠক
Posted On:
14 FEB 2024 5:07PM by PIB Guwahati
পশুপালন আৰু দুগ্ধ উৎপাদন বিভাগ (এএইচডি) ৰ সচিব শ্ৰীমতী অলকা উপাধ্যায়ে আজি নতুন দিল্লীত পশুপালন আৰু উৎপাদন বিভাগৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মুখ্য সচিব, প্ৰধান সচিব, সচিব, সঞ্চালক আৰু আঁচনি বিষয়াসকলৰ সৈতে এক আঞ্চলিক পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত আছিল অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ বিষয়াসকল। বৈঠকত বিভাগটোৰ কাৰ্যসূচী আৰু আঁচনিসমূহৰ ৰূপায়ণৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰা হয়। পৰ্যালোচনা বৈঠকত অতিৰিক্ত সচিব, যুটীয়া সচিব, মুখ্য একাউণ্ট নিয়ন্ত্ৰক আৰু ভাৰত চৰকাৰৰ পশুপালন তথা দুগ্ধ উৎপাদন বিভাগৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে।
পশুপালন আৰু দুগ্ধ উৎপাদন বিভাগৰ সচিব শ্ৰীমতী অলকা উপাধ্যায়ে ৰাষ্ট্ৰীয় গোকুল মিছন (আৰজিএম), ৰাষ্ট্ৰীয় পশুধন মিছনৰ অধীনত উদ্যোগীৰ বিকাশ (এনএলএম), ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী (এনএডিচিপি), দুগ্ধ প্ৰক্ৰিয়াকৰণ আৰু আন্তঃগাঁথনি উন্নয়ন পুঁজি (ডিআইডিএফ), কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা উত্তৰ-পূবৰ ৰাজ্যসমূহত ৰূপায়ণ কৰা ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন কাৰ্যসূচী (এনপিডিডি)ৰ দৰে সকলো পশুপালন আৰু দুগ্ধজাত আঁচনিৰ বাস্তৱিক আৰু বিত্তীয় প্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰে।
তেওঁ আঁচনিসমূহৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত অব্যৱহৃতভাবে পৰি থকা পুঁজিৰ ব্যৱহাৰৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰাৰ লগতে ৰাজ্যসমূহক তেওঁলোকৰ বাৰ্ষিক কাৰ্য পৰিকল্পনা তথা ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বিত্তীয় প্ৰয়োজনীয়তাৰ দাবীসমূহ শীঘ্ৰে চূড়ান্ত কৰি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।
ৰাজ্যসমূহে পশু খাদ্য টাস্ক ফ'ৰ্চ গঠন , পশুধন বীমা, আইভিএফ লেব স্থাপনক অগ্ৰাধিকাৰ প্ৰদানৰ বিষয়তো তেওঁ গুৰুত্ব আৰোপ কৰে। ৰাজ্যৰ ভিতৰত উন্নত পশু স্বাস্থ্যসেৱাৰ বাবে আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব দিবলৈ ৰাজ্যিক পশু পালন বিভাগসমূহক কয়। ইয়াৰ উপৰি তেওঁ এনএডিচিপি আঁচনিৰ কাৰ্যকৰী ৰূপায়ণ নিশ্চিত কৰাৰ বিষয়ত ৰাজ্যসমূহৰ পৰা মতামত আগবঢ়োৱাৰ নিৰ্দেশ দিয়ে । তেওঁ দুগ্ধ উদ্যোগক শক্তিশালী কৰাৰ অৰ্থে এক কৌশলগত দৃষ্টিভংগী হিচাপে দুগ্ধ সমবায়ৰ লগতে দুগ্ধ উৎপাদক কোম্পানী স্থাপনৰ বিষয়তো জোৰ দিয়ে।
পুনৰ সংৰেখিত পশুপালন আন্তঃগাঁথনি উন্নয়ন পুঁজি (এএইচআইডিএফ) পৰ্টেল মুকলি কৰি তেওঁ ৰাজ্যসমূহক হিতাধিকাৰীসকলৰ মাজত আঁচনিখনৰ বিষয়ে কাৰ্যকৰী প্ৰচাৰ চলাবলৈ উৎসাহিত কৰে। যাতে হিতাধিকাৰীসকলে আঁচনিৰ লাভালাভ সৰ্বাধিক হাৰত লাভ কৰিব পাৰে আৰু উদ্যোগীসকলক উৎসাহিত কৰিব পাৰে।
******
SK/SS/SM/DM
(Release ID: 2006070)
Visitor Counter : 86