বিত্ত মন্ত্ৰালয়

অন্তৱৰ্তীকালীন কেন্দ্ৰীয় বাজেট ২০২৪-২৫ ৰ সাৰাংশ

২০২৩-২৪ বিত্তীয়বৰ্ষত ভাৰতৰ প্ৰকৃত জিডিপি ৭.৩ শতাংশ হাৰত বৃদ্ধি হ'ব বুলি অনুমান কৰা হৈছে

বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে সংসদত ২০২৪-২০২৫ বৰ্ষৰ অন্তৱৰ্তীকালীন কেন্দ্ৰীয় বাজেট উপস্থাপন কৰে

পৰৱৰ্তী বছৰৰ বাবে মূলধন ব্যয় ব্যয় ১১.১ শতাংশ বৃদ্ধি কৰি ১১,১১,১১১ কোটি টকা কৰা হৈছে, যি হ'ব জিডিপিৰ ৩.৪ শতাংশ।

২০২৪-২৫ বৰ্ষত বিত্তীয় ঘাটি জিডিপিৰ ৫.১ শতাংশ হ'ব বুলি অনুমান কৰা হৈছে

২০১৪-২৩ বৰ্ষত এফডিআইৰ প্ৰবাহ আছিল ৫৯৬ বিলিয়ন আমেৰিকান ডলাৰ, যি পৰিমাণ ২০০৫-১৪ বৰ্ষৰ দুগুণ

'গৰিব' (দৰিদ্ৰ), 'মহিলায়েন' (মহিলা), 'যুৱ' (যুৱ) আৰু 'অন্নদাতা'(কৃষক)ৰ উন্নতি হৈছে চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ

এক লাখ কোটি টকাৰ এক পুজি স্থাপন কৰা হ'ব

যুৱসকলৰ বাবে পঞ্চাশ বছৰৰ সূতমুক্ত ঋণ

ৰাজ্যসমূহলৈ কেপেক্সৰ বাবে ৫০ বছৰীয়া সূতমুক্ত ঋণৰ আঁচনি এই বছৰো অব্যাহত ৰখা হ'ব আৰু ইয়াত মুঠ ১.৩ লাখ কোটি টকা ব্যয় হ'ব।

Posted On: 01 FEB 2024 12:55PM by PIB Guwahati

বাজেটৰ 'ক' অংশৰ সাৰাংশ

 

বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে ২০২৪-২০২৫ বৰ্ষৰ অন্তৱৰ্তীকালীন কেন্দ্ৰীয় বাজেট সংসদত উপস্থাপন কৰি আজি ঘোষণা কৰে যে পৰৱৰ্তী বছৰৰ বাবে মূলধন ব্যয় ১১.১ শতাংশ বৃদ্ধি কৰি ১১,১১,১১১ কোটি টকা কৰা হৈছে, যি হ'ব জিডিপিৰ ৩.৪ শতাংশ।

তেওঁ কয়, যোৱা ৪ বছৰত মূলধন ব্যয়ৰ বৃহৎ পৰিমাণৰ বৃদ্ধিৰ ফলত অৰ্থনৈতিক বিকাশ আৰু নিযুক্তি সৃষ্টিৰ ক্ষেত্ৰ খনত  বৃহৎ প্ৰভাৱ পৰিছে।

বিত্তমন্ত্ৰীয়ে বাজে্য  ভাষণৰ সময়তে উপস্থাপন কৰা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ৰাষ্ট্ৰীয় উপাৰ্জনৰ প্ৰথম আগতীয়া আকলন অনুসৰি, ভাৰতৰ প্ৰকৃত জিডিপি ৭.৩ শতাংশ হাৰত বৃদ্ধি হ'ব বুলি অনুমান কৰা হৈছে। ই আৰবিআইৰ দ্বাৰা বিত্তীয় বৰ্ষ ২০২৩-২৪  ৰ বাবে বৃদ্ধিৰ আকলনৰ উৰ্ধমুখী সংশোধনৰ সৈতে সামঞ্জস্যপূৰ্ণ (ডিচেম্বৰ ২০২৩  মুদ্ৰা নীতি সমিতিৰ বৈঠকৰ অনুমান অনুসৰি) হৈ বিত্তীয় বৰ্ষ ২০২৩-২৪ৰ প্ৰথম ছমাহৰ  ভিতৰত ৬.৫ শতাংশৰ পৰা ৭ শতাংশলৈ বৃদ্ধি পাব৷

