প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে জয়পুৰৰ যন্তৰ মন্তৰ ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ

Posted On: 25 JAN 2024 10:37PM by PIB Guwahati

আজি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে জয়পুৰৰ যন্তৰ মন্তৰ ভ্ৰমণ কৰে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

"ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে জয়পুৰৰ যন্তৰ মন্তৰ ভ্ৰমণ কৰিলো। ইউনেস্কোৰ এই বিশ্ব ঐতিহ্য ক্ষেত্ৰখন ভাৰতৰ জ্যোতিৰ্বিজ্ঞানৰ চহকী ঐতিহ্যৰ প্ৰমাণ হিচাপে উদ্ভাসিত হৈছে। ইয়াৰ উপৰিও ই প্ৰাচীন প্ৰজ্ঞা আৰু আধুনিক বিজ্ঞানৰ মিশ্ৰণৰ প্ৰতীক, যিটো ভাৰত আৰু ফ্ৰান্স দুয়োখন দেশেই শলাগ লোৱা এক উমৈহতীয়া মূল্যবোধৰ বিষয়।"

 

Visited Jantar Mantar in Jaipur with President @EmmanuelMacron. This UNESCO World Heritage Site stands as a testament to India's rich heritage in astronomy. It also symbolises the blend of ancient wisdom and modern science, a shared value that both India and France appreciate. pic.twitter.com/2d0Se6bg3h

— Narendra Modi (@narendramodi) January 25, 2024

***

DS/TS



(Release ID: 2000157) Visitor Counter : 49