যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

মেৰা যুৱ ভাৰত (মাই ভাৰত) পৰ্টেলত ৩৫ লাখৰো অধিক যুৱক-যুৱতীয়ে নাম পঞ্জীয়ন কৰিছে

মেৰা যুৱ ভাৰত মঞ্চ এতিয়া দেশৰ যুৱক-যুৱতীসকলৰ বাবে এক ডাঙৰ প্ৰতিষ্ঠান হৈ পৰিছে: প্ৰধানমন্ত্ৰী

Posted On: 27 DEC 2023 3:34PM by PIB Guwahati

মেৰা যুৱ ভাৰত পৰ্টেলত যুৱক-যুৱতীৰ অংশগ্ৰহণ মনকৰিবলীয়া ধৰণে বৃদ্ধি পাইছে।   সকলৰ ২০২৩ চনৰ ২৬ ডিচেম্বৰলৈকে এতিয়ালৈকে এই পৰ্টেলত  ৩৫ লাখৰো অধিক যুৱক-যুৱতীয়ে নাম  পঞ্জীয়ন  কৰিছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বীৰ বাল দিৱসৰ সময়ত দিয়া ভাষণত যুৱসকলক বৃহৎ সংখ্যাত  নাম পঞ্জীয়ন কৰি মেৰা যুৱ ভাৰত (এমৱাই ভাৰত) পৰ্টেলত যোগদান কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰী মোদীয়ে যুৱক-যুৱতীসকলক  বিকশিত ভাৰতৰ সপোন আৰু সংকল্পৰ সৈতে  সংযুক্ত হৈ  দেশব্যাপী এই বিষয়ত  প্ৰচাৰ চলোৱাৰ বিষয়ে কয় । তেওঁ প্ৰতিগৰাকী  যুৱক-যুৱতীক মাই-ভাৰত পৰ্টেলত নাম পঞ্জীয়ন কৰিবলৈ আমন্ত্ৰণ জনায়। তেওঁ কয়, "এই মঞ্চখন এতিয়া দেশৰ উঠি অহা  কন্যা  আৰু পুত্ৰসকলৰ বাবে এক ডাঙৰ প্ৰতিষ্ঠান হৈ পৰিছে।"

শেহতীয়া আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত ভাৰতীয় খেলুৱৈসকলৰ সফলতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়  যে বেছিভাগ খেলুৱৈ গ্ৰাম্য অঞ্চলৰ মধ্যবিত্ত পৰিয়ালৰ পৰা আহিছে। তেওঁ তেওঁলোকৰ সফলতাৰ কৃতিত্ব খেলো ইণ্ডিয়া অভিযানক দিয়ে,  যিয়ে তেওঁলোকৰ ঘৰৰ ওচৰত উন্নত ক্ৰীড়া আৰু প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰিছে আৰু এক স্বচ্ছ বাছনি প্ৰক্ৰিয়া নিশ্চিত কৰাত সহায় কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া  যুৱসকলৰ কল্যাণক অগ্ৰাধিকাৰ দিয়াৰেই এক সুফল।

সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলে পৰ্টেলত উপলব্ধ বিভিন্ন সুযোগ আদিৰ বাবে মাই ইণ্ডিয়া পৰ্টেল (https://www.mybharat.gov.in/ ) আৰু ছাইনআপত পঞ্জীয়ন কৰিব পাৰে। 

মেৰা যুৱ ভাৰতৰ বিষয়ে (মাই ভাৰত):

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ৩১ অক্টোবৰত নতুন দিল্লীৰ কৰ্তব্য পথত দেশৰ যুৱসকলৰ বাবে 'মেৰা যুৱ ভাৰত(মাই ভাৰত)' মঞ্চ মুকলি কৰিছিল।  ই দেশৰ  যুৱসকলৰ বিকাশ আৰু যুৱ নেতৃত্বৰ উন্নয়নৰ ক্ষেত্ৰত  এক গুৰুত্বপূৰ্ণ, প্ৰযুক্তি-চালিত সহায়ক পদক্ষেপ  হিচাপে বিবেচিত হৈছে।   যাৰ লক্ষ্য হৈছে যুৱসকলক তেওঁলোকৰ আকাংক্ষা পূৰণ কৰাত সহায় কৰা  আৰু এখন উন্নত ভাৰত সৃষ্টিত অৰিহণা যোগোৱাত যুৱসকলৰ সৱলীকৰণ নিশ্চিত কৰা। ই হৈছে 'ফাইজিটাল প্লেটফৰ্ম' (ফিজিকেল + ডিজিটেল) , যাৰ ভিতৰত আছে শাৰীৰিক সক্ৰিয়তা আৰু লগতে ডিজিটেলভাৱে সংযোগ স্থাপন কৰাৰ সুযোগ সৃষ্টি।

************

 

PPG/SK



(Release ID: 1991182) Visitor Counter : 50