বিশ্বব্যাপী অৰ্থনৈতিক প্ৰত্যাহ্বানৰ স্বত্বেও ভাৰতীয় অৰ্থনীতিয়ে স্থিতিস্থাপকতা প্ৰদৰ্শন কৰিছে আৰু স্বাস্থ্যকৰ বৃহত্তৰ-অৰ্থনৈতিক বুনিয়াদ বজাই ৰাখিছে। আন্তৰ্জাতিক মুদ্ৰা নিধি (আইএমএফ),  বিশ্ব অৰ্থনৈতিক দৃষ্টিভংগী অক্টোবৰ ২০২৩-ত, ২০২৩-২৪  বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ বিকাশৰ আকলন জুলাই ২০২৩-ত আকলন কৰা ৬.১ শতাংশৰ পৰা ৬.৩ শতাংশলৈ সংশোধন কৰিছে। ই ভাৰতৰ অৰ্থনৈতিক দক্ষতাৰ ওপৰত বিশ্বব্যাপী আত্মবিশ্বাস বৃদ্ধি হোৱাৰ বিষয় প্ৰতিফলিত কৰিছে৷ এই  সময়ত ২০২৩ চনৰ বাবে বিশ্বব্যাপী বিকাশৰ আকলন ৩ শতাংশ হাৰত অপৰিৱৰ্তিত হৈ আছে।

আইএমএফৰ মতে, ভাৰত ২০২৭  চনত তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হোৱাৰ সম্ভাৱনা আছে (বজাৰৰ বিনিময় হাৰ আমেৰিকান ডলাৰত) আৰু  লগতে অনুমান কৰা হৈছে যে বিশ্বব্যাপী বিকাশত ভাৰতৰ অৱদান ৫5 বছৰত ২০০  বেছিছ পইণ্ট বৃদ্ধি হ'ব। তদুপৰি, বিশ্ব বেংক, আইএমএফ, অইচিডি আৰু এডিবিৰ দৰে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাই ২০২৪-২৫ বৰ্ষত ভাৰতৰ অথনৈতিক বিকাশৰ হাৰ  ক্ৰমান্বয়ে ৬.৪ শতাংশ, ৬.৩ শতাংশ, ৬.১ শতাংশ আৰু ৬.৭ শতাংশ  হ'ব বুলি পূৰ্বানুমাণ কৰিছে।

বিত্ত মন্ত্ৰীয়ে কয় যে অৰ্থনৈতিক কাৰ্যকলাপৰ শক্তিশালী বিকাশে ৰাজহ সংগ্ৰহত গতি প্ৰদান কৰিছে৷ তেওঁ  উল্লেখ কৰে যে ২০২৩ চনৰ ডিচেম্বৰত জিএছটি সংগ্ৰহ ১.৬৫ লাখ কোটি  আছিল৷ এয়া  সপ্তমবাৰৰ বাবে  মুঠ জিএছটি ৰাজহ ১.৬ লাখ কোটিৰ ঘৰ স্পৰ্শ কৰাৰ ঘটনা৷

তেওঁ কয়, ২০২৪-২৫ বৰ্ষলৈ ঋণৰ বাহিৰে মুঠ প্ৰাপ্তি আৰু মুঠ ব্যয় ক্ৰমান্বয়ে ৩০.৮০ লাখ কোটি টকা আৰু ৪৭.৬৬ লাখ কোটি টকা আকলন কৰা হৈছে।একেদৰে কৰ সংগ্ৰহৰ পৰিমাণ  ২৬.০২ লাখ কোটি টকা আকলন কৰা হৈছে।  

