প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ইউএই আৰু কাটাৰ ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি

Posted On: 13 FEB 2024 11:06AM by PIB Guwahati

মই ১৩ আৰু ১৪ ফেব্ৰুৱাৰীত চৰকাৰী ভ্ৰমণত সংযুক্ত আৰব আমিৰশ্বাহী আৰু ১৪ আৰু ১৫ ফেব্ৰুৱাৰীত কাটাৰ ভ্ৰমণলৈযাম। এইটো মোৰ ইউএইলৈ সপ্তম ভ্ৰমণ আৰু ২০১৪ চনৰ পৰা কাটাৰৰ দ্বিতীয় ভ্ৰমণ হ'ব।

যোৱা ৯ বছৰত, বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, খাদ্য আৰু শক্তি সুৰক্ষা আৰু শিক্ষাৰ দৰে বিভিন্ন ক্ষেত্ৰত ইউএইৰ সৈতে আমাৰ সহযোগিতা বহুগুণে বৃদ্ধি পাইছে। আমাৰ সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজত সংযোগ সবাতোকৈ শক্তিশালী।

আবুধাবিত মইইউএইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰি আমাৰ ব্যাপক কৌশলগত অংশীদাৰীত্বআগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিস্তৃত আলোচনা কৰাৰ বাবে আশাবাদী। অলপতে মই গুজৰাটত ৰাষ্ট্ৰপতিগৰাকীক আদৰাৰ সৌভাগ্য লাভ কৰিছিলো, য'ত তেওঁ ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল ছামিট ২০২৪ত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল।

ইউএইৰ উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী আৰু ডুবাইৰ শাসক মহামান্য শ্বেখ মহম্মদ বিন ৰছিদ আল মাকতুমৰ আমন্ত্ৰণক্ৰমে মই ১৪ ফেব্ৰুৱাৰীত ডুবাইত অনুষ্ঠিত বিশ্ব চৰকাৰৰ সন্মিলনত বিশ্বনেতাসকলৰ সমাৱেশত ভাষণ দিম। সন্মিলনৰ সুবাদতে প্ৰধানমন্ত্ৰী শ্বেখ মহম্মদ বিন ৰছিদৰ সৈতে আলোচনাত ডুবাইৰ সৈতে আমাৰ বহুমুখী সম্পৰ্ক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়া হ'ব।

এই ভ্ৰমণকালত মই আবুধাবিত প্ৰথমটোহিন্দু মন্দিৰউদ্বোধন কৰিম। বিএপিএছ মন্দিৰটো সম্প্ৰীতি, শান্তি আৰু সহিষ্ণুতাৰ মূল্যবোধৰ প্ৰতি এক স্থায়ী শ্ৰদ্ধাঞ্জলি হ'ব।

মই আবুধাবিত এটা বিশেষ অনুষ্ঠানত ইউএইত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সম্বোধন কৰিম।

কাটাৰতমই আমিৰ মহামান্য শ্বেখ তামিম বিন হামাদ আল থানিক লগ কৰিবলৈ বাট চাই আছো, যাৰ নেতৃত্বত কাটাৰে উল্লেখনীয় বিকাশ আৰু পৰিবৰ্তন লক্ষ্য কৰি আছে। মই কাটাৰৰ আন গণ্য-মান্য ব্যক্তিসকলকো লগ কৰিবলৈ আশাবাদী।

ভাৰত আৰু কাটাৰৰ মাজত ঐতিহাসিকভাৱে ঘনিষ্ঠ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। শেহতীয়া বছৰবোৰতউচ্চ পৰ্যায়ৰ ৰাজনৈতিক বিনিময়, দুয়োখন দেশৰ মাজত বৰ্ধিত বাণিজ্য আৰু বিনিয়োগ, আমাৰ শক্তি অংশীদাৰীত্ব শক্তিশালী কৰাআৰু সংস্কৃতি আৰু শিক্ষাৰ ক্ষেত্ৰত সহযোগিতাকে ধৰি সকলো ক্ষেত্ৰতে আমাৰ বহুমুখী সম্পৰ্ক গভীৰ হৈ আহিছে। দোহাত ৮,০০,০০০ তকৈও অধিক শক্তিশালী ভাৰতীয় সম্প্ৰদায়ৰ উপস্থিতি আমাৰ শক্তিশালী জনসাধাৰণৰ মাজত সম্পৰ্কৰ এক প্ৰমাণ।

***

DS/ST/NB/AT



(Release ID: 2005537) Visitor Counter : 63