গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে চুৰাট বিমান বন্দৰক আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ হিচাপে ঘোষণা কৰাৰ কেবিনেটৰ সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰিছে
চুৰাট বিমান বন্দৰক আন্তৰ্জাতিক বিমান বন্দৰলৈ উন্নীত কৰিলে বিদেশী পৰ্যটকৰ বাবে দুৱাৰ মুকলি হ'ব আৰু লগতে বৈদেশিক বাণিজ্য বৃদ্ধি হ'ব
পোষ্ট কৰা হৈছে:
16 DEC 2023 12:33PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে চুৰাট বিমান বন্দৰক আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ হিচাপে ঘোষণা কৰাৰ কেবিনেটৰ সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে।
‘এক্স’ৰ এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয়, "চুৰাট কেৱল জিলিকি থকা হীৰাৰ বাবেই নহয়, ইয়াৰ বিবিধ সংস্কৃতি আৰু সমৃদ্ধ ঐতিহ্যৰ বাবেও ভ্ৰমণকাৰীসকলৰ বাবে এক ভাণ্ডাৰ। চুৰাট বিমান বন্দৰক আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰলৈ উন্নীত কৰিলে বিদেশী পৰ্যটকৰ বাবে দুৱাৰ মুকলি হ'ব আৰু বৈদেশিক বাণিজ্যও বৃদ্ধি হ'ব। কেবিনেটে ইয়াক আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ হিচাপে ঘোষণা কৰাৰ সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ প্ৰতি মোৰ আন্তৰিক কৃতজ্ঞতা।"
*************************
RK / AKS / RR/KG
(ৰিলিজ আই ডি : 1987617)
অতিথি কক্ষ : 147