এক গুৰুত্বপূৰ্ণ ঘোষণাত বিত্ত মন্ত্ৰীয়ে কয়, ৰাজ্যসমূহক মূলধন ব্যয়ৰ বাবে পঞ্চাশ বছৰীয়া সূতমুক্ত ঋণৰ আঁচনি এই বছৰো অব্যাহত ৰখা হ'ব আৰু ইয়াৰ বাবে  মুঠ ব্যয় ধৰা হৈছে ১.৩ লাখ কোটি টকা। ৰাজ্য চৰকাৰৰ দ্বাৰা বিকশিত ভাৰতৰ মাইলৰ খুঁটি-সম্পৰ্কিত সংস্কাৰসমূহক সমৰ্থন কৰাৰ বাবে এই বছৰ পঞ্চাশ বছৰীয়া সূত মুক্ত ঋণ হিচাপে পঁচাত্তৰ  হাজাৰ কোটি টকা আবণ্টন কৰাৰ  ব্যৱস্থা ৰখাৰ প্ৰস্তাৱ দিয়া হৈছে।

২০২১-২২ বৰ্ষৰ বাজেট ভাষণত ঘোষণা কৰা অনুসৰি, ২০২৫-২৬ বৰ্ষৰ ভিতৰত বিত্তীয় ঘাটি ৪.৫ শতাংশৰ তললৈ হ্ৰাস কৰাৰ বাবে বিত্তীয় একত্ৰীকৰণৰ পদক্ষেপ গ্ৰহণৰ কথা উল্লেখ কৰি শ্ৰীমতী সীতাৰমণে কয়, বিত্তীয় ঘাটি ২০২৪-২৫  বৰ্ষত জিডিপিৰ ৫.১  শতাংশ হ'ব বুলি অনুমান কৰা হৈছে।

একেদৰে, ২০২৪-২৫ বৰ্ষত  চিকিউৰিটিৰ জৰিয়তে গ্ৰহণ কৰা মুঠ বজাৰৰ ঋণ ক্ৰমান্বয়ে ১৪.১৩  আৰু ১১.৭৫ লাখ কোটি টকা আকলন কৰা হৈছে আৰু দুয়োটাই  ২০২৩-২৪  বৰ্ষতকৈ কম হ'ব।

অৰ্থনীতিৰ কিছুমান উজ্জ্বল দিশৰ প্ৰতি  আঙুলিয়াই দি বিত্ত মন্ত্ৰীয়ে কয় যে ঋণৰ বাহিৰে মুঠ প্ৰাপ্তিৰ সংশোধিত আকলন হৈছে ২৭.৫৬ লাখ কোটি টকা, যাৰ ভিতৰত কৰ প্ৰাপ্তি হৈছে ২৩.২৪ লাখ কোটি টকা। মুঠ ব্যয়ৰ সংশোধিত আকলন হৈছে ৪৪.৯০ লাখ কোটি টকা।  ৩০.০৩ লাখ কোটি টকাৰ ৰাজহ সংগ্ৰহ বাজেট আকলনতকৈ অধিক হ'ব বুলি আশা কৰা হৈছে, যি কথাই অৰ্থনীতিত শক্তিশালী বিকাশৰ গতিকে প্ৰতিফলিত কৰিছে৷

তেওঁ ঘোষণা কৰে যে ২০১৪-২৩ বৰ্ষত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ প্ৰবাহ ৫৯৬ বিলিয়ন আমেৰিকান ডলাৰ আছিল , যি এক সোণালী যুগ হিচাপে চিহ্নিত হৈছিল৷ সেই প্ৰবাহ  ২০০৫-১৪ বৰ্ষৰ   দুগুণ  আছিল ৷

বিত্ত মন্ত্ৰীয়ে লগতে কয়-নিৰন্তৰ বিদেশী বিনিয়োগক উৎসাহিত কৰাৰ বাবে আমি আমাৰ বিদেশী অংশীদাৰসকলৰ সৈতে 'দ্ৰুত উন্নয়নশীল ভাৰত'ৰ ভাৱনাৰে দ্বিপাক্ষিক বিনিয়োগ চুক্তিৰ বিষয়ে আলোচনা কৰি আছো ।

শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয়, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চাৰিটা প্ৰধান জাতিৰ প্ৰসংগক  দৃঢ়ভাৱে বিশ্বাস কৰে আৰু সেইবোৰৰ উন্নয়নৰ বিষয়ত মনোনিৱেশ কৰে। সেইবোৰ হৈছে, 'গৰীব' (দৰিদ্ৰ), 'মহিলায়েন' (মহিলা), 'যুৱ' (যুৱ) আৰু 'অন্নদাতা'(কৃষক)। তেওঁ কয়, তেওঁলোকৰ প্ৰয়োজনীয়তা, তেওঁলোকৰ আকাংক্ষা আৰু তেওঁলোকৰ কল্যাণেই হৈছে চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ, কিয়নো দেশখন তেতিয়াহে আগবাঢ়ি যাব, যেতিয়া তেওঁলোক আগবাঢ়ি যাব।

