প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰসিদ্ধ আইনজ্ঞ, অধ্যাপক বেদ প্ৰকাশ নন্দৰ মৃত্যুত শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
02 JAN 2024 10:42AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰসিদ্ধ আইনীজ্ঞ, অধ্যাপক বেদ প্ৰকাশ নন্দৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে অধ্যাপক বেদ প্ৰকাশ নন্দৰ কৰ্মৰাজীয়ে আইনী শিক্ষাৰ প্ৰতি তেওঁৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতীয়মান কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত কৰা ‘পোষ্ট’-ত কয়;
"আইনী ক্ষেত্ৰত অমূল্য অৱদান আগবঢ়োৱা বিশিষ্ট শিক্ষাবিদ অধ্যাপক বেদ প্ৰকাশ নন্দজীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেওঁৰ কামে আইনী শিক্ষাৰ প্ৰতি তেওঁৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতীমান কৰে। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰবাসী ভাৰতীয়সকলৰ এজন বিশিষ্ট সদস্য আছিল আৰু ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ শক্তিশালী সম্পৰ্কৰ প্ৰতি উৎসাহী আছিল। তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। ওম শান্তি।"
*********
DS/ST/KB
(ৰিলিজ আই ডি : 1992310)
অতিথি কক্ষ : 134
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam