বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

যোৱা দশকত প্ৰত্যক্ষ কৰ সংগ্ৰহ তিনিগুণতকৈ অধিক বৃদ্ধি আৰু ঘূৰাই ৰিটাৰ্ণ দাখিলকাৰীৰ সংখ্যা ২.৪ গুণলৈ বৃদ্ধি হৈছেঃ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী

प्रविष्टि तिथि: 01 FEB 2024 12:43PM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত ২০২৪-২৫ ৰ্ষৰ অন্তৱৰ্তীকালীন বাজেট উত্থাপন কৰি কয়, "যোৱা দহ বছৰত প্ৰত্যক্ষ কৰ সংগ্ৰহ তিনিগুণতকৈও অধিক বৃদ্ধি পাইছে আৰু ৰিটাৰ্ণ দাখিলকাৰীৰ সংখ্যা ২.গুণলৈ বৃদ্ধি পাইছে"মন্ত্ৰীগৰাকীয়ে কৰদাতাসকলক আশ্বাস দি কয় যে তেওঁলোকৰ কৰৰ টকা দেশৰ উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰা হৈছে। এইক্ষেত্ৰত তেওঁ কৰ দাতাসকলক তেওঁলোকৰ ভূমিকাৰ বাবে প্ৰশংসা কৰে।

 

শ্ৰীমতী সীতাৰমণে লগতে কয় যে নতুন কৰ ব্যৱস্থাৰ অধীনত কৰৰ হাৰ হ্ৰাস আৰু যুক্তিসংগত কৰা হৈছে। এতিয়া ৭ লাখ টকালৈকে উপাৰ্জন কৰা লোক এজনে কোনো কৰ দিব নালাগে, যিটো ২০১৩-১৪বিত্তীয় বৰ্ষত ২.২ লাখ আছিল। খুচুৰা ব্যৱসায়ৰ বাবে কৰ প্ৰদানৰ সীমা ২ কোটিৰ পৰা ৩ কোটিলৈ বৃদ্ধি কৰা হৈছে। একেদৰে, পেছাদাৰীসকলৰ বাবে এই সীমা ৫০ লাখৰ পৰা ৭৫ লাখলৈ বৃদ্ধি কৰা হৈছে। লগতে, বৰ্তমানৰ ঘৰুৱা কোম্পানীবোৰৰ বাবে কৰ্পোৰেট কৰৰ হাৰ ৩০শতাংশৰ পৰা ২২ শতাংশলৈ আৰু কিছুমান নতুন নিৰ্মাণ কোম্পানীৰ বাবে ১৫শতাংশলৈ হ্ৰাস কৰা হৈছে।

 

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা পাঁচ বছৰত চৰকাৰৰ লক্ষ্য আছিল কৰ দাতাসকলৰ সেৱা উন্নত কৰা। কৰ নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত বহু পুৰণি ব্যৱস্থাৰ আমূল পৰিৱৰ্তন ঘটোৱা হৈছে।

 

কৰ দাখিল ব্যৱস্থাৰো অনেক সহজ-সৰল কৰা হৈছে বুলি মন্তব্য কৰে শ্ৰীমতী সীতাৰমণে। যাৰ ফলত ৰিটাৰ্ণৰ গড় প্ৰক্ৰিয়াকৰণ সময় ২০১৩-১৪ বৰ্ষৰ ৯৩ দিনৰ পৰা এই বছৰ মাত্ৰ দহ দিনলৈ হ্ৰাস পাইছে। যাৰ ফলত ধন ঘূৰাই দিয়া প্ৰক্ৰিয়া অধিক দ্ৰুত হৈছে।

 

*************

 

YKB/NB/KS/AS/LPS/KG


(रिलीज़ आईडी: 2001771) आगंतुक पटल : 155
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Punjabi , Kannada , English , Urdu , Marathi , हिन्दी , Bengali , Gujarati , Tamil , Telugu , Malayalam