শ্ৰীমতী নিৰ্মলা সীতাৰমণে বৰ্ণনা কৰে যে উন্নয়ন মূলক কাৰ্যসূচীয়ে যোৱা দহ বছৰত 'সকলোৰে বাবে গৃহ', 'হৰ ঘৰ জল', সকলোৰে বাবে বিদ্যুৎ, সকলোৰে বাবে ৰন্ধন গেছ, সকলোৰে বাবে বেংক একাউণ্ট আৰু বিত্তীয় সেৱাৰ জৰিয়তে প্ৰতিটো পৰিয়াল তথা  ব্যক্তিক লক্ষ্য উপকৃত কৰিছে৷

বিত্ত মন্ত্ৰীয়ে জোৰ দি কয় যে এই চৰকাৰে সৰ্বাত্মক, সৰ্বব্যাপী আৰু সৰ্বস্পৰ্শী  উন্নয়নৰ দৃষ্টিভংগীৰে কাম কৰি আছে । ই সকলো জাতি আৰু সকলো স্তৰৰ লোকক সামৰি লৈছে। তেওঁ কয়, "আমি ২০৪৭ চনৰ ভিতৰত ভাৰতক 'বিকশিত ভাৰত' হিচাপে গঢ়ি তুলিবলৈ কাম কৰি আছো। সেই লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে, আমি মানুহৰ সামৰ্থ্যৰ বিকাশ ঘটাব  লাগিব আৰু তেওঁলোকক শক্তিশালী কৰিব লাগিব"।

তেওঁ লগতে আঙুলিয়াই দিয়ে , "আগতে, সামাজিক ন্যায় কেৱল  ৰাজনৈতিক শ্লোগান আছিল। আমাৰ চৰকাৰৰ বাবে, সামাজিক ন্যায় হৈছে এক  শাসনৰ কাৰ্যকৰী আৰু প্ৰয়োজনীয় আৰ্হি"।

বিত্ত মন্ত্ৰীয়ে  ঘোষণা কৰে যে যোৱা দহ বছৰত ভাৰতীয় অৰ্থনীতিত গভীৰ ইতিবাচক পৰিৱৰ্তন ঘটিছে আৰু ভাৰতৰ জনসাধাৰণে আশা আৰু আশাবাদক সাৰথি কৰি  ভৱিষ্যতৰ দিশে আগবাঢ়ি আছে। তেওঁ লগতে কয়, "নিযুক্তি আৰু উদ্যোগৰ ক্ষেত্ৰ খনত  অধিক সুযোগৰ  সৃষ্টি কৰা হৈছে। অৰ্থনীতিয়ে এক নতুন শক্তি লাভ কৰিছিল। বিকাশৰ ফলাফলবোৰ  মানুহৰ ওচৰলৈ যাবলৈ আৰম্ভ কৰিছিল। দেশখনে প্ৰকৃত উদ্দেশ্য আৰু আশাৰ এক নতুন অনুভূতি লাভ কৰিছে।"

বিত্ত মন্ত্ৰীয়ে জানিবলৈ দিয়ে যে এই ১০ বছৰত 'সবকা কা সাথ' নীতি অনুসৰণ কৰি চৰকাৰে ২৫ কোটি লোকক  দৰিদ্ৰতাৰ পৰা মুক্ত কৰিবলৈ  সক্ষম হৈছে আৰু চৰকাৰৰ প্ৰচেষ্টা এতিয়া এয়া সকলো লোকৰ  শক্তি আৰু আবেগেৰে পৰিপূৰ্ণ হৈ উঠিছে।

