প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘কৃষ্ণা-গোদাৱৰী অৱবাহিকা’ৰ গভীৰ পানীৰ খাদৰ পৰা তেলৰ উৎপাদন আৰম্ভ হোৱাত প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰীয়ে

Posted On: 08 JAN 2024 10:06AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বংগোপসাগৰৰ উপকূলত অৱস্থিত জটিল আৰু কঠিন গভীৰ পানীৰ ‘কৃষ্ণা-গোদাৱৰী অৱবাহিকা’ (কেজি-ডিডব্লিউএন-৯৮/২ খণ্ড)ৰ পৰা আৰম্ভ হোৱা প্ৰথম খেপ তেল উৎপাদনক প্ৰশংসা কৰে।

কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীয়ে ‘এক্স’-ত কৰা এটা ‘পোষ্ট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;

"ভাৰতৰ শক্তি অন্বেষী যাত্ৰাত এয়া হৈছে এক উল্লেখযোগ্য পদক্ষেপ আৰু আত্মনিৰ্ভৰ ভাৰতৰ বাবে আৰম্ভ হোৱা আমাৰ অভিযানক উৎসাহিত কৰিছে। আমাৰ অৰ্থনীতিৰ বাবেও ইয়াৰ পৰা বহু লাভ হ'ব।"

***********

DS/ST/KB



(Release ID: 1994078) Visitor Counter : 52