গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সহযোগিতা মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি বীৰ বাল দিৱস উপলক্ষে পশ্চিমবংগৰ কলকাতাস্থিত গুৰুদ্বাৰ শ্ৰী বড়ী সংগত চাহিবত আশীৰ্বাদ লয়

গৃহমন্ত্ৰীয়ে কয় যে বীৰ বাল দিৱসত সৎসংগত অংশগ্ৰহণ কৰিবলৈ পোৱাটো তেওঁৰ পৰম সৌভাগ্য

তেওঁলোকৰ শ্বহীদ দিৱসক বীৰ বাল দিৱস হিচাপে ঘোষণা কৰি প্ৰধানমন্ত্ৰী মোদী জীয়ে তেওঁলোকৰ ত্যাগৰ কাহিনী দেশ আৰু বিশ্বৰ চুকে-কোণে বিয়পাই দিছে

ধৰ্ম আৰু সত্য ৰক্ষাৰ বাবে গুৰু গোবিন্দ সিংজীৰ চাহিবজাদেই কম বয়সতে কৰা ত্যাগে অনাগত সময়ত আমাৰ সকলোকে অনুপ্ৰাণিত কৰি থাকিব

বীৰ বালদিৱসত গুৰু গোবিন্দ সিং জীৰ চাৰি চাহিবজাদা আৰু মাতা গুজৰী জীক নমন কৰে শ্ৰী অমিত শ্বাহে

পৰম সাহসেৰে তেওঁলোকে নিষ্ঠুৰ মোগল শাসনৰ বিৰুদ্ধে থিয় দিছিল আৰু ধৰ্মান্তৰিত হ’বলৈ অস্বীকাৰ কৰি শ্বহীদত্ব বাছি লৈছিল

प्रविष्टि तिथि: 26 DEC 2023 4:15PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি বীৰ বাল দিৱস উপলক্ষে পশ্চিমবংগৰ কলকাতাস্থিত গুৰুদ্বাৰ শ্ৰী বড়ী সংগত চাহিবত প্ৰণাম জনাই আশীৰ্বাদ গ্ৰহণ কৰে। এই ঐতিহাসিক গুৰুদ্বাৰ গুৰু নানক দেৱজী আৰু গুৰু টেগ বাহাদুৰ জীৰ সঙ্গতৰ আশীষ ধন্য।

                                                                               

এক্সত এটা পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ‘বীৰ বাল দিৱস’ৰ দিনা ইয়াত সৎসংগ শুনাটো তেওঁৰ বাবে এক বৃহৎ সৌভাগ্যৰ কথা।

                                                                             

তেওঁ কয় যে গুৰু গোবিন্দ সিং জীৰ চাহিবজাদাসকলে কম বয়সতে ধৰ্ম আৰু সত্যৰ ৰক্ষাৰ বাবে কৰা পৰম ত্যাগে আমাক সকলোকে যুগ যুগ ধৰি অনুপ্ৰাণিত কৰি থাকিব। 

                                                                             

এক্স প্লেটফৰ্মত আন এটা পোষ্টত তেওঁ কয় যে কেন্দ্ৰীয় গৃহ তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি বীৰ বাল দিৱস উপলক্ষে গুৰু গোবিন্দ সিং জীৰ চাৰি চাহিবজাদা আৰু মাতা গুজৰী জীক নমন কৰে।

শ্ৰী অমিত শ্বাহে কয় যে চাৰিওটা চাহিবজাদা আৰু মাতা গুজৰীয়ে সাহসেৰে মোগলৰ নিৰ্দয় শাসনৰ সন্মুখীন হৈছিল আৰু ধৰ্ম গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি শ্বহীদ হোৱাৰ পথ বাছি লৈছিল। তেওঁলোকৰ অতুলনীয় সাহসে আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব বুলিও তেওঁ কয়। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চাৰিজন চাহিবজাদাৰ শ্বহীদ দিৱসক বীৰ বাল দিৱস হিচাপে উদযাপন কৰাৰ কথা ঘোষণা কৰি তেওঁলোকৰ বলিদানৰ কাহিনী দেশ আৰু বিশ্বৰ প্ৰতিটো কোণলৈ লৈ গৈছে।

**********

 

RK / RR


(रिलीज़ आईडी: 1990702) आगंतुक पटल : 140
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Bengali-TR , Gujarati , Tamil , Telugu