তেওঁ জনায়  যে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাই উদ্যোগী সকলৰ  বাবে ৪৩ কোটি   ঋণ মঞ্জুৰ কৰিছে, ইয়াৰ পৰিমাণ হৈছে ২২.৫ লাখ কোটি টকা। উল্লেখ কৰিব পাৰি যে মহিলা উদ্যোগীসকলক ত্ৰিশ কোটি মুদ্ৰা যোজনাৰ ঋণ দিয়া হৈছে।

অন্তৱৰ্তীকালীন বাজেটত ২০৪৭ চনৰ ভিতৰত ভাৰতক  বিকশিত ভাৰত হিচাবে গঢ় দিয়াৰ লক্ষ্যৰে  নিৰ্দেশনা আৰু উন্নয়নৰ দৃষ্টিভংগীক গতি প্ৰদান কৰিব পৰা কেইবাটাও ঘোষণা আৰু ৰণনীতি অন্তৰ্ভুক্ত কৰা হৈছে ৷

আন কেইবাটাও ঘোষণা কৰি শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয়, চৰকাৰে দেশৰ পূব অঞ্চল আৰু ইয়াৰ লোকসকলক ভাৰতৰ বিকাশৰ এক শক্তিশালী অংশীদাৰ হিচাপে গঢ়ি তুলিবলৈ  মনোযোগ দিব৷ প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত  তিনি কোটি ঘৰৰ লক্ষ্য প্ৰাপ্ত কৰাৰ বিষয়ত মন দিয়া হৈছে আৰু পৰিয়ালৰ সংখ্যা বৃদ্ধিৰ ফলত উদ্ভৱ হোৱা প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ অহা পাঁচ বছৰত আৰু দুই কোটি ঘৰ নিৰ্মাণ কৰা হ'ব।  একেদৰে,  সৌৰকৰণৰ জৰিয়তে এক কোটি পৰিয়ালক প্ৰতি মাহে ৩০০  ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ লাভ কৰাটো নিশ্চিত কৰা হ'ব।

প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনাই ৩৮ লাখ কৃষকক লাভাৱান্বিত কৰিছে আৰু ১০ লাখ নিযুক্তিৰ সৃষ্টি কৰিছে। ক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ যোজনাৰ আনুষ্ঠানিককৰণে ২.৪ লাখ আত্ম সহায়ক গোট আৰু ষাঠি হাজাৰ ব্যক্তিক ঋণ লাভত সহায় কৰিছে।

শ্ৰীমতী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে  যে আমাৰ প্ৰযুক্তি  যুৱক-যুৱতীসকলৰ বাবে, এয়া  এক সোণালী যুগ হ'ব, কিয়নো এক লাখ কোটি টকাৰ পুঁজি আবণ্টনৰ সিদ্ধান্ত লোৱা হৈছে৷

পঞ্চাশ বছৰৰ সূতমুক্ত ঋণৰ দিহা কৰা হৈছে। তেওঁ কয় , এনে পুঁজিয়ে  দীৰ্ঘম্যাদী আৰু নিম্ন বা শূন্য সূতৰ হাৰৰ সৈতে দীৰ্ঘম্যাদী বিত্তীয়  যোগান ধৰিব।

ৰে'লৱেৰ বাবে তিনিটা মুখ্য অৰ্থনৈতিক ৰে'ল কৰিডৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব- শক্তি, খনিজ আৰু চিমেণ্ট কৰিডৰ, বন্দৰ সংযোগ কৰিডৰ আৰু  যান-বাহন  কৰিডৰ। তদুপৰি, যাত্ৰীসকলৰ সুৰক্ষা, সুবিধা আৰু আৰাম বৃদ্ধিৰ বাবে চল্লিশ হাজাৰ সাধাৰণ ৰে'লৰ দবা বন্দে ভাৰতৰ  দবাৰ  মানলৈ  ৰূপান্তৰিত কৰা হ'ব।

বিমান পৰিবহন খণ্ডত, বিমানবন্দৰৰ সংখ্যা দুগুণ হৈ ১৪৯ হৈছে আৰু আজি পাঁচশ সোতৰটা নতুন পথত ১.৩  কোটি যাত্ৰীয়ে  যাতায়াত কৰিব পাৰিছে৷  ভাৰতীয় বিমান পৰিবহন সংস্থাসমূহে ১০০০ তকৈও অধিক নতুন বিমানৰ বাবে সক্ৰিয়ভাৱে অৰ্ডাৰ ফৰমাইছ দিছে।

