ক'অপাৰেশ্বন মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত টুৰ দালি উৎপাদনকাৰী কৃষকৰ পঞ্জীয়ন, ক্ৰয় আৰু ধন পৰিশোধৰ বাবে নাফেড আৰু এন চি চি এফে প্ৰস্তুত কৰা পৰ্টেল মুকলি কৰে

আজিৰ আৰম্ভণিয়েই আগন্তুক দিনত কৃষি খণ্ডত প্ৰচণ্ড পৰিৱৰ্তনৰ আৰম্ভণি

উৎপাদনৰ পূৰ্বেই এই পৰ্টেলত পঞ্জীয়ন কৰা সকলো কৃষকৰ দালি আমি কিনিম...এইয়া পিএম মোদীৰ গেৰাণ্টী

কোনো ধৰণৰ দুৰ্নীতি নোহোৱাকৈ কৃষকৰ উৎপাদিত সামগ্ৰীৰ মূল্য পোনপটীয়াকৈ তেওঁলোকৰ একাউণ্টলৈ আহিব

এমএছপিত ১০ বছৰত যিমান বৃদ্ধি প্ৰধানমন্ত্ৰী মোদীয়ে কৰিছে, সিমান কোনো চৰকাৰে কৰা নাই

“সহযোগিতাৰ জৰিয়তে সমৃদ্ধি” মানে “সহযোগিতাৰ জৰিয়তে কৃষকৰ সমৃদ্ধি”

Posted On: 04 JAN 2024 5:53PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত তুৰদালি উৎপাদনকাৰী কৃষকৰ পঞ্জীয়ন, ক্ৰয় আৰু ধন পৰিশোধৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন (NAFED) আৰু ভাৰতীয় ৰাষ্ট্ৰীয় সমবায় গ্ৰাহক ফেডাৰেচন লিমিটেড (এনচিচিএফ)ৰ দ্বাৰা বিকশিত পৰ্টেলৰ লোকাৰ্পণ কৰে। শ্ৰী অমিত শ্বাহে মাহজাতীয় শস্যৰ আত্মনিৰ্ভৰশীলতাৰ ওপৰত আয়োজিত ৰাষ্ট্ৰীয় আলোচনা চক্ৰত ভাষণ প্ৰদান কৰে। এই উপলক্ষে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডা, গ্ৰাহক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী শ্ৰী অশ্বিনী চৌবে, সহযোগিতা ৰাজ্যিক মন্ত্ৰী শ্ৰী বি এল বাৰ্মাৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

নিজৰ ভাষণত কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰীগৰাকীয়ে কয় যে আজি আমি পৰ্টেলৰ জৰিয়তে এনে এটা কাম আৰম্ভ কৰিছোঁ যাৰ ফলত কৃষকসকলে NAFED আৰু NCCF ৰ জৰিয়তে আগতীয়াকৈ পঞ্জীয়ন কৰি তুৰদালি বিক্ৰী কৰাত সুবিধা হব আৰু তেওঁলোকে MSP বা তাতকৈ অধিক বজাৰ মূল্যৰ ডিবিটিৰ জৰিয়তে ধন পৰিশোধ কৰিব পাৰিব। তেওঁ কয় যে এই আৰম্ভণিৰ ফলত অনাগত দিনত কৃষকৰ সমৃদ্ধি, মাহজাতীয় শস্যৰ উৎপাদনত দেশৰ স্বাৱলম্বীতা আৰু লগতে পুষ্টি অভিযানো শক্তিশালী হব। ইয়াৰ লগে লগে আমাৰ শস্যৰ আৰ্হি সলনিৰ অভিযানে গতি লাভ কৰিব আৰু ভূমি সংস্কাৰ আৰু জল সংৰক্ষণৰ ক্ষেত্ৰতো পৰিৱৰ্তন হব। তেওঁ কয় যে আজিৰ আৰম্ভণিয়েই আগন্তুক দিনত কৃষি খণ্ডত প্ৰচণ্ড পৰিৱৰ্তন অনাৰ আৰম্ভণি।

