কেবিনেট

মে’ ২০০৯ - নৱেম্বৰ ২০১৫ চনৰ সময়ছোৱাৰ বাবে সাৰ (ইউৰিয়া)লৈ ঘৰুৱা গেছ যোগানৰ বাবে বিপণন লাভত অনুমোদন কেবিনেটৰ

Posted On: 01 FEB 2024 11:36AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ১ মে’, ২০০৯ৰ পৰা ১৭ নৱেম্বৰ, ২০১৫ চনলৈকে মাজৰ সময়ছোৱাৰ বাবে সাৰ (ইউৰিয়া)লৈ ঘৰুৱা গেছ যোগানৰ বাবে বিপণন লাভত অনুমোদন জনাইছে৷

এই অনুমোদন এক গাঁথনিগত সংস্কাৰ। গেছ বিপণন কোম্পানীয়ে গেছৰ বিপণনৰ সৈতে জড়িত অতিৰিক্ত ক্ষতিশংকা আৰু ব্যয় বহণ কৰাৰ বাবে গেছৰ খৰচৰ ওপৰত গ্ৰাহকৰ পৰা বিপণন লাভ লয়। চৰকাৰে পূৰ্বে ২০১৫ চনত ইউৰিয়া আৰু এলপিজি উৎপাদকসকলক ঘৰুৱা গেছ যোগানৰ বিপণনৰ লাভ নিৰ্ধাৰণ কৰিছিল।

এই অনুমোদনে ১৮.১১.২০১৫ৰ পৰা ইতিমধ্যে প্ৰদান কৰা হাৰৰ ভিত্তিত ০১.০৫.২০০৯ৰ পৰা ১৭.১১.২০১৫ তাৰিখলৈকে ক্ৰয় কৰা ঘৰুৱা গেছৰ ওপৰত তেওঁলোকে প্ৰদান কৰা বিপণন লাভৰ উপাদানৰ বাবে বিভিন্ন সাৰ (ইউৰিয়া) ইউনিটসমূহক অতিৰিক্ত মূলধন প্ৰদান কৰিব।

আত্মনিৰ্ভৰ ভাৰতৰ চৰকাৰী দৃষ্টিভংগীৰ লগত সংগতি ৰাখি এই অনুমোদনে উৎপাদকসকলক বিনিয়োগ বৃদ্ধিৰ বাবে উদগনি যোগাব। বৃদ্ধি পোৱা বিনিয়োগে সাৰৰ ক্ষেত্ৰত স্বাৱলম্বীতা লাভ কৰিব আৰু গেছ আন্তঃগাঁথনি খণ্ডত ভৱিষ্যতৰ বিনিয়োগৰ বাবে নিশ্চয়তাৰ এক উপাদান প্ৰদান কৰিব।

 

*****

DS/DB



(Release ID: 2001290) Visitor Counter : 47