শ্ৰীমতী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে যে দ্ৰুত জনসংখ্যা বৃদ্ধি আৰু জনসংখ্যাগত পৰিৱৰ্তনৰ ফলত উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহৰ মোকাবিলাৰ  বাবে চৰকাৰে এখন উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰিব আৰু সমিতিখনক 'বিকশিত ভাৰত'ৰ লক্ষ্যৰ আধাৰত  এই প্ৰত্যাহ্বানসমূহৰ  মোকাবিলা কৰাৰ বাবে পৰামৰ্শ দিয়াৰ বাবে কোৱা  হ'ব।

বিত্ত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীয়ে আমাৰ গণৰাজ্যৰ ৭৫ সংখ্য্যক বৰ্ষত ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত কৈছে "দেশখনে অপৰিসীম সম্ভাৱনা আৰু সুযোগৰ দুৱাৰ  মুকলি কৰাৰ লগে লগে নতুন অনুপ্ৰেৰণা, নতুন চেতনা, নতুন সংকল্পৰ সৈতে আমি ৰাষ্ট্ৰীয় উন্নয়নৰ প্ৰতি নিজকে প্ৰতিশ্ৰুতিবদ্ধ কৰিছো"। এয়া  আমাৰ 'কৰ্তব্যকাল'। তেওঁ কয়, "২০১৪ চনৰ পূৰ্বৰ প্ৰতিটো প্ৰত্যাহ্বান আমাৰ অৰ্থনৈতিক ব্যৱস্থাপনা আৰু আমাৰ শাসনৰ জৰিয়তে অতিক্ৰম কৰা হৈছে আৰু এইবোৰে দেশখনক নিৰন্তৰ  বিকাশৰ এক দৃঢ় পথত আগুাই নিছে"।

শ্ৰীমতী নিৰ্মলা সীতাৰমণে গুৰুত্ব আৰোপ কৰি কয়, "আমাৰ সঠিক নীতি, প্ৰকৃত উদ্দেশ্য আৰু উপযুক্ত সিদ্ধান্তৰ জৰিয়তে এয়া সম্ভৱ হৈছে। জুলাইৰ সম্পূৰ্ণ বাজেটত  আমাৰ চৰকাৰে 'বিকশিত ভাৰত'ৰ বাবে আমাৰ অনুসৰণৰ অৰ্থে এক বিতং ৰোডমেপ উপস্থাপন কৰিব।

বাজেটৰ খ অংশ- সাৰাংশ

 

অন্তৱৰ্তীকালীন বাজেটত কৰ সম্পৰ্কীয় কোনো পৰিৱৰ্তনৰ প্ৰস্তাৱ দিয়া হোৱা নাই। প্ৰত্যক্ষ কৰ আৰু পৰোক্ষ কৰৰ বাবে একেই হাৰ, আমদানি শুল্কসহ পূৰ্বৰ দৰে কৰৰ হাৰ  বাহাল ৰখা হৈছে। অৱশ্যে, কৰৰ ধাৰাবাহিকতা প্ৰদান কৰিবলৈ, ষ্টাৰ্ট-আপবোৰক কিছুমান কৰৰ  জডড়িয়তে লাভাৱান্বিত কৰিবলৈ সম্পদ বা পেঞ্চন পুঁজিৰ দ্বাৰা কৰা বিনিয়োগৰ লগতে কিছুমান আইএফচি গোটৰ  উপাৰ্জনৰ ওপৰত কৰ ৰেহাই ৩১  মাৰ্চ, ২০২৫লৈ এবছৰলৈ বৃদ্ধি কৰা হৈছে।