শ্ৰী অমিত শ্বাহে কয় যে আজি দেশ মাহজাতীয় শস্যৰ ক্ষেত্ৰত স্বাৱলম্বী নহয়, কিন্তু আমি মগু আৰু বুটত স্বাৱলম্বীতা অৰ্জন কৰিছোঁ। তেওঁ কয় যে ভাৰতৰ দৰে কৃষিপ্ৰধান দেশত পানীৰ উপলব্ধতা বাঢ়িছে আৰু দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন বতৰ কৃষিৰ বাবে অতি উপযোগী। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাহজাতীয় শস্য উৎপাদন কৰা কৃষকসকলৰ ওপৰত ডাঙৰ দায়িত্ব অৰ্পণ কৰিছে যে ২০২৭ চনৰ ভিতৰত মাহজাতীয় শস্যৰ ক্ষেত্ৰত ভাৰত আত্মনিৰ্ভৰশীল হব লাগিব। তেওঁ আস্থা প্ৰকাশ কৰে যে কৃষকৰ সহযোগত ২০২৭ চনৰ ডিচেম্বৰৰ পূৰ্বে ভাৰতে মাহজাতীয় শস্য উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী হৈ উঠিব আৰু দেশে এক কেজিও দালি আমদানি কৰিব নালাগিব।

                                                                           

গৃহ আৰু সহযোগিতা মন্ত্ৰীগৰাকীয়ে কয় যে দেশখনক মাহজাতীয় শস্যৰ ক্ষেত্ৰত স্বাৱলম্বী কৰি তুলিবলৈ সহযোগিতা মন্ত্ৰালয় আৰু কৃষি মন্ত্ৰালয়ৰ লগতে অন্যান্য দলসমূহৰ সৈতে কেইবাখনো বৈঠক অনুষ্ঠিত কৰা হৈছে যত এই লক্ষ্যত উপনীত হোৱাৰ বাটত আহি পৰা বাধাৰ বিষয়ে আলোচনা কৰা হৈছে। তেওঁ কয় যে বহু সময়ত মাহজাতীয় শস্য উৎপাদন কৰা কৃষকসকলে চাতুৰ্য বা আন কোনো পৰিস্থিতিৰ বাবে উচিত মূল্য পোৱা নাছিল, যাৰ বাবে তেওঁলোকে বৃহৎ লোকচানৰ সন্মুখীন হবলগীয়া হৈছিল। ইয়াৰ বাবে কৃষকসকলে মাহজাতীয় শস্যৰ খেতি কৰিবলৈ পছন্দ নকৰিছিল। শ্ৰী শ্বাহে কয় যে আমি সিদ্ধান্ত লৈছোঁ যে যি কৃষকে উৎপাদনৰ পূৰ্বে NAFED আৰু NCCF ত নিজকে পঞ্জীয়ন কৰে, তেওঁৰ মাহজাতীয় শস্য ১০০ শতাংশ নূন্যতম সহায়ক মূল্যত (MSP) ক্ৰয় কৰা হব। শ্ৰী শ্বাহে কয় যে এই পৰ্টেলত পঞ্জীয়ন কৰাৰ পিছত, কৃষকৰ দুয়োহাতত লাড়ু থাকিব। মাহজাতীয় শস্য আহি পোৱাৰ সময়ত যদি মাহজাতীয় শস্যৰ দাম এমএছপিতকৈ বেছি হয়, তেন্তে ইয়াৰ গড় হিচাপ কৰাৰ পিছত কৃষকৰ পৰা অধিক দামত ক্ৰয় কৰাৰ বৈজ্ঞানিক সূত্ৰ তৈয়াৰ কৰা হৈছে আৰু ইয়াৰ ফলত কৃষকৰ ওপৰত কেতিয়াও অন্যায় নহব।

