গৃহ মন্ত্ৰালয়

‘গণৰাজ্য দিৱস-২০২৪’ উপলক্ষে আৰক্ষী, অগ্নি নিৰ্বাপক সেৱা, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা আৰু সংশোধন সেৱাৰ ১১৩২গৰাকী কৰ্মচাৰীক বীৰত্ব/সেৱা পদক প্ৰদান কৰা হয়

Posted On: 25 JAN 2024 9:24AM by PIB Guwahati

‘গণৰাজ্য দিৱস, ২০২৪’ উপলক্ষে আৰক্ষী, অগ্নি নিৰ্বাপক সেৱা, গৃহৰক্ষী বাহিনী আৰু অসামৰিক প্ৰতিৰক্ষা তথা সংশোধনী সেৱাৰ মুঠ ১১৩২ গৰাকী কৰ্মচাৰীক বীৰত্ব/সেৱা পদক প্ৰদান কৰা হৈছে।

চৰকাৰে শেহতীয়া বছৰসমূহত বিভিন্ন পুৰস্কাৰৰ সমগ্ৰ পৰিৱেশ প্ৰণালীটোকক যুক্তিসঙ্গত আৰু ৰূপান্তৰিত কৰাৰ বাবে বহুতো পদক্ষেপ গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত, ষোল্লটা বীৰত্ব/সেৱা পদক (আৰক্ষী, অগ্নি নিৰ্বাপক সেৱা, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা আৰু সংশোধনী সেৱাৰ বাবে) যুক্তিসঙ্গত কৰা হৈছে আৰু নিম্নলিখিত চাৰিটা পদকত একত্ৰিত কৰা হৈছে:

ক) বীৰত্বৰ বাবে ৰাষ্ট্ৰপতি  পদক (পিএমজি)

খ) বীৰত্বৰ বাবে পদক (জিএম)

গ) বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক (পিএছএম)

ঘ) প্ৰশংসনীয় সেৱাৰ বাবে পদক (এমএছএম)

শেহতীয়াকৈ পদকৰ পুনৰ্গঠনৰ পিছত, গণতন্ত্ৰ দিৱস, ২০২৪ উপলক্ষে আৰক্ষী, অগ্নি নিৰ্বাপক সেৱা, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা আৰু সংশোধনী সেৱাৰ মুঠ ১১৩২ গৰাকী কৰ্মচাৰীক বীৰত্ব/সেৱা পদক প্ৰদান কৰা হৈছে। বিভিন্ন ভাগৰ তথ্য তলত উল্লেখ কৰা হৈছে:-

 

বীৰত্ব পদক আৰক্ষী সেৱা

 

পদকৰ নাম

 

প্ৰদান কৰা পদকৰ সংখ্যা

বীৰত্বৰ বাবে ৰাষ্ট্ৰপতিপদক (পিএমজি)

০২

বীৰত্বৰ বাবে পদক (জিএম)

২৭৫

 

জীৱন আৰু সম্পত্তি ৰক্ষা কৰা, বা অপৰাধ প্ৰতিৰোধ কৰা বা অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট বিষয়াৰ দায়বদ্ধতা আৰু কৰ্তব্যৰ ক্ষেত্ৰত থকা বিপদাশংকাৰ সঠিক ভাৱে কৰা পৰ্যালোচনাৰ ভিত্তিত ক্ৰমে ‘বিশিষ্ট বীৰত্ব’(পিজিএম) আৰু ‘বীৰত্ব’(জিএম)ৰ বাবে সাহসিকতাৰ পদক প্ৰদান কৰা হয়।

২৭৭টা বীৰত্ব বঁটাৰ ভিতৰত, বাওঁপন্থী উগ্ৰবাদ প্ৰভাৱিত অঞ্চলৰ ১১৯ গৰাকী কৰ্মচাৰী, জম্মু-কাশ্মীৰ অঞ্চলৰ ১৩৩ গৰাকী কৰ্মচাৰী আৰু অন্যান্য অঞ্চলৰ ২৫ গৰাকী কৰ্মচাৰীক তেওঁলোকৰ বীৰত্বপূৰ্ণ সাহসিক কাৰ্যৰ বাবে পুৰস্কৃত কৰা হৈছে।

বীৰত্ব পদক লাভ কৰা কৰ্মচাৰীসকলৰ ভিতৰত বুটেম্বোত ‘মৰোক্কান ৰেপিড ডিপ্লয়মেণ্ট বেটেলিয়ন’ (এমঅআৰডিবি) শিবিৰত ‘বিএছএফ’-ৰ ‘১৫ সংখ্যক কঙ্গো দল’ৰ সদস্য হিচাপে কঙ্গো গণতান্ত্ৰিক গণৰাজ্যত ‘ৰাষ্ট্ৰসংঘৰ ষ্টেবিলাইজেশ্যন মিছন’ৰ অংশ হিচাপে শান্তি ৰক্ষাৰ সন্মানীয় কামত আগবঢ়োৱা তেওঁলোকৰ অসামান্য অৱদানৰ বাবে বিএছএফ কৰ্মীসকললৈ ০২টা ‘পিএমজি’ প্ৰদান কৰা হৈছে।

 

২৭৭টা বীৰত্ব পদকৰ ভিতৰত ২৭৫টা জিএম জম্মু-কাশ্মীৰ আৰক্ষীৰ ৭২ গৰাকী, মহাৰাষ্ট্ৰৰ ১৮ গৰাকী কৰ্মচাৰী, ছত্তীশগড়ৰ ২৬ গৰাকী কৰ্মচাৰী, ঝাৰখণ্ডৰ ২৩ গৰাকী কৰ্মচাৰী, উৰিষ্যাৰ ১৫ গৰাকী কৰ্মচাৰী, দিল্লীৰ ০৮ গৰাকী কৰ্মচাৰী, চিআৰপিএফৰ ৬৫ জন জোৱান, এছএছবিৰ ২১ গৰাকী কৰ্মচাৰী আৰু আন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰু বাকীকেইটা ‘চিএপিএফ’ৰ  কৰ্মচাৰীসকলক প্ৰদান কৰা হৈছে।

বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক (পিএছএম) আৰু প্ৰশংসনীয় সেৱাৰ পদক

(এমএছএম)

‘বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি পদক’ (পিএছএম) সেৱাত বিশেষ বিশিষ্ট কাৰ্যৰ অভিলেখ ৰচনাৰ বাবে প্ৰদান কৰা হয় আৰু ‘প্ৰশংসনীয় সেৱাৰ পদক’ (এমএছএম) সম্পদ আৰু কৰ্তব্যৰ প্ৰতি নিষ্ঠাৰ দ্বাৰা চিহ্নিত মূল্যৱান সেৱাৰ বাবে প্ৰদান কৰা হয়।

বিশিষ্ট সেৱাৰ বাবে আগবঢ়োৱা ১০২ টা ৰাষ্ট্ৰপতি পদকৰ ভিতৰত ৯৪টা আৰক্ষী সেৱাক, ০৪টা অগ্নি নিৰ্বাপক সেৱাক আৰু ০৪টা অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী সেৱাক প্ৰদান কৰা হৈছে।  প্ৰশংসনীয় সেৱাৰ বাবে আগবঢ়োৱা ৭৫৩টা পদকৰ ভিতৰত ৬৬৭টা আৰক্ষী সেৱাক, ৩২টা অগ্নি নিৰ্বাপক সেৱাক, ২৭টা অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী সেৱাক আৰু ২৭টা সংশোধনী সেৱাক প্ৰদান কৰা হৈছে।

সেৱা অনুসৰি প্ৰদান কৰা পদকৰ বিভাজন

 

পদকৰ নাম

আৰক্ষী সেৱা

অগ্নি নিৰ্বাপক সেৱা

অসামৰিক প্ৰতিৰক্ষা তথা গৃহৰক্ষী সেৱা

সংশোধন সেৱা

বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক (পিএছএম) (মুঠ পদক প্ৰদান: ১০২)

৯৪

০৪

০৪

--

প্ৰশংসনীয় সেৱাৰ বাবে পদক (এমএছএম)

(মুঠ পদক প্ৰদান কৰা হৈছে : ৭৫৩)

৬৬৭

৩২

২৭

২৭

 

মুঠ

 

৭৬১

 

৩৬

 

৩১

 

২৭

 

 

 

 

 

 

 

 

বঁটা প্ৰাপক ব্যক্তিৰ তালিকাৰ বিৱৰণ তলত দিয়া ধৰণে সংলগ্ন কৰা হৈছে:

ক্ৰমিক নং

বিষয়

 

ব্যক্তিৰ সংখ্যা

পৰিশিষ্ট

 

 

বীৰত্বৰ বাবে ৰাষ্ট্ৰপতিৰ পদক (পিএমজি)

০২

List-I

বীৰত্বৰ বাবে পদক (এমজি)

২৭৫

List-II

 

বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক (পিএছএম)

১০২

List-III

প্ৰশংসনীয় সেৱাৰ বাবে পদক (এমএছএম)

৭৫৩

List-IV

 

ৰাজ্য অনুসৰি/বাহিনী অনুসৰি পদক  বিজয়ীসকলৰ তালিকা

তালিকা অনুসৰি

List -V

 

Click here to view List-I

Click here to view List-II

Click here to view List-III

Click here to view List-IV

Click here to view List-V

সবিশেষৰ বাবে www.mha.gov.inand https://awards.gov.in.

*****

 

RK/ASH/RR/PR/AK/KB



(Release ID: 1999969) Visitor Counter : 51