তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

নতুন দিল্লীৰ 'বিশ্ব গ্ৰন্থমেলা'ত প্ৰকাশন বিভাগৰ 'ইণ্ডিয়া ইয়েৰ বুক ২০২৪' আৰু 'কেৰিয়াৰ কলিং' মুকলি তথ্য আৰু সম্প্ৰচাৰ সচিব শ্ৰী সঞ্জয় জাজুৰ

পোষ্ট কৰা হৈছে: 10 FEB 2024 6:34PM by PIB Guwahati

তথ্য আৰু সম্প্ৰচাৰ সচিব শ্ৰী সঞ্জয় জাজুৱে আজি প্ৰগতি ময়দানত অনুষ্ঠিত নতুন দিল্লী বিশ্ব গ্ৰন্থমেলাত প্ৰকাশন বিভাগৰ দ্বাৰা প্ৰকাশিত 'ইণ্ডিয়া ইয়েৰ বুক ২০২৪' আৰু 'কেৰিয়াৰ কলিং' মুকলি কৰে।

'ইণ্ডিয়া ইয়েৰ বুক ২০২৪' হৈছে ভাৰতৰ অগ্ৰগতিৰ শেহতীয়া তথ্য প্ৰদান কৰা বাৰ্ষিক ৰেফাৰেন্স বুক। দেশৰ উন্নয়নৰ বিষয়ে জানিব বিচৰাসকলৰ বাবে এইখন আৱশ্যকীয় গ্ৰন্থ।

বিভাগটোৰ দ্বাৰা প্ৰকাশিত আন এখন গ্ৰন্থ ‘কেৰিয়াৰ কলিং’ হৈছে শেহতীয়াকৈ সাপ্তাহিক বাতৰি কাকত ৰোজগাৰ সমাচাৰত প্ৰকাশিত এক চিন্তাশীল প্ৰবন্ধৰ সংকলন, য’ত ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলক কেৰিয়াৰ সম্পৰ্কে পথ প্ৰদৰ্শন কৰা হ’ব। এই গ্ৰন্থখনে আজিৰ প্ৰতিযোগিতামূলক পৰিৱেশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

এই দুখন গ্ৰন্থৰ উপৰিও প্ৰগতি ময়দানৰ ৫ নং হলৰ ষ্টল নং বি-১১ত প্ৰকাশন বিভাগৰ বিশাল সংগ্ৰহত ‘যোজনা’, ‘কুৰুক্ষেত্ৰ’, ‘আজকাল’, ‘বল ভাৰতী’ আদি জনপ্ৰিয় আলোচনী সন্নিবিষ্ট কৰা হৈছে।

প্ৰকাশন বিভাগেও বিভিন্ন বিষয়ক সামৰি লোৱা গ্ৰন্থ সংকলন প্ৰদৰ্শন কৰিছে। ইয়াৰ ভিতৰত আছে গান্ধীবাদী সাহিত্য, ‘আধুনিক ভাৰতৰ নিৰ্মাতা' লগতে শিল্প, সংস্কৃতি, ঐতিহ্য আৰু শিশু সাহিত্য বিষয়ক বিভিন্ন গ্ৰন্থ।

 

****

 

Saurabh Singh/AR


(ৰিলিজ আই ডি : 2005317) অতিথি কক্ষ : 141