শ্ৰী অমিত শ্বাহে কৃষকসকলক নাফেড আৰু এনচিচিএফত পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ গেৰাণ্টী যে কৃষকসকলৰ মাহজাতীয় শস্য চৰকাৰে কিনিব আৰু বিক্ৰী কৰিবলৈ কতো ঘুৰি ফুৰিব নালাগিব। তেওঁ নিশ্চয়তা দিয়ে যে দেশক আত্মনিৰ্ভৰ কৰি তোলাৰ ক্ষেত্ৰত দেশৰ কৃষকসকলে চেষ্টাৰ কোনো ত্ৰুটি নাৰাখিব। সহযোগিতা মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ এক বৃহৎ অংশ এতিয়াও নিৰামিষভোজী আৰু তেওঁলোকৰ বাবে প্ৰটিন অতি গুৰুত্বপূৰ্ণ, যাৰ একমাত্ৰ উৎস হৈছে মাহজাতীয় শস্য। তেওঁ কয় যে দেশৰ অপুষ্টিৰ বিৰুদ্ধে যুঁজত মাহজাতীয় শস্যৰ উৎপাদনৰ যথেষ্ট গুৰুত্ব আছে। ভূমি পুনৰুদ্ধাৰৰ বাবেও মাহজাতীয় শস্য এক গুৰুত্বপূৰ্ণ খেতি, কাৰণ ইয়াৰ খেতি কৰিলে মাটিৰ গুণাগুণ বৃদ্ধি পায়। তেওঁ লগতে কয় যে মাহজাতীয় শস্যৰ উৎপাদনত কম পানীৰ প্ৰয়োজন হয় আৰু দেশৰ বহু ঠাইত ভূগৰ্ভস্থ পানীৰ স্তৰ হ্ৰাস পোৱাটো আমাৰ ভৱিষ্যতৰ বাবে চিন্তাৰ বিষয় হৈয়েই আছে। যদি ভূগৰ্ভস্থ পানীৰ স্তৰ বজাই ৰাখিব লাগে আৰু বৃদ্ধি কৰিব লাগে তেন্তে এনে শস্য বাছনি কৰিব লাগিব যাৰ উৎপাদনত কম পানীৰ প্ৰয়োজন হয়।

সহযোগিতা মন্ত্ৰীগৰাকীয়ে কয় যে আগতে কৃষকসকলৰ এটা দ্বিধাদ্বন্দ্ব আছিল যে যদি তেওঁলোকে মাহজাতীয় শস্য উৎপাদন কৰে তেন্তে তেওঁলোকে উচিত মূল্য নাপায়, কিন্তু এতিয়া প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকৰ দ্বিধাদ্বন্দ্বৰ অন্ত পেলাইছে। যদি কৃষকসকলে পঞ্জীয়ন কৰিছে, তেন্তে এমএছপিত সমগ্ৰ মাহজাতীয় শস্য ক্ৰয় কৰাটো নাফেড আৰু এন চিচিএফৰ দায়িত্ব। তেওঁ কয় যে মাহজাতীয় শস্যই, এক প্ৰকাৰে, আপোনাৰ পথাৰত এটা মিনি সাৰ কাৰখানা স্থাপন কৰে। এক হেক্টৰ এলেকাত ৩০ৰ পৰা ৪০ কেজি নাইট্ৰজেন যোগান ধৰাটো এটা ডাঙৰ কথা আৰু এই কথা বহু পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা প্ৰমাণিত হৈছে। শ্ৰী শ্বাহে কয় যে মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, ৰাজস্থান, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, গুজৰাট, ছত্তীশগড় আৰু বিহাৰৰ দৰে ৰাজ্যৰ কৃষকসকলৰ বাবে তেওঁলোকে নিজৰ মাটিৰ আকাৰ মাহজাতীয় শস্যৰ বাবে পঞ্জীয়ন কৰিব পাৰিব, তেওঁলোকৰ মাহ এমএছপিত ক্ৰয় কৰা হব।

গৃহ আৰু সহযোগিতা মন্ত্ৰীগৰাকীয়ে নাফেড আৰু এনচিচিএফক অতি কম সময়ৰ ভিতৰতে পৰ্টেল মুকলি কৰাৰ বাবে প্ৰশংসা কৰে। তেওঁ দেশৰ সকলো এফপিঅআৰু প্ৰগতিশীল কৃষকক আহ্বান জনায় যে তেওঁলোকে পৰ্টেলত পঞ্জীয়ন কৰাৰ বিষয়ে সেই সকলো ঠাইতে সজাগতা সৃষ্টি কৰক য'ত মাহজাতীয় শস্যৰ উৎপাদন হ'ব পাৰে। তেওঁ কয় যে কৃষকসকলক সজাগ কৰা উচিত যে অতি সহজ ধৰণৰ এপৰ জৰিয়তে সকলো ভাষাতে পঞ্জীয়ন কৰিব পৰা যায়। তেওঁ কয় যে পঞ্জীয়নৰ স্বীকৃতি পোৱাৰ পিছত নাফেড আৰু এনচিচিএফে কৃষকৰ মাহজাতীয় শস্য এমএছপিত হলেও ক্ৰয় কৰাটো বাধ্যতামূলক আৰু বজাৰত তেওঁলোকৰ মাহ বিক্ৰী কৰাৰ বিকল্পও কৃষকৰ বাবে মুকলি।

