কেবিনেট

কেবিনেটে চিকিৎসা সামগ্ৰী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত আৰু ডমিনিকান ৰিপাব্লিকৰ মাজত বুজাবুজিৰ চুক্তিত অনুমোদন জনায়

Posted On: 18 JAN 2024 1:01PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষাধীন কেন্দ্ৰীয় কেবিনেটক ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ঔষধ মানক নিয়ন্ত্ৰণ সংস্থা (CDSCO) আৰু ডমিনিকান ৰিপাব্লিকৰ জন স্বাস্থ্য আৰু সামাজিক সহায়তা মন্ত্ৰালয়ৰ ঔষধ, খাদ্য আৰু অনাময় সামগ্ৰী সংস্থা সঞ্চালকালয়ৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি সম্পৰ্কে অৱগত কৰা হয়। চিকিৎসা সামগ্ৰী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ২০২৩ৰ ৪ অক্টোবৰত এই বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত হৈছিল।

এই বুজাবুজিৰ চুক্তিয়ে উভয় ৰাষ্ট্ৰৰ অধিকাৰক্ষেত্ৰত চিকিৎসা সামগ্ৰী আৰু প্ৰাসংগিক প্ৰশাসনিক তথা নিয়ন্ত্ৰণমূলক বিষয়সমূহৰ সৈতে জড়িত ক্ষেত্ৰসমূহত তথ্যৰ আদান-প্ৰদান আৰু সহযোগিতাক প্ৰোৎসাহিত কৰিব। আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰচলিত অমান্য, ভুৱা ঔষধৰ সমস্যাৰে মোকাবিলাৰ ক্ষেত্ৰত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ কাৰ্য্যই নিয়ন্ত্ৰণকাৰী সংস্থাসমূহৰ মাজত পাৰস্পৰিক ক্ৰিয়া-কলাপ সহজ কৰি তুলিব।

নিয়ন্ত্ৰণ পদ্ধতিৰ অনুসৰণে ভাৰতৰপৰা ঔষধৰ ৰপ্তানি বৃদ্ধিত সহায় কৰিব পাৰে আৰু ফলস্বৰূপে ঔষধ খণ্ডৰ শিক্ষিত পেছাদাৰীসকলৰ বাবে উন্নত নিয়োগৰ সুযোগত সহায় কৰিব পাৰে।

এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে চিকিৎসা সামগ্ৰীৰ ৰপ্তানিৰ সুবিধা হ’ব যাৰ ফলত বৈদেশিক মুদ্ৰাৰ উপাৰ্জন হ’ব। এই প্ৰচেষ্টাই আত্মনিৰ্ভৰ ভাৰতক উদ্দীপনা যোগাব।

******

DS/SKS/SB



(Release ID: 1997262) Visitor Counter : 74