বকেয়া প্ৰত্যক্ষ কৰৰ দাবী প্ৰত্যাহাৰ

শ্ৰীমতী সীতাৰমণে কৰ দাতা সেৱা উন্নত কৰাৰ বাবে  কৰা এটা ঘোষণা  চৰকাৰৰ জীৱন ধাৰণ সহজ কৰি তোলা  আৰু ব্যৱসায়ক  সহজ পন্থাৰে উন্নত কৰাৰ দৃষ্টিভংগীৰ সৈতে সামঞ্জস্যপূৰ্ণ বিবেচিত হৈছে। বহুসংখ্যক ক্ষুদ্ৰ, অ-প্ৰমাণিত, অ-মীমাংসা বা বিতৰ্কিত প্ৰত্যক্ষ কৰ দাবী আছে, সেইবোৰৰ বহুতো ১৯৬২ চনৰ আগৰে পৰাই চলি আছে, তেনে কৰৰ কথা  কিতাপতে আবদ্ধ হৈ  আছে, যাৰ ফলত সাধাৰণ  কৰ দাতাসকলৰ বাবে উদ্বেগৰ সৃষ্টি হৈছে  । অন্তৱৰ্তীকালীন বাজেটত ২০০৯-১০ বিত্তীয় বৰ্ষলৈকে ২৫,০০০ টকালৈকে আৰু ২০১০-১১ বৰ্ষৰ পৰা ২০১৪-১৫ বিত্তীয় বৰ্ষলৈকে ১০,০০০ টকালৈকে এনে বকেয়া প্ৰত্যক্ষ কৰৰ দাবী প্ৰত্যাহাৰ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। এই পদক্ষেপে  প্ৰায় এক কোটি কৰ দাতাক লাভাৱান্বিত কৰিব বুলি আশা কৰা হৈছে।

প্ৰত্যক্ষ কৰ সংগ্ৰহ তিনিগুণ

কৰ দাতাসকলক তেওঁলোকৰ সমৰ্থনৰ বাবে প্ৰশংসা কৰি শ্ৰীমতী সীতাৰমণে কয় যে যোৱা ১০ বছৰত প্ৰত্যক্ষ কৰ সংগ্ৰহ তিনিগুণতকৈও অধিক বৃদ্ধি পাইছে আৰু ৰিটাৰ্ণ ফাইলাৰবোৰ ২.৪ গুণলৈ বৃদ্ধি হৈছে। তেওঁ এই কথাৰ ওপৰত আলোকপাত কৰে যে চৰকাৰে কৰ হাৰ হ্ৰাস আৰু যুক্তিসঙ্গত কৰিছে যাৰ বাবে নতুন কৰ ব্যৱস্থাৰ অধীনত ৭ লাখ টকালৈকে উপাৰ্জন কৰাসকলৰ কোনো   কৰ দায়বদ্ধতা নাই। মন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ ঘৰুৱা কোম্পানীসমূহৰ বাবে কৰ্পোৰেট কৰ হাৰ ৩০% ৰ পৰা ২২% লৈ হ্ৰাস হোৱাৰ কথাও উল্লেখ কৰে আৰু কিছুমান নতুন নিৰ্মাণ কোম্পানীৰ বাবে ১৫% লৈ কৰ হ্ৰাস হোৱাৰ কথাও উল্লেখ কৰে। অন্তৱৰ্তীকালীন বাজেট ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা ৫ বছৰত চৰকাৰৰ লক্ষ্য হৈছে কৰ দাতাৰ সেৱা উন্নত কৰা৷  যাৰ ফলত বহু পুৰণি নীতি আধাৰিত প্ৰণালী সলনি হৈছে আৰু কৰ ৰিটাৰ্ণ দাখিল কৰাটো সৰল তথা সহজ কৰি তোলা হৈছে।

