তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

পি আইবি ফটো ফিচাৰ

শ্ৰী ৰামলালাৰ অভিষেকৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ১১ দিনীয়া বিশেষ অনুষ্ঠান

বিভিন্ন তীৰ্থস্থান পৰিদৰ্শন কৰি বিভিন্ন ভাষাত ৰামায়ণ পাঠ শুনে প্ৰধানমন্ত্ৰীয়ে

Posted On: 21 JAN 2024 7:01PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ১২ জানুৱাৰীত নাচিকৰ কালা ৰাম মন্দিৰত ১১ দিনীয়া অনুষ্ঠান আৰম্ভ কৰে, এই অনুষ্ঠান সম্পূৰ্ণ হোৱাৰ লগে লগে ২২ জানুৱাৰীত অযোধ্যা ধাম মন্দিৰত শ্ৰী ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। ভগৱান ৰামে তেওঁৰ গুৰুত্বপূৰ্ণ সময় অতিবাহিত কৰা নাশিক ধাম- পঞ্চৱতীৰ পৰাই তেওঁ অনুষ্ঠান আৰম্ভ কৰে।

                                                                       Image

শ্ৰী কলাৰাম মন্দিৰ, নাচিক

প্ৰধানমন্ত্ৰীয়ে ২০২৪ চনৰ ১২ জানুৱাৰীত মহাৰাষ্ট্ৰৰ নাচিকৰ কালা ৰাম মন্দিৰত প্ৰাৰ্থনা কৰে। শ্ৰী ৰাম কুণ্ড তেওঁ দৰ্শন কৰাৰ লগতে পূজাও আগবঢ়ায়। ভগৱান ৰামে অযোধ্যালৈ বিজয়ী হৈ ঘৰলৈ উভতি অহাৰ চিত্ৰ অংকন কৰা ৰামায়ণৰ ‘যুদ্ধ কান্দ’ শিতান প্ৰধানমন্ত্ৰীৰ আগত মাৰাঠী ভাষাত পাঠ কৰা হয়। প্ৰধানমন্ত্ৰীয়ে সন্ত একনাথ জীয়ে মাৰাঠী ভাষাত ৰচনা কৰা ভাৱাৰ্থ ৰামায়ণৰ শ্লোকসমূহো শুনে।

                                                                 1.png

বীৰভদ্ৰ মন্দিৰ, লেপাক্ষী, অন্ধ্ৰ প্ৰদেশ

প্ৰধানমন্ত্ৰীয়ে ২০২৪ চনৰ ১৬ জানুৱাৰী মঙলবাৰে অন্ধ্ৰ প্ৰদেশৰ পুত্তপাৰ্থীৰ লেপাক্ষীস্থিত বীৰভদ্ৰ মন্দিৰত উপস্থিত হৈ পূজা-অৰ্চনা কৰে। প্ৰধানমন্ত্ৰীয়ে তেলেগু ভাষাত ৰঙানাথ ৰামায়ণ পাঠ শুনি অন্ধ্ৰপ্ৰদেশৰ প্ৰাচীন ছাঁয়া পুতলা শিল্প থোলু বোম্মালাথাই চিত্ৰিত কৰা জটায়ুৰ কাহিনীসমূহো দৰ্শন কৰে।

                                                                   

গুৰুভায়ুৰ মন্দিৰ, ত্ৰিচুৰ, কেৰালা

প্ৰধানমন্ত্ৰীয়ে কেৰালাৰ গুৰুভায়ুৰ মন্দিৰ পৰিদৰ্শন কৰে আৰু প্ৰাৰ্থনা কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ১৭ জানুৱাৰীত কেৰেলাৰ ত্ৰিপ্ৰয়াৰত শ্ৰী ৰামাস্বামীৰ ঐশ্বৰিক বাসস্থান পৰিদৰ্শন কৰে লগতে শ্ৰীৰামস্বামী মন্দিৰত দৰ্শন আৰু পূজা আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে সাংস্কৃতিক অনুষ্ঠানো চাই শিল্পী আৰু 'বাটুক'ক সম্বৰ্ধনা জনায়।

                                                                 3.png
শ্ৰী ৰংগনাথস্বামী মন্দিৰ, তিৰুচিৰাপল্লী, তামিলনাডু

২০২৪ চনৰ ২০ জানুৱাৰীৰ শুভ দিনটোত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ শ্ৰী ৰঙানাথস্বামীৰ পবিত্ৰ মন্দিৰ পৰিদৰ্শন কৰে। বিখ্যাত কম্ব ৰামায়ণৰ লেখক কম্বনে প্ৰথমবাৰৰ বাবে বিশ্বৰ আগত নিজৰ উকৃষ্ট কীৰ্তি উপস্থাপন কৰা পবিত্ৰ স্থানত তেওঁ কম্ব ৰামায়ণৰ কাব্যিক পৰিবেশনও শুনে।

                                                                   4.png

শ্ৰী অৰুলমিগু ৰামনাথস্বামী মন্দিৰ, ৰামেশ্বৰম

শ্ৰীৰংগনাথস্বামী মন্দিৰত প্ৰাৰ্থনা কৰাৰ অন্তত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ অৰুলমিগু ৰামনাথস্বামীৰ পবিত্ৰ বাসস্থান ৰামেশ্বৰম পৰিদৰ্শন কৰে। ভজনৰ লগতে বিভিন্ন অনুষ্ঠানতো তেওঁ অংশগ্ৰহণ কৰে।

                                                                    

ধনুষকোড়িৰ কোঠান্দৰামস্বামী মন্দিৰ

প্ৰধানমন্ত্ৰীয়ে আজি ধনুষকোড়িৰ কোঠাণ্ডাৰমস্বামী মন্দিৰ পৰিদৰ্শন কৰি পূজা-অৰ্চনা কৰে। ধনুষকোড়ীৰ সমীপত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাম সেতু নিৰ্মাণ কৰা বুলি কোৱা অৰিচাল মুনাইও ভ্ৰমণ কৰে।

                                                                                 setu.png

 

******

Team PIB Ayodhya Dham / Manish Tiwary/ AR



(Release ID: 1998548) Visitor Counter : 38