শ্ৰী অমিত শ্বাহে কয় যে পৰ্টেলটো অতি বৈজ্ঞানিক পদ্ধতিৰে ডিজাইন কৰা হৈছে, 'ত আধাৰ নম্বৰ পৰীক্ষা কৰা হৈছে, কৃষকৰ একক আইডি তৈয়াৰ কৰা হৈছে, ইয়াক ভূমিৰ ৰেকৰ্ডৰ সৈতে সংযুক্ত কৰা হৈছে আৰু আধাৰ ভিত্তিক পেমেণ্টৰ সৈতে একত্ৰিত কৰা হৈছে, কোনো ধৰণৰ দুৰ্নীতি নোহোৱাকৈ কৃষকৰ উৎপাদিত সামগ্ৰীৰ মূল্য পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰা হ'ব। তেওঁ কয় যে এই এপটোক ৱেৰহাউছিং সংস্থাসমূহৰ সৈতে বাস্তৱ সময়ৰ ভিত্তিত একত্ৰিত কৰাৰ বাবেও প্ৰচেষ্টা চলোৱা হৈছে। আগন্তুক দিনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ বাবেই সমবায় খণ্ডত গুদামৰ এক বৃহৎ অংশ আহিবলৈ গৈ আছে। প্ৰতিটো পিএচিএছ বৃহৎ গুদাম নিৰ্মাণৰ দিশত আগবাঢ়িছে, ইয়াৰ ফলত শস্যবোৰ দূৰলৈ পঠোৱাৰ সমস্যাটো সমাধান হব। সহযোগিতা মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে অন্ততঃ এমএছপি দাম দিবই আৰু যদি কৃষকসকলে বজাৰত অধিক দাম পায়, তেন্তে তেওঁলোকে বজাৰতো নিজৰ শস্য বিক্ৰী কৰিবলৈ স্বাধীন। তেওঁ কৃষকসকলক মাহ গ্ৰহণ কৰি ২০২৮ চনৰ ১ জানুৱাৰীৰ পূৰ্বে মাহ খণ্ডত দেশখনক স্বাৱলম্বী কৰি তুলিবলৈ আহ্বান জনায় যাতে ভাৰতে এক কেজিও মাহজাতীয় শস্য আমদানি কৰিব নালাগে।

গৃহ আৰু সহযোগিতা মন্ত্ৰীগৰাকীয়ে কয় যে অতি কম সময়ৰ ভিতৰতে ৫৩৭খন প্ৰাথমিক কৃষি সমবায় ঋণ সমিতি (পিএচিএছ) আৰু কেইবাটাও কৃষক উৎপাদক সংস্থা (এফপিঅ’) এই পৰ্টেলত যোগদান কৰিছে। গুজৰাটৰ ৪৮০টা, মহাৰাষ্ট্ৰৰ ২২৭টা, কৰ্ণাটকৰ ২০৯টা, মধ্যপ্ৰদেশৰ ৪৫টা আৰু অন্য ৰাজ্যৰ পিএচিএছ আৰু এফপিঅইও এই পৰ্টেলত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। তেওঁ কয় যে যোৱা ৯ বছৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত খাদ্য শস্য উৎপাদনত এক বৃহৎ পৰিৱৰ্তন হৈছে। শ্ৰী শ্বাহে কয় যে ২০১৩-১৪ বৰ্ষত মুঠ খাদ্য শস্যৰ উৎপাদন ২৬৫ মিলিয়ন টন আৰু ২০২২-২৩ চনত ৩৩ কোটি টনলৈ বৃদ্ধি পাইছে। তেওঁ কয় যে স্বাধীনতাৰ পাছৰ ৭৫ বছৰৰ যিকোনো এটা দশক যদি আমি বিশ্লেষণ কৰোঁ তেন্তে মোদী জীৰ নেতৃত্বতে দেশৰ কৃষকসকলে সৰ্বাধিক বৃদ্ধি লাভ কৰিছে। তেওঁ কয় যে এই সময়ছোৱাত মাহজাতীয় শস্যৰ উৎপাদন বৃহৎ পৰিমাণে বৃদ্ধি পাইছে যদিও তিনিটা মাহজাতীয় শস্যৰ ক্ষেত্ৰত আমি স্বাৱলম্বী নহয় আৰু সেইবোৰত আমি স্বাৱলম্বী হব লাগিব।

