প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিজয় দিৱস উপলক্ষে সাহসী বীৰসকললৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে

ভাৰতে সাহসী নায়কসকলৰ সাহসক অভিবাদন জনাইছে আৰু তেওঁলোকৰ অদম্য আবেগক শ্ৰদ্ধাৰে স্মৰণ কৰিছে: প্ৰধানমন্ত্ৰী

Posted On: 16 DEC 2023 9:43AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘বিজয় দিৱস’ উপলক্ষে ১৯৭১ চনৰ যুদ্ধত কৰ্তব্যনিষ্ঠাৰে ভাৰতৰ প্ৰতি সেৱা আগবঢ়োৱা সাহসী বীৰসকললৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত কৰা পোষ্ট কয়:

"আজি বিজয় দিৱসত আমি ১৯৭১ চনত ভাৰতৰ প্ৰতি সেৱা আগবঢ়োৱা আৰু এক নিৰ্ণায়ক বিজয় নিশ্চিত কৰা সকলো সাহসী বীৰলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁলোকৰ বীৰত্ব আৰু নিষ্ঠা দেশৰ বাবে অপৰিসীম গৌৰৱৰ উৎস হৈ আহিছে। তেওঁলোকৰ ত্যাগ আৰু অটল মনোভাৱ চিৰকালৰ বাবে জনসাধাৰণৰ হৃদয় আৰু আমাৰ দেশৰ ইতিহাসত অংকিত হৈ থাকিব। ভাৰতে তেওঁলোকৰ সাহসক অভিবাদন জনাইছে আৰু তেওঁলোকৰ অদম্য আবেগক শ্ৰদ্ধাৰে স্মৰণ কৰিছে।"

***

DS/TS/KB



(Release ID: 1987603) Visitor Counter : 38