প্ৰত্যক্ষ কৰ সংগ্ৰহ তিনিগুণ

কৰ দাতাসকলক তেওঁলোকৰ সমৰ্থনৰ বাবে প্ৰশংসা কৰি শ্ৰীমতী সীতাৰমণে কয় যে যোৱা ১০  বছৰত প্ৰত্যক্ষ কৰ সংগ্ৰহ তিনিগুণতকৈও অধিক বৃদ্ধি পাইছে আৰু ৰিটাৰ্ণ ফাইলাৰবোৰ ২.৪ গুণলৈ বৃদ্ধি হৈছে। তেওঁ এই বিষয়ত  আলোকপাত কৰে যে চৰকাৰে কৰৰ হাৰ হ্ৰাস কৰাৰ লগতে  যুক্তিসঙ্গত কৰিছে৷  যাৰ বাবে নতুন কৰ ব্যৱস্থাৰ অধীনত ৭ লাখ টকালৈকে উপাৰ্জন কৰাসকলৰ কোনো  কৰ দায়বদ্ধতা নাই। তেওঁ  খুচুৰা ব্যৱসায়ৰ লগতে পেছাদাৰীসকলৰ বাবে আনুমানিক কৰ বৃদ্ধিৰ সীমা বৃদ্ধিৰ বিষয়েও উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ ঘৰুৱা কোম্পানীসমূহৰ বাবে কৰ্পোৰেট কৰৰ হাৰ ৩০% ৰ পৰা ২২% লৈ হ্ৰাস কৰাৰ  কথাও উল্লেখ কৰে আৰু কিছুমান নতুন নিৰ্মাণ কোম্পানীৰ বাবে কৰ ১৫% লৈ হ্ৰাস হোৱাৰ কথাও উল্লেখ কৰে। অন্তৱৰ্তীকালীন বাজেট ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা ৫ বছৰত চৰকাৰৰ লক্ষ্য হৈছে কৰ দাতাৰ সেৱা উন্নত কৰা , যাৰ ফলত বহু পুৰণি অধিকাৰ ক্ষেত্ৰ-নীতি আধাৰিত মূল্যায়ন প্ৰণালী সলনি কৰা  হৈছে আৰু কৰ ৰিটাৰ্ণ দাখিল কৰাটো সৰল আৰু সহজ কৰি তোলা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে আটাইতকৈ ডাঙৰ হিতাধিকাৰী হৈছে গ্ৰাহকসকল,  কিয়নো লজিষ্টিক ব্যয় আৰু কৰ হ্ৰাসৰ ফলত বেছিভাগ সামগ্ৰী আৰু সেৱাৰ মূল্য হ্ৰাস পাইছে। আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ সুবিধাৰ বাবে শুল্ক বিভাগত লোৱা কেইবাটাও পদক্ষেপৰ বিষয়ে উল্লেখ কৰি শ্ৰীমতী সীতাৰমণে কয় যে ২০১৯ চনৰ পৰা যোৱা চাৰি বছৰত আভ্যন্তৰীণ কণ্টেইনাৰ ডিপোত আমদানিকৃত সামগ্ৰী  মুকলি কৰাৰ সময় ৪৭ শতাংশ হ্ৰাস হৈ ৭১ ঘণ্টালৈ, এয়াৰ কাৰ্গো কমপ্লেক্সত ২৮ শতাংশ হ্ৰাস হৈ ৪৪ ঘণ্টালৈ আৰু সাগৰীয় বন্দৰত ২৭ শতাংশ হ্ৰাস হৈ  ৮৫ ঘণ্টালৈ হ্ৰাস পাইছে।

শ্বেতপত্ৰ প্ৰস্তুতকৰণ

ভাৰতীয় অৰ্থনীতিৰ স্থিতি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ২০১৪ চনত অৰ্থনীতিক ঢাপে ঢাপে  সংশোধন কৰা আৰু শাসন ব্যৱস্থাক সুশৃংখল কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ দায়িত্ব যথেষ্ট আছিল৷ চৰকাৰে 'ৰাষ্ট্ৰ-প্ৰথম'ৰ নীতিত  দৃঢ় বিশ্বাস  ৰাখি  সফলতাৰে সেইবোৰৰ সমাধানৰ বাট মুকলি  কৰিছিল । তেওঁ আশ্বাস দিয়ে যে সেই বছৰবোৰৰ সংকট দূৰ কৰা হৈছে আৰু অৰ্থনীতিক সৰ্বাংগীন বিকাশৰ সৈতে এক উচ্চ বহনক্ষম বিকাশৰ পথত দৃঢ়ভাৱে আগুৱাই নিয়া  হৈছে। তেওঁ ঘোষণা কৰে যে চৰকাৰে '২০১৪ চনলৈকে আমি তেতিয়া ক'ত আছিলো আৰু এতিয়া আমি ক'ত আছো, কেৱল সেই বছৰবোৰৰ নেতিবাচক ব্যৱস্থাৰ পৰা শিক্ষা লোৱাৰ উদ্দেশ্যে' এখন শ্বেতপত্ৰ প্ৰকাশ কৰিব৷

 

***

 

YKB/NB/SNC/SKS/DM



(Release ID: 2001358) Visitor Counter : 180