তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ভি.বি.এছ.ৱাই. : ইনছা ছবিৰৰ কাহিনী, সপোনবোৰ যেতিয়া বাস্তৱ হয়

Posted On: 28 DEC 2023 10:43AM by PIB Guwahati

জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ অপূৰ্ব সুন্দৰ উপত্যকাত এগৰাকী যুৱতীয়ে  বাস কৰে।  যিগৰাকী যুৱতী  স্বাধীনতা, স্থিতিস্থাপকতা আৰু পৰিৱৰ্তনৰ প্ৰতীক হৈ পৰিছে। পুলৱামাৰ আৰিগামত এটা সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰা ইনছা ছবিৰ আজি এগৰাকী ব্যৱসায়িকভাবে সফল যুৱতী। তেওঁ এখন  বুটিক চলাই  আহিছে। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ দীন দয়াল অন্ত্যোদয়  যোজনা – ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানৰ বহু হিতাধিকাৰীৰ ভিতৰৰে এগৰাকী,  যিবোৰ আঁচনিয়ে  ইনছাৰ দৰে আন  বহু যুৱতীৰ সপোনক পাখি মেলি উৰাৰ ক্ষমতা প্ৰদান কৰিছে।  

চলিত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সময়ত সংবাদমাধ্যমক দিয়া এক সাক্ষাৎকাৰত ইনছাই কয় যে তেওঁ প্ৰথমে ২০১৭ চনত দীনদয়াল অন্ত্যোদয় যোজনা - ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা মিছনৰ বিষয়ে শুনিছিল আৰু লগে লগে ইয়াৰ বাবে পঞ্জীয়ন কৰিছিল। এই আঁচনিখন ২০১১ চনত গ্ৰামোন্নয়ন মন্ত্ৰালয়ে আৰম্ভ কৰিছিল। আঁচনি খনৰ লক্ষ্য হৈছে গ্ৰাম্য দৰিদ্ৰ লোকসকলৰ বাবে দক্ষ আৰু কাৰ্যকৰী প্ৰতিষ্ঠানগত মঞ্চ গঢ় দিয়া,   বহনক্ষম জীৱিকাৰ  সুবিধা বৃদ্ধি কৰা  আৰু বিত্তীয় সেৱাৰ উন্নত প্ৰৱেশাধিকাৰৰ জৰিয়তে ঘৰুৱা উপাৰ্জন বৃদ্ধি কৰাত মানুহক  সক্ষম কৰি তোলা।

                                                          

ইনছাই তেওঁৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰি কয়  যে তেওঁ  সৰুৰে পৰা কাপোৰত ডিজাইন  কৰাত আগ্ৰহী আছিল। কিন্তু তেওঁৰ  জীৱনত টাৰ্ণিং পইণ্ট আহিছিল তেতিয়া  যেতিয়া তেওঁ  ডি.এ.ৱাই .-এন.আৰ.এল.এম.-ৰ অধীনত স্থানীয় টেইলাৰিং স্কুলত নাম ভৰ্তি কৰিছিল। তেওঁ তেওঁৰ  প্ৰতিভা আৰু আগ্ৰহক ব্যৱসায়িক সুযোগ তথা জীৱিকা অৰ্জনৰ উপায়লৈ ৰূপান্তৰিত কৰিছিল।

প্ৰতিষ্ঠানটোত ডিজাইন পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত ইনছাই অনুভৱ কৰিছিল  যে তেওঁ  তেওঁৰ নিজৰ এখন  বুটিক স্থাপন কৰিব বিচাৰে। তেওঁ পি.এম.ই.জি.পি. উমিদ ঋণ লাভ কৰিছিল আৰু এই প্ৰচেষ্টাতো অন্ত্যোদয় যোজনা - ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা মিছনে  তেওঁক বিত্তীয় সমৰ্থন প্ৰদান কৰি সহায় কৰিছিল। অৱশেষত তেওঁ তেওঁৰ  বুটিক স্থাপন কৰিবলৈ সক্ষম হৈছিল।

কেতিয়াবা, সীমিত সম্পদ আৰু কম সুযোগৰ সৈতেও  সপোনবোৰ  নিশাৰ আকাশত দূৰৱৰ্তী তৰাই তিৰবিৰাই থকাৰ দৰেই উজলিব পাৰে।  ইনছাৰ ক্ষেত্ৰতঅন্ত্যোদয় যোজনা - ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা মিছনে তেওঁক তেওঁৰ সপোন বাস্তৱ কৰি তোলাত  সহায় কৰিছিল। ইনছাই কৈছিল  যে যদি তেওঁ আঁচনিখনৰ অধীনত ৰাজসাহায্যপ্ৰাপ্ত ঋণ লাভ  নকৰিলেহেঁতেন , তেন্তে  তেওঁ হয়তো তেওঁৰ ব্যৱসায় আৰম্ভ কৰিব নোৱাৰিলেহেঁতেন।

ইনছাই যুৱসকলক সহায় কৰা তথা  এক নতুন, উন্নত ভাৰত গঢ়ি তোলাৰ প্ৰচেষ্টাত ব্ৰতী  চৰকাৰৰ ব্যৱসায়িক আঁচনিসমূহক প্ৰশংসা কৰে। তেওঁ লগতে কয় যে আজি কেৱল ধনী লোকসকলেই  সফল হোৱা নাই, দৰিদ্ৰ আৰু গাঁৱত বাস কৰা লোকসকলেও সফল ব্যৱসায় আৰম্ভ কৰিছে।  তেওঁ লগতে কয়  যে তেওঁ  চৰকাৰক  এনে আঁচনি প্ৰৱৰ্তন কৰাৰ  বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে।  এনেবোৰ আঁচনিয়ে তেওঁৰ লগতে আনকো  আৰ্থিকভাৱে স্বতন্ত্ৰ হ'বলৈ সুবিধা কৰি দিছে। আজি ইনছাই কেৱল নিজৰ   বিত্তীয় দিশটোৱেই  পৰিচালনা নকৰে, তেওঁ  লগতে তেওঁৰ  বুটিকত আন মহিলাসকলক নিযুক্তি প্ৰদান কৰিব পাৰিছে। যদিও সৰু তআপিতো বুটিকখনে  বিকাশ আৰু নিৰ্ভৰশীলতাৰ চানেকি স্বৰূপ হৈ পৰিছে।                                                                                                                                             

প্ৰসংগসমূহ –

https://aajeevika.gov.in/

এক্স লিংক –

https://twitter.com/HSVB2047/status/1734913248858866043

 

 

DM



(Release ID: 1992425) Visitor Counter : 70