প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ৮ জানুৱাৰীত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰিব

অনুষ্ঠানটোত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হাজাৰ হাজাৰ হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰিব

Posted On: 07 JAN 2024 7:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ৮ জানুৱাৰী, ২০২৪ তাৰিখে দুপৰীয়া ১২:৩০ বজাত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰিব। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত সমবেত লোকসকলক উদ্দেশ্যি ভাষণ দিব।

সমগ্ৰ দেশৰ পৰা বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হাজাৰ হাজাৰ হিতাধিকাৰীয়ে অনুষ্ঠানটোত যোগদান কৰিব। এই কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, বিধায়ক আৰু স্থানীয় পৰ্যায়ৰ প্ৰতিনিধিসকলেও যোগদান কৰিব।

২০২৩ চনৰ ১৫ নৱেম্বৰত আৰম্ভ হোৱাৰ পৰা প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে নিয়মীয়াকৈ বাৰ্তালাপ কৰি আহিছে।  ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে চাৰিবাৰ বাৰ্তালাপ হৈছে (৩০ নৱেম্বৰ, ৯ ডিচেম্বৰ ১৬ডিচেম্বৰ আৰু ২৭ডিচেম্বৰ)লগতে, প্ৰধানমন্ত্ৰীয়ে যোৱা মাহত বাৰাণসী ভ্ৰমণৰ সময়ত একেৰাহে দুদিন (১৭-১৮ডিচেম্বৰ) বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে ব্যক্তিগতভাৱে মত বিনিময় কৰিছে।

চৰকাৰৰ বিভিন্ন ফ্লেগশ্বিপ আঁচনিসমূহৰ সুবিধা যাতে সময়সীমাৰ ভিতৰত সকলো লক্ষ্যযুক্ত হিতাধিকাৰীৰ ওচৰত উপনীত হোৱাটো সুনিশ্চিত হয় তাৰ লক্ষ্যৰে সমগ্ৰ দেশতে বিকশিত ভাৰত সংকল্প যাত্ৰা আৰম্ভ কৰা হৈছে।

৫জানুৱাৰী, ২০২৪তাৰিখে, বিকশিত ভাৰত সংকল্প যাত্ৰাই এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰে যিহেতু যাত্ৰাত অংশগ্ৰহণকাৰীৰ সংখ্যা ১০কোটি অতিক্ৰম কৰে। যাত্ৰা আৰম্ভ হোৱাৰ ৫০দিনৰ ভিতৰত উপনীত হোৱা এই সংখ্যাই সমগ্ৰ দেশৰ লোকসকলক বিকশিত ভাৰতৰ এক অংশীদাৰী দৃষ্টিভংগীৰ প্ৰতি একত্ৰিত কৰাৰ ক্ষেত্ৰত যাত্ৰাৰ গভীৰ প্ৰভাৱ আৰু অতুলনীয় সামৰ্থ্যৰ ইংগিত দিয়ে।

 

************* 

 

DS/ST/KG



(Release ID: 1997624) Visitor Counter : 53