প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৭৫ সংখ্যক গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক আদৰণি জনাবলৈ প্ৰধানমন্ত্ৰীৰ আগ্ৰহ প্ৰকাশ

Posted On: 22 DEC 2023 11:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৫ সংখ্যক গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক আদৰণি জনাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।

ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে এক্সত কৰা এটা প’ষ্টলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ

“মোৰ প্ৰিয় বন্ধু, ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, আমি ৭৫ সংখ্যক গণৰাজ্য দিৱসত আপোনাক মুখ্য অতিথি হিচাপে আদৰণি জনাবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছোঁ। আমি ভাৰত-ফ্ৰান্সৰ কৌশলগত অংশীদাৰিত্ব আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধৰ সহভাজিত বিশ্বাসক উদযাপন কৰিম। শীঘ্ৰেই!”

*****

DS/TS/SB



(Release ID: 1990365) Visitor Counter : 44