শ্ৰী অমিত শ্বাহে কয় যে আজি ভাৰত মাহজাতীয় শস্যৰ উৎপাদনৰ ক্ষেত্ৰত, ক্ষেত্ৰফল আৰু উৎপাদন দুয়োটা দিশতে বিশ্বৰ ভিতৰত এক নম্বৰ স্থানত থকাটো সন্তুষ্টিৰ বিষয়। বিশ্বত মাহজাতীয় শস্য উৎপাদনৰ বাবে বীজ সিঁচা মাটিৰ ৩১ শতাংশ ভাৰতত আছে আৰু মুঠ মাহজাতীয় শস্য উৎপাদনত ভাৰতৰ ২৮ শতাংশ অংশ আছে। তেওঁ কয় যে চৰকাৰে ৰপ্তানিৰ বাবে এখন সমবায় গঠন কৰিছে, যাৰ জৰিয়তে সমগ্ৰ বিশ্বতে মাহজাতীয় শস্য ৰপ্তানি কৰাৰ লক্ষ্য ৰাখি আগবাঢ়িব লাগিব আৰু এই দায়িত্ব দেশৰ কৃষকৰ ওপৰত নিহিত হৈ আছে। শ্ৰী শ্বাহে কয় যে উৎপাদনশীলতা বৃদ্ধিৰ বাবে ভাল বীজ উৎপাদনৰ বাবেও এখন সমবায় গঠন কৰা হৈছে, কেইদিনমানৰ পিছত আমি মাহজাতীয় শস্য আৰু তৈলবীজৰ উৎপাদনশীলতা বৃদ্ধিৰ বাবে আমাৰ প্ৰকল্পটো আগবঢ়াই দিম। আমিও আমাৰ পৰম্পৰাগত বীজ সংৰক্ষণ আৰু সংবৰ্ধনো কৰিম। ইয়াৰ লগতে উৎপাদনশীলতা বৃদ্ধিৰ বাবে আমি সহযোগিতামূলক ভিত্তিত বহু-ৰাজ্যিক বীজ পৰিৱৰ্তন সমিতি গঠন কৰিছোঁ। লগতে তেওঁ সকলো পিএচিএছ কমিটীত পঞ্জীয়ন কৰিবলৈ আহ্বান জনায়।

শ্ৰী শ্বাহে কয় যে ২০১৩-১৪ চনত দেশৰ কৃষকসকলে ১ কোটি ৯০ লাখ মেট্ৰিক টন মাহজাতীয় শস্য উৎপাদন কৰাৰ বিপৰীতে ২০২২-২৩ চনত ২.৬ কোটি মেট্ৰিক টন কৰে, কিন্তু আমি ইয়াত সন্তুষ্ট হোৱা উচিত নহয়। তেওঁ কয় যে আমি এনে ব্যৱস্থা গঢ়ি তুলিব লাগিব, ত ২০২৭ চনৰ ভিতৰত আমি কেৱল মাহজাতীয় শস্যৰ আমদানি বন্ধ কৰাই নহয়, ৰপ্তানিও কৰিব পাৰিম। সহযোগিতা মন্ত্ৰীগৰাকীয়ে কৃষকসকলক আশ্বাস দি এই পৰ্টেলৰ সদস্য হবলৈ আহ্বান জনাই কয় যে, এনে ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰচেষ্টাৰে আমি দেশৰ বাবে বহু কাম কৰিম আৰু ইয়াৰ দ্বাৰা কৃষকসকলো সমৃদ্ধিশালী হব। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীয়ে লালকিল্লাৰ প্ৰাচীৰৰ পৰা কৃষকৰ আয় দুগুণ কৰিব বুলি কৈছিল। তেওঁ কয় যে বিৰোধী দলসমূহে পৰিসংখ্যা নোচোৱাকৈয়ে ইয়াক ঠাট্টা কৰে। পৰিসংখ্যা দি সহযোগিতা মন্ত্ৰীগৰাকীয়ে কয় যে ২০১৪-১৫ চনত তুৰৰ এমএছপি আছিল ৪৩৫০ টকা আৰু আজি তুৰৰ এমএছপি ৭০০০ টকা। তেওঁ কয় যে কেৱল তুৰতে আমি কৃষকৰ আয় ৬৫% বৃদ্ধিৰ বাবে কাম কৰিছোঁ। একে সময়ছোৱাত মগুৰ এমএছপি আছিল ৪৬০০ টকা যিটো আজি ৮৫৫৮ টকা হৈ পৰিছে, উৰদৰ এমএছপি আছিল ৪৩৫০ টকা যিটো ৬৯৫০ টকালৈ বৃদ্ধি পাইছে, বুটৰ এমএছপি আছিল ৩১০০ টকা যিটো ৫৪৪০ টকালৈ বৃদ্ধি পাইছে আৰু মচুৰ দাইলৰ এমএছপি ২৯৫০ টকা যিটো দুগুণতকৈ অধিক বঢ়াই ইয়াক ৬৪২৫ টকা কৰাৰ কাম কৰা হৈছে। শ্ৰী শ্বাহে কয় যে এতিয়া কৃষকে যিমান বিচাৰে সিমান তুৰ, উৰদ আৰু মচুৰ সিঁচিব পাৰিব আৰু আন একো নকৰাকৈ তেওঁলোকৰ আয় দুগুণ হব।

