গৃহ মন্ত্ৰালয়

প্ৰবীণ নেতা তথা দেশৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী শ্ৰী লালকৃষ্ণ আদৱানীজীক ‘ভাৰত ৰত্ন’ প্ৰদানৰ ঘোষণাত আনন্দ প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে

আদৱানীজীক ভাৰতীয় ৰাজনীতিত প্ৰামাণিকতাৰ মান নিৰ্ধাৰণ কৰোতা নেতা হিচাপে জনা যায়

আদৱানীজীক 'ভাৰত ৰত্ন'ৰে সন্মানিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা সিদ্ধান্ত হৈছে কোটি কোটি দেশবাসীৰ বাবেও সন্মানৰ বিষয়

আদৱানীজীয়ে তেওঁৰ দীঘলীয়া ৰাজহুৱা জীৱনটোত দেশ, সংস্কৃতি আৰু জনসাধাৰণৰ সৈতে সম্পৰ্কিত বিষয়সমূহৰ বাবে অক্লান্ত যুঁজ দিছিল

Posted On: 03 FEB 2024 2:01PM by PIB Guwahati

প্ৰবীণ নেতা তথা দেশৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী শ্ৰী লালকৃষ্ণ আদৱানীক 'ভাৰত ৰত্ন' প্ৰদানৰ ঘোষণাত আনন্দ প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে।

‘এক্স প্লেটফৰ্ম’-ত কৰা এক ‘পোষ্ট’-ত শ্ৰী অমিত শ্বাহে কয় যে আদৱানীজী গোটেই জীৱন ধৰি দেশ আৰু দেশবাসীৰ সেৱাত নিস্বাৰ্থভাৱে সমৰ্পিত হৈ আহিছে। তেওঁ কয় যে দেশৰ উপ-প্ৰধানমন্ত্ৰীৰ দৰে বিভিন্ন সাংবিধানিক দায়িত্ব পালন কৰি তেওঁ শক্তিশালী নেতৃত্বৰে দেশৰ নিৰাপত্তা, ঐক্য আৰু অখণ্ডতাৰ বাবে অভূতপূৰ্ব ভাবে কাম কৰিছিল। শ্ৰী শ্বাহে কয় যে আদৱানীজীক ভাৰতীয় ৰাজনীতিত প্ৰামণিকতাৰ মান নিৰ্ধাৰণ কৰোতা ৰাজনীতিবিদ হিচাপে জনা যায়। তেওঁ লগতে কয় যে তেওঁৰ দীৰ্ঘদিনীয়া ৰাজহুৱা জীৱনত আদৱানীজীয়ে দেশ, সংস্কৃতি আৰু জনসাধাৰণৰ সৈতে সম্পৰ্কিত বিষয়সমূহৰ বাবে অক্লান্ত যুঁজ দিছিল। শ্ৰী শ্বাহে কয় যে দল আৰু আদৰ্শৰ প্ৰতি তেওঁৰ অপৰিসীম অৱদানক শব্দৰে সামৰিব নোৱাৰি। আদৱানীজীক 'ভাৰত ৰত্ন'ৰে সন্মানিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা সিদ্ধান্ত কোটি কোটি দেশবাসীৰ বাবেও সন্মানৰ বিষয়।

*****

RK / RR / AK/KB



(Release ID: 2002264) Visitor Counter : 48