প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অন্ধ্ৰপ্ৰদেশৰ পুট্টাপাৰ্থীৰ লেপাক্ষীত বীৰভদ্ৰ মন্দিৰ দৰ্শন আৰু পূজা অৰ্চনা প্ৰধানমন্ত্ৰীৰ

Posted On: 16 JAN 2024 6:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ পুট্টাপাৰ্থীৰ লেপাক্ষীত বীৰভদ্ৰ মন্দিৰ দৰ্শন আৰু পূজা অৰ্চনা কৰে৷ শ্ৰী মোদীয়ে তেলেগু ভাষাত ৰংগনাথ ৰামায়ণৰ কাহিনী শুনা আৰু অন্ধ্ৰ প্ৰদেশৰ পৰা অহা থোলু বোম্মালতা নামেৰে জনাজাত পৰম্পৰাগত ছাঁ পুতলা উদ্যোগৰ জৰিয়তে উপস্থাপন কৰা জটায়ুৰ কাহিনীৰ প্ৰত্যক্ষ কৰে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“যিসকল প্ৰভু শ্ৰীৰামৰ ভক্ত সকলোৰে বাবে লেপাক্ষীৰ অতি তাৎপৰ্য আছে। আজি বীৰভদ্ৰ মন্দিৰত প্ৰাৰ্থনা কৰাৰ গৌৰৱ অৰ্জন কৰিলোঁ৷ মই প্ৰাৰ্থনা কৰিলোঁ যে ভাৰতৰ জনসাধাৰণ সুখী, সুস্থ আৰু সমৃদ্ধিৰ নতুন শিখৰত উপনীত হওক৷

লেপাক্ষী বীৰভদ্ৰ মন্দিৰত ৰংগনাথৰ ৰামায়ণ শুনিলো আৰু লগতে ৰামায়ণৰ সন্দৰ্ভত প্ৰদৰ্শিত পুতলা প্ৰদৰ্শনীও প্ৰত্যক্ষ কৰিলোঁ৷”

 

*****

DS/TS/DB



(Release ID: 1996869) Visitor Counter : 70