সমগ্ৰ দেশৰ কৃষকসকলক গৃহ আৰু সহযোগিতা মন্ত্ৰীগৰাকীয়ে কয় যে নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ বাহিৰে আন কোনো চৰকাৰে ১০ বছৰত এমএছপি ইমান বৃদ্ধি কৰা নাই। তেওঁ কয় যে সমবায় আন্দোলনৰ লক্ষ্য সহযোগিতাৰ জৰিয়তে সমৃদ্ধি আৰু এই সমৃদ্ধিৰ অৰ্থ কৃষকৰ সমৃদ্ধি। তেওঁ কয় যে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকৰ সমৃদ্ধিৰ বাবে সমবায় আন্দোলন শক্তিশালী কৰাৰ বাবে কাম কৰিছে আৰু কৃষকসকলৰ এই বিষয়ে স্পষ্ট বাৰ্তা আৰু বুজাবুজি থাকিব লাগে। শ্ৰী শ্বাহে কয় যে আজি আমি ৰহৰ, উৰদ আৰু মচুৰ দাইলৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাটো প্ৰয়োজন। দালিৰ গুণগত মান আৰু উৎপাদন বৃদ্ধিৰ বাবে আইচিএআৰ আৰু আইআইপিআৰ কানপুৰৰ সৈতে ১৫০টা ভাল বীজ কেন্দ্ৰ স্থাপন কৰা হৈছে। তেওঁ কয় যে বহু এফপিঅও এই কামত নিয়োজিত হৈ আছে। মাহজাতীয় শস্যৰ প্ৰাথমিক খেতিৰ বাবে ৬০৮টা এফপিঅআৰু গৌণ বা মধ্যৱৰ্তী খেতিৰ বাবে ১২৩টা এফপিঅপঞ্জীয়ন কৰা হৈছে।

শ্ৰী শ্বাহে কয় যে ইয়াৰ লগতে আমি ইথানলৰ উৎপাদনো বৃদ্ধি কৰিব লাগিব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীয়ে পেট্ৰলৰ সৈতে ২০ শতাংশ ইথানল মিহলোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু ২০ শতাংশ ইথানল মিহলাবলৈ হ'লে আমি ইয়াৰ বাবে কেইবালাখ টন ইথানল উৎপাদন কৰিব লাগিব। তেওঁ কয় যে নাফেড আৰু এনচিচিএফে এই পদ্ধতিতে অনাগত দিনত মাকৈৰ পঞ্জীয়ন আৰম্ভ কৰিব, যি কৃষকে মাকৈ সিঁচিব, তেওঁলোকৰ বাবে আমি চিধা ইথানল বনোৱা ফেক্টৰীৰ সৈতে এমএছপিত মাকৈ বিক্ৰী কৰাৰ ব্যৱস্থা কৰি দিম, যাৰ ফলত তেওঁলোকৰ কোনো শোষণ নহ'ব আৰু পইচা পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টলৈ যাব। তেওঁ কয় যে ইয়াৰ ফলত তেওঁলোকৰ খেতি মাকৈ গজোৱা নহয় বৰং পেট্ৰল বনোৱা কূপ হৈ পৰিব। শ্ৰী শ্বাহে কয় যে দেশৰ পেট্ৰলৰ বাবে আমদানিৰ ফৰেইন কাৰেন্সী বচোৱাৰ কাম দেশৰ কৃষকসকলে কৰিব লাগিব। সহযোগিতা মন্ত্ৰীজনে কয় যে তেওঁ দেশৰ কৃষকসকলক আহ্বান জনাব বিচাৰে যে আমি মাহজাতীয় শস্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হ'ব লাগিব আৰু পোষণ অভিযানকো আগবঢ়াই নিব লাগিব।

**********

RK/AKS/AK



(Release ID: 1993899) Visitor Counter : 73