কেবিনেট

কেবিনেটে ভাৰত আৰু ডমিনিকান গণৰাজ্যৰ মাজত যৌথ অৰ্থনৈতিক আৰু বাণিজ্য কমিটি গঠনৰ বাবে প্ৰট’কলত অনুমোদন জনায়

Posted On: 24 JAN 2024 6:01PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ভাৰত গণৰাজ্যৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ বাণিজ্য বিভাগ আৰু ডমিনিকান গণৰাজ্যৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মাজত যৌথ অৰ্থনৈতিক আৰু বাণিজ্য কমিটি (JETCO) গঠনৰ প্ৰট’কলত স্বাক্ষৰৰ প্ৰস্তাৱত অনুমোদন জনায়।

ভাৰত আৰু ডমিনিকান গণৰাজ্যৰ দ্বিপাক্ষিক সম্পৰ্ক সৌহাদ্যপূৰ্ণ আৰু সকলো ক্ষেত্ৰতে গভীৰতা অব্যাহত আছে। সম্প্ৰতি ভাৰত আৰু ডমিনিকান গণৰাজ্যৰ মাজত ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত কোনো দ্বিপাক্ষিক প্ৰতিষ্ঠানিক ব্যৱস্থা নাই। ভাৰতে মূলতঃ ডমিনিকান গণৰাজ্যৰপৰা সোণ আমদানি আৰু বিদেশী ৰাষ্ট্ৰখনলৈ ঔষধ, সামুদ্ৰিক সামগ্ৰী, মটৰ গাড়ী, দুচকীয়া আৰু তিনিচকীয়া বাহন আদি ৰপ্তানি কৰি আহিছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত, উক্ত কমিটিখন গঠনে ভাৰত আৰু ডমিনিকান গণৰাজ্যৰ অৰ্থনৈতিক সম্পৰ্ক সুদৃঢ় আৰু এক গুৰুত্বপূৰ্ণ ভূমিকা পালনেৰে আলোচনা, তথ্য, অভিজ্ঞতা আৰু ধাৰণা বিনিময় প্ৰশস্ত কৰিব। ইয়াৰ ফলশ্ৰুতিত বাণিজ্য আৰু উদ্যোগৰ বৰ্ধন ঘটিব। এই প্ৰট’কল বৃহত্তৰ লেটিন আমেৰিকা আৰু কেৰিবিয়ান বজাৰসমূহৰ বাবে এক ফলপ্ৰসূ অনুঘটক হিচাপে পৰিগণিত হ’ব।

যৌথ কমিটিখনে ভিন্ন কৰ্তৃপক্ষ আৰু এইসমূহৰ প্ৰতিপক্ষৰ মাজত তথ্যৰ বিনিময়ৰ বাবে এখনি মঞ্চ প্ৰশস্ত কৰিব। ইয়াৰ ফলত, সামগ্ৰী আৰু সেৱাৰ ব্যৱসায়ত সহায়ক হ’ব আৰু ফলস্বৰূপে দুয়োখন দেশৰ পেছাদাৰীসকলৰ বাবে উন্নত নিয়োগৰ সুযোগ সৃষ্টি হ’ব।

কমিটিখনৰ গঠনে পাৰস্পৰিক আলোচনাৰ ভাৰতীয় সামগ্ৰীৰ ৰপ্তানিৰ ক্ষেত্ৰত প্ৰত্যাহ্বানসমূহ লাঘৱ কৰিব আৰু ভাৰতত প্ৰস্তুত ঔষধ, অট’ম’বাইল আৰু অভিযান্ত্ৰিক সামগ্ৰীৰ ৰপ্তানি বৃদ্ধিৰ পথ প্ৰশস্ত কৰিব যাৰ ফলত এখনি আত্মনিৰ্ভৰ ভাৰতৰ বাবে অধিক বৈদেশিক মুদ্ৰা উপাৰ্জন হ’ব।

****

DS/SKS/SB
(Release ID: 1999209)



(Release ID: 1999330